অসম

assam

ETV Bharat / state

সমাগত ৰঙালী বিহু : জাপি নিৰ্মাণত ব্যস্ত নলবাৰীৰ জাপি শিল্পীসকল - Rangali bihu 2024

Rangali Bihu 2024: ৰঙালীৰ প্ৰাকক্ষণত ভীষণ ব্যস্ততা নলবাৰীৰ জাপি শিল্পীসকলৰ মাজত । দিনে নিশাই নলবাৰীৰ কেইবাখনো গাঁৱত জাপি নিৰ্মাণত ব্যস্ত পুৰুষ মহিলা ।

Japi artists
ভীষণ ব্যস্ততা নলবাৰীৰ জাপি শিল্পীসকলৰ মাজত

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 4:16 PM IST

ভীষণ ব্যস্ততা নলবাৰীৰ জাপি শিল্পীসকলৰ মাজত

নলবাৰী, ৪ এপ্ৰিল :সমাগত ৰঙৰ উৎসৱ ৰঙালী । ৰাজ্যজুৰি ৰঙালীক আদৰাৰ বাবে তৎ নাইকিয়া হৈছে অসমীয়াৰ । নলবাৰীতো ব্যস্ততা বাঢ়িছে জাপি শিল্পীসকলৰ ।

ৰঙালী বিহুলৈ মাথো কেইটামান দিন বাকী থকাত এতিয়া দিনে-নিশাই জাপি নিৰ্মাণত ব্যস্ত হৈ পৰিছে জিলাখনৰ তিলানা, মুগকুছি, সুতাৰকুছি, বালিলেছাৰ জাপি শিল্পীসকল । বিহু মঞ্চ শুৱনি কৰিবলৈ অসমীয়াৰ কৃষ্টি ফুলাম জাপিকে আদি কৰি হালোৱা জাপি , সৰুদৈয়া জাপি আদি নিৰ্মাণত দিনে নিশাই শিল্পীসকলৰ মাজত এতিয়া ব্যস্ততা ।

নিতৌ হাজাৰ হাজাৰ জাপি নিৰ্মাণ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু মঞ্চৰ অৰ্ডাৰ হাতত লৈ নলবাৰীৰ মুগকুছি, সূতাৰকুছি, তিলানা, বালিলেছাৰ ৰাইজৰ সীমাহীন ব্যস্ততা । তেওঁলোকে নিৰ্মাণ কৰা জাপি গোটেই অসমৰ লগতে বিদেশলৈও প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ৷ তেওঁলোকে ফুলাম জাপিৰ আগতীয়া অৰ্ডাৰ লোৱাৰ সমান্তৰালকে হালোৱা জাপিৰো নিৰ্মাণ কৰি আছে ৷

পিচে কেৱল মাত্ৰ জাপি শিল্পকে জীৱনৰ ব্ৰত হিচাপে লোৱা এইসকল শিল্পীসকল যেন আজি হতাশ । অশেষ কষ্ট কৰি নিৰ্মাণ কৰা জাপিসমূহে প্ৰকৃত বজাৰ মূল্য নোপোৱাত ক্ষোভিত শিল্পীসকল । অসমীয়াৰ স্বাভিমান কৃষ্টি ৰক্ষা কৰি আমাৰ জাতীয় জীৱন চহকী কৰা এইসকল শিল্পীয়ে লাভ নকৰে চৰকাৰী কোনো সাহাৰ্য ।

কেমেৰাৰ সন্মুখত এজন শিল্পীয়ে উজাৰিলে মনৰ ক্ষোভ । যাৰ বাবে সাতামপুৰুষীয়া এই কৃষ্টি উৎপাদনত যেন থমকি ৰোৱাৰ কথাও সদৰী কৰে শিল্পীজনে । তেওঁ কয়, "বেংকত আমাক লোন নিদিয়ে । আমাক এক লাখ টকাৰ লোন দিব লাগিলে বেংক মৰি যায় ! কত’ কিমানক কোটি কোটি টকা লোন দি থৈছে বেংকে ! কষ্ট কৰাবোৰে চৰকাৰী সাহাৰ্য একো নাপায় । যিবিলাকে একো নকৰে তেওঁলোকে পায় । আমাৰ কিমান নিউজ বজাব ! জাপিৰ বাবে অহা সাহাৰ্য আমি নাপাওঁ !"

লগতে পঢ়ক:নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী - PM Modi to visit Assam

ABOUT THE AUTHOR

...view details