বিশ্বনাথ:বিহালী সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বিপাঙত পৰিছে কংগ্ৰেছ দল । এফালে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে মাৰাথন প্ৰচাৰ চলাই আছে । আনফালে, বিৰোধী অসম সন্মিলিত মঞ্চৰ মিত্ৰদলসমূহৰ মাজত দেখা গৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক টনা-আজোৰা ।
এফালে, চি পি আই এম এল দলে আসন এৰি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছে, আনফালে একাংশ কংগ্ৰেছ কৰ্মীয়ে সমষ্টিটো আন দলক নিদি নিজা প্ৰাৰ্থী প্ৰদান কৰিবলৈ দাবী কৰিছে । শেহতীয়াকৈ কংগ্ৰেছ দলে সদ্যবিজেপিত্যাগী নেতা জয়ন্ত বৰাক টিকট প্ৰদান কৰাৰ চৰ্চা চলাৰ লগে লগে বিশ্বনাথ জিলা কংগ্ৰেছত দেখা গৈছে তীব্ৰ বিসম্বাদ ।
জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই জয়ন্ত বৰাক টিকট প্ৰদান কৰিলে মুণ্ডন প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়াৰ বিপৰীতে বিহালী সমষ্টিৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে জয়ন্ত বৰাক মুকলি সমৰ্থন আগবঢ়াই জিলা কংগ্ৰেছৰ সভাপতিগৰাকীক ভৱিষ্যতে বিহালীত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ।