অসম

assam

ETV Bharat / state

কালৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে; জি এম চি এইচত চলিত বৰ্ষত ৬ জন ৰোগীৰ মৃত্যু - Japanese Encephalitis - JAPANESE ENCEPHALITIS

Japanese Encephalitis outbreak: বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্রান্তৰ সংখ্যা । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ মৃত্যু এজনৰ । বৰ্তমান চিকিৎসাধীন হৈ আছে ১২ গৰাকী আক্রান্ত ।

JAPANESE ENCEPHALITIS OUTBREAK
JAPANESE ENCEPHALITIS (Representative image)

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 2:18 PM IST

গুৱাহাটী, ১৮ জুলাই: ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্রান্তৰ সংখ্যা । ৰাজ্যৰ প্ৰায় কেইখন জিলাতে এতিয়া বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা । কণ কণ শিশুৰ পৰা জ্যেষ্ঠ জনলৈকে আক্ৰান্ত হৈছে এই ৰোগত । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ ভৰ্তি হোৱা ৰোগীৰ সংখ্যা । বিগত ১ এপ্ৰিলৰ পৰা জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ আজি পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে ২৪ গৰাকী ৰোগী । আনহাতে বৰ্তমান চিকিৎসাধীন হৈ আছে ১২ গৰাকী ৰোগী ।

কালৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে (ETV Bharat Assam)

ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু এজনৰ । বৰ্তমানলৈ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৬ জনলৈ বৃদ্ধি । এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয় যে, জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ নতুনকৈ মৃত্যু হৈছে আৰু এজন ৰোগী । মৃত্যু হোৱা ৰোগীজন মৰিগাঁৱৰ আমচৈৰ মাধুৰ্য মনোৱাৰ, বয়স ১২ বছৰ । আনহাতে, বাকী ভৰ্তি হৈ থকা ৰোগীসকলৰ ভিতৰত দুজনৰ অৱস্থা বৰ্তমানেও সংকটজনক ।

তেওঁ লগতে কয় যে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰালকৈ বৃদ্ধি পাইছে ডেংগী আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা । বিগত ১ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত ডেংগীত আক্রান্ত হৈ বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈছে ১৪ গৰাকী লোক । মৃত্যু হৈছে ১ জনৰ । ঠিক তেনেদৰে মেলেৰিয়াত আক্রান্ত হৈ ভৰ্তি হৈছে ৭৪ জন, মৃত্যু হৈছে ১৪ জনৰ ।

উল্লেখযোগ্য যে বিগত বছৰতকৈ এইবাৰ হ্ৰাস পাইছে জাপানীজ এনকেফেলাইটিছ আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভৰ্তি হোৱা ৰোগীৰ সংখ্যা‌ । তথ্য অনুসৰি ২০২৩ বৰ্ষত GMCH ত ভৰ্তি হৈছিল ৫৪ জন ৰোগী । তাৰ বিপৰীতে ২০২৪ বৰ্ষত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা ২৪ জন ।

মন কৰিবলগীয়া যে ৰাজ্যত প্ৰতিবছৰে এই ৰোগত বহুত লোকৰ মৃত্যু ‌হয় । যোৱা আঠবছৰত এই ৰোগে ৰাজ্যত প্ৰাণ কাঢ়িছে ৬৫৫ গৰাকী ৰোগীৰ । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ ৰাষ্ট্ৰীয় ভেক্টৰজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা আঠ বছৰত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অসমত ৬৫৫ গৰাকীৰ ৰোগীৰ মৃত্যু হৈছে । অৰ্থাৎ প্ৰতি বছৰে গড়ে প্রায় ৮১ জনকৈ ৰোগী মৃত্যু মুখত পৰিছে ।

মন্ত্রণালয়ৰ ৰাষ্ট্ৰীয় ভেক্টৰজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা আঠ বছৰত জাপানী এনকেফেলাইটিছ ৰোগত মৃত্যু হোৱা লোকৰ পৰিসংখ্যা এনেধৰণৰ-

  • ২০১৬ চনত ৯২ জন
  • ২০১৭ চনত ৮৭ জন
  • ২০১৮ চনত ৯৪ জন
  • ২০১৯ চনত ১৬১ জন
  • ২০২০ চনত ৫১ জন
  • ২০২১ চনত ৪০ জন
  • ২০২২ চনত ৯৬ জন
  • ২০২৩ চনত ৩৪ জন
  • ২০২৪ চনৰ (১৭ জুলাই পৰ্যন্ত) ৬ জন

অৰ্থাৎ যোৱা যোৱা আঠ বছৰত জাপানী এনকেফেলাইটিছ ৰোগত মৃত্যু ৬৫৫ গৰাকীৰ ৰোগীৰ মৃত্যু হৈছে ।‌

লগতে পঢ়ক:জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ব্যৱস্থা গ্ৰহণ - Japanese Encephalitis

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু - Japanese encephalitis

ABOUT THE AUTHOR

...view details