অসম

assam

ETV Bharat / state

সন্তান বিক্ৰী কৰা নাছিল মাকে; আমি তুলি লৈছিলোঁ শিশুটি...চিলাপথাৰৰ শিশু বিক্ৰীকাণ্ডৰ আঁৰৰ কাহিনী - SILAPATHAR BABY SALE INCIDENT

সঁচাকৈয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত শিশু বিক্ৰী হৈছিল নে ? চিকিৎসক চন্দ্ৰজিৎ দলে শিশু বিক্ৰীত জড়িত হয় নে ? অভিযুক্ত দম্পতীয়ে দিলে স্পষ্টীকৰণ...

Silapathar baby sale incident
নিঃসন্তান দম্পতিটোৰ স্পষ্টীকৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 12:42 PM IST

জোনাই: ‘‘বিয়া হোৱা 12/13 বছৰ হ’ল ৷ আমাৰ ল’ৰা-ছোৱালী নাই ৷ সেয়ে আমি অনাথ আশ্ৰমৰ সৈতেও যোগাযোগ কৰিছিলো ৷ এতিয়ালৈকে 4 বাৰ মানেই অনাথ আশ্ৰমত সন্তান বিচাৰি নাম ৰেজিষ্টাৰ (পঞ্জীয়ন) কৰিলোঁ ৷ একো খবৰ পোৱা নাই ৷’’ এটা নিঃসন্তান দম্পতীৰ ভাষ্য ৷

উল্লেখ্য যে কেইদিনমান পূৰ্বে নৱজাতক বিক্ৰীৰ অভিযোগত নাম সাঙোৰ খাইছিল ডিব্ৰগড়ৰ চিকিৎসক চন্দ্ৰজিৎ দলেৰ ৷ তাৰ পাচতেই এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ এই সন্দৰ্ভত যিটো দম্পতীৰ নাম উল্লেখ হৈছিল তেওঁলোকে সদৰী কৰিছে কেতবোৰ তথ্য ৷

নিঃসন্তান দম্পতিটোৰ স্পষ্টীকৰণ (ETV Bharat Assam)

তেওঁলোকে কয়, ‘‘সেইদিনা ধেমাজিলৈ যাওঁতে আমি এই শিশুটিৰ কথা গম পালো ৷ তেতিয়া কথা পাতোঁতে শিশুটিক মাকে মোৰ হাতত তুলি দিলে ৷ মই তেওঁক কথা দিলো শিশুটিক ভালদৰে পঢ়াম, ভাল স্কুলত দিম আৰু আপুনি ইচ্ছা কৰিলে মাজে মাজে আহি কেচুঁৱাটিক চাই যাব পাৰে ৷ এই ঘটনাৰ লগত কোনোধৰণৰ ধনৰ লেনদেন হোৱা নাই ৷ দুয়োটা পৰিয়ালৰ লগতে ডাক্তৰ ছাৰো এই ঘটনাৰ লগত জড়িত নহয় ৷’’

ধেমাজি জিলাৰ চিলাপথাৰৰ এটি নৱজাতক ক্ৰয়-বিক্ৰয় ঘটনাৰ সৈতে সাঙোৰ খোৱা নিঃসন্তান দম্পতীটোৱে ঘটনাটো সন্দৰ্ভত এই স্পষ্টীকৰণ আগবঢ়ায় । পলাতক অৱস্থাত থকা অভিযুক্ত দম্পতীয়ে বৃহস্পতিবাৰে এক গোপন স্থানৰ পৰা সংবাদ মাধ্যমলৈ এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰা স্পষ্টীকৰণত কেতবোৰ মন্তব্য আগবঢ়ায় ৷

লগতে দম্পতীটোৱে কয় যে এজন ভাল শিশু ডাক্তৰ বুলি জানিহে তেওঁলোকে ডাঃ চন্দ্ৰজিৎ দলেৰ কাষলৈ গৈছিল ৷ কিন্তু সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে ডাঃ দলেৰ ঘৰত নৱজাতক উদ্ধাৰ হৈছে আৰু নৱজাতক ক্ৰয়-বিক্ৰয়ত ডাঃ চন্দ্ৰজিৎ দলেৰ লগতে কেবাজনো লোক জড়িত আছে বুলি ৷ এয়া সকলো মিছা কথা বুলি দম্পতীটোৱে কয় ৷

জানিব পৰা মতে, ইতিমধ্যে এই ঘটনা সন্দৰ্ভত কেবাজনো ব্যক্তিৰ ওপৰত তৰা হৈছে গোচৰ ৷ সেয়ে ভুক্তভোগী নিঃসন্তান দম্পতীটোৱে সাংবাদিক আৰু ৰাইজৰ ওচৰত ক্ষমা খোজাৰ উপৰিও এই ঘটনাটো দুয়োটা পৰিয়ালৰ বুজাবুজি মাজেৰে হৈছে লগতে ঘটনাৰ সৈতে ডাঃ চন্দ্ৰজিৎ দলে আৰু তেখেতৰ পৰিয়াল বা অন্য কোনো ব্যক্তি জড়িত নহয় বুলি স্পষ্টীকৰণ দিয়ে ৷

লগতে পঢ়ক :শিশু বিক্ৰী ঘটনাত জড়িত নেকি একাংশ চিকিৎসক-ভিডিপি কৰ্মী !

ABOUT THE AUTHOR

...view details