অসম

assam

২০২৪ চনতে মহানগৰৰ ১ লাখ ২৫ হাজাৰ পৰিয়ালক পানী খুৱাব মন্ত্ৰী সিংহলে - Guwahati Water Board

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:59 PM IST

Guwahati Water Board : মহানগৰবাসীলৈ সুখবৰ । ২০২৪ চনৰ ভিতৰত গুৱাহাটীৰ ১,২৫,০০০ পৰিয়ালক পানী যোগান ধৰিব গুৱাহাটী জল বোৰ্ডে । জল বোৰ্ডৰ পানী উপলব্ধ এলেকাত পৰ্যায়ক্ৰমে বন্ধ হ'ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা । দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ পানী সংযোগৰ আবেদন মাচুল ৰেহাই দিয়াৰো চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ ৷

Guwahati Water Board
পৰ্যালোচনা বৈঠকত মন্ত্ৰী অশোক সিংহল (X Photo@AshokSinghal)

গুৱাহাটী, ২২ জুলাই : অৱশেষত এই বছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ ১,২৫,০০০ টাৰো অধিক পৰিয়ালক পানী যোগান ধৰিব । অহা ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহত পৰ্যায়ক্ৰমে মহানগৰীৰ ১৫,০০০, ২৭,০০০ আৰু ৩৫,০০০ টা নতুন পৰিয়ালক পানী যোগান ধৰিব পৰা যাব । গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে সোমবাৰে তেওঁৰ জনতা ভৱনস্থিত কার্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে সোমবাৰে গুৱাহাটী জল বোৰ্ডৰ সৈতে এক দীঘলীয়া পৰ্যালোচনাত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ বিস্তৃত খতিয়ান লয় । তাৰ পিচতেই সদৰী কৰে এই কথা । বৈঠকৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰি মন্ত্ৰী সিংহলে কয়, “এই পৰ্যন্ত গুৱাহাটী জল বোৰ্ডে ৪৭,৬৬০ টা পৰিয়াললৈ পানী যোগানৰ বাবে সাজু হৈ উঠিছে । বৰ্তমানলৈকে পানী উপলব্ধ এই অঞ্চলসমূহৰ আবেদনকাৰী ২৪,৬৩১ টা পৰিয়াললৈ পানী যোগান ধৰা হৈছে আৰু বাকীসকলে আবেদন কৰিলেই পানী যোগান ধৰা হ'ব ।”

অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত ক’ত ক’ত দিব জল বোৰ্ডৰ পানী

অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত ১৪,৮৯১ টা পৰিয়ালক পানী যোগান ধৰিব পৰাকৈ জল বোৰ্ডৰ ৰামচা হিল আৰু অমিয়নগৰ জল ভাণ্ডাৰ সাজু হৈ উঠিব । এই পৰ্যায়ত নৱগ্ৰহ পাহাৰ, নিজৰাপাৰ, শিলপুখুৰী, জি এন বি ৰোড, হেদায়েৎপুৰ, ৰামচা হিল, এম জি ৰোড, ৰাজভৱন, নুনমাটি-খাৰঘুলি ৰোড, বৰঠাকুৰ ক্লিনিক, বনকোঁৱৰ নগৰ, এ টি ৰোড, সতী জয়মতী ৰোড, ছাত্ৰীবাৰী বিলপাৰ, টকৌবাৰী, কুমাৰপাৰা, কে আৰ চি ৰোড, আঠগাঁও, বিষ্ণুপুৰ, লতাশিল আদি অঞ্চলত পানী যোগান ধৰিব পৰা যাব । মন্ত্ৰী অশোক সিংহলে জনায় এই তথ্য ।

অক্টোবৰ মাহৰ ভিতৰত ক’ত ক’ত দিব পানী

আনহাতে, আগন্তুক অক্টোবৰ মাহত জল বোৰ্ডৰ লিচুবাগান, গীতানগৰ আৰু উত্তৰ গুৱাহাটী জল ভাণ্ডাৰৰ জৰিয়তে নয়নপুৰ এলেকা, ডাউনটাউন এলেকা, দ্বাৰকা নগৰ, চচল এলেকা, জোনাকী পাথ, ৰূপকোঁৱৰ পথ, ইন্দ্ৰপুৰ এলেকা, কৃষ্ণনগৰ এলেকা, জাকিৰ হুছেইন পথ, ভি আই পি ৰোড, ছয়মাইল, জি এছ ৰোড, গীতামন্দিৰ, বি জি য়াৰ্ড, মঠঘৰীয়া, নাৰেংগী, পাথৰকুঁৱৰী, ৰহতলা গাঁও, ৰংমহল গাঁও, পৰ্বতকাষ, মুলুখাটা গাঁও, মৰিয়াপট্টি, পানীপাৰা, বামুণী গাঁও, আগিয়াথুৰি, উপায়ুক্তৰ কাৰ্যালয় এলেকা, কালী মন্দিৰ এলেকা, আই চি ডি গাঁও, মূৰঘাটা, আমিনগাঁও, মাজগাঁও, ঘোঁৰামাৰা, শিলামাহেখাটি, দৌল গোবিন্দ মন্দিৰ, তিলিং গাঁও, ৰজাদুৱাৰ ফেৰীঘাট, ৰংমহল গাঁও, পৰ্বতকাষ, ভেটামুখ গাঁও, গৌৰীপুৰ, ব্ৰহ্মপুত্ৰ ঔদ্যোগিক উদ্যান, ৰুদ্ৰেশ্বৰ, অভয়পুৰ গাঁও আদি অঞ্চলৰ ২৭,৫৫২ টা পৰিয়ালক পানী যোগান ধৰিব পৰা যাব ।

নৱেম্বৰ মাহৰ ভিতৰত ক'ত ক’ত দিব পানী

একেদৰে অহা নৱেম্বৰ মাহৰ ভিতৰত মহানগৰীৰ ৰূপনগৰ, শ্ৰীমন্তপুৰ, চিলাৰায় নগৰ, আনন্দনগৰ, জি এছ ৰোড উপপথসমূহ, জি এম চি এইচ হোষ্টেল ৰোডৰ উপপথসমূহ, জটীয়া, লাষ্টগে'ট, বিৰুবাৰী, শংকৰপুৰ, পাৰৰতলি, বিৰুবাৰী পাহাৰীয়া অঞ্চল, লালগণেশ, গণপতি নগৰ, ওদালবাক্ৰা, বৰ্ষাপাৰা, লখৰা, বালাজী মন্দিৰ, ডি টি অ’ অফিচ, ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটী, ধীৰেণপাৰা, গড়চুক, কালাপাহাৰ, ফটাশিল আমবাৰী, লালগণেশ, দক্ষিণগাঁও, লখিমীনগৰ, ভগদত্তপুৰ, জোনাকনগৰ, জ্যোতিকুছি, হাতীগাঁও, ভেটাপাৰা, সৰুসজাই আদি অঞ্চলৰ ৩৫,০১৭ টা পৰিয়ালক নৰকাসুৰ আৰু সোণাইঘূলি জল ভাণ্ডাৰৰ জৰিয়তে খোৱাপানী যোগান ধৰিব পৰাকৈ গুৱাহাটী জল বোৰ্ড সাজু হৈ উঠিব বুলি মন্ত্ৰী সিংহলে জানিবলৈ দিয়ে ।

পৰ্যায়ক্ৰমে বন্ধ কৰা হ'ব গুৱাহাটী পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

মন্ত্ৰী সিংহলে লগতে কয় যে গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত গুৱাহাটী জল বোৰ্ডৰ অধীনত ঘৰুৱা যোগানৰ বাবে খোৱাপানী উপলব্ধ হৈছে, সেইসমূহ এলেকাত বর্তমানে চলি থকা গুৱাহাটী পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা পৰ্যায়ক্ৰমে বন্ধ কৰা হ'ব । পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা আওপুৰণি হৈ পৰাৰ লগতে সঘনাই বিকল হৈ পৰাৰ ফলত পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱাপানী লাভৰ ক্ষেত্রত জনসাধাৰণে ভোগ কৰি অহা অসুবিধাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি তেওঁ সদৰী কৰে ।

ৰাস্তা এটা বাৰে বাৰে খান্দিবলগীয়া যাতে নহয়

পানী যোগানৰ বাবে পাইপ পুতিবৰ বাবে সাধাৰণতে বাৰে বাৰে গুৱাহাটীৰ ৰাস্তাবোৰ খন্দা হয় যদিও মেৰামতি কৰা নহয় । এই প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অশোক সিংহলে মহানৰীৰ ৰাইজলৈ জনায় এক আহ্বান ৷ জল বোৰ্ডৰ খোৱাপানী উপলব্ধ অঞ্চলসমূহত এতিয়াও বহু লোকে খোৱাপানীৰ ঘৰুৱা সংযোগৰ বাবে আবেদন নকৰাৰ প্ৰসংগ উত্থাপন কৰি এই সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ সংশ্লিষ্ট এলেকাসমূহৰ ৰাইজৰ প্রতি আহ্বান জনায় । ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পানী যোগানৰ সংযোগৰ আবেদন মাচুল কিস্তিত প্ৰদান কৰাৰো সুবিধা আগবঢ়াব চৰকাৰে । লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে এই মাচুল কিছু পৰিমাণে ৰেহাই দিয়াৰো চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

আনহাতে, পানী যোগানৰ ঘৰুৱা সংযোগ প্ৰদানৰ বাবে যাতে পথ এটা বাৰে বাৰে খান্দি থাকিবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰাৰ স্বাৰ্থত এটা পথ তথা এটা এলেকাৰ ৰাইজক একগোট হৈ একেবাৰতে আবেদনৰ বাবে আগবাঢ়ি আহিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ : জনালে অসমৰ বান পৰিস্থিতিৰ কথা - Himanta Biswa Sarma
লগতে পঢ়ক :নিচামুক্তি কেন্দ্ৰ এটা কাৰাগাৰ নহয়, আহি আছে এছ অ’ পি : পীযুষ হাজৰীকা - Rehabilitation center

ABOUT THE AUTHOR

...view details