বঙাইগাঁও, 1 এপ্ৰিল : ৰাজ্যজুৰি আগন্তুক লোকসভা নিৰ্বাচনৰ কুচ-কাৱাজ অব্যাহত আছে ৷ সোমবাৰে বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
বঙাইগাঁও চহৰৰ পালপাৰাস্থিত ৰবীন্দ্ৰ ভৱনত বঙাইগাঁও জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগদান সভাত ভাগ লয় মন্ত্ৰীগৰাকীয়ে ৷ আজি দিনত হেলিকপ্তাৰযোগে বঙাইগাঁও চহৰৰ কলেজ ফিল্ডত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰীগৰাকী।
তাৰ পিচতে মন্ত্ৰীগৰাকীক বাইক ৰেলী কৰি বঙাইগাঁও চহৰত উষ্ম আদৰণি জনায় বঙাইগাঁও জিলা বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে । প্ৰায় ২ শতাধিক বাইক লৈ ৰেলী কৰি মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয় ।
এই যোগদান সভাত প্ৰায় ১০০০ জন লোকে ভিন্ন ভিন্ন দল ত্যাগ কৰি বিজেপিৰ নীতি আদৰ্শ ভাল পাই অনুষ্ঠানিকভাৱে যোগদান কৰে বুলি জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত বঙাইগাঁৱত যোগদান সভা সামৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, অসমত কংগ্ৰেছ দলৰ কোনো অস্তিত্ব নাই ৷ কংগ্ৰেছ অসমত আগৰ পৰাই শূন্য ৷ কংগ্ৰেছৰ অৱস্থা এতিয়া সংকটজনক। ভূপেন বৰা জ’কৰ। তেওঁ কেতিয়াবা কবিতা লিখে কেতিয়াবা বুকু ফালে । কোনে কেতিয়া কংগ্ৰেছ এৰে ঠিক নাই ৷ ভূপেন বৰাই বিজেপিলৈ অহাটো নিশ্চিত ৷