অসম

assam

তেজপুৰত ভাৰতীয় সেনাৰ চীনৰ বিষয়ে আলোচনা চক্ৰ 'গজৰাজ মন্থন' - Indian Armys seminar

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 10:57 PM IST

Indian Army's seminar: গজৰাজ কৰ্পছৰ উদ্যোগত তেজপুৰত ভাৰতীয় সেনাৰ চীনৰ বিষয়ে আলোচনা চক্ৰ 'গজৰাজ মন্থন' । অহা ২৩ আৰু ২৪ আগষ্টত, সেনা বাহিনীৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট বক্তাসকলে চীনৰ সৈতে জড়িত প্ৰাসংগিক কৌশলগত আৰু কাৰ্যকৰী বিষয়সমূহৰ ওপৰত দুদিনীয়া আলোচনা আয়োজন কৰিছে ।

Indian Army's seminar on China in Tezpur 'Gajraj Manthan'
ভাৰতীয় সেনাৰ চীনৰ বিষয়ে আলোচনা চক্ৰ 'গজৰাজ মন্থন' (ETV Bharat Assam)

তেজপুৰ,২১ আগষ্ট:ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছত অহা ২৩ আৰু ২৪ আগষ্টত, সেনা বাহিনীৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট বক্তাসকলে চীনৰ সৈতে জড়িত প্ৰাসংগিক কৌশলগত আৰু কাৰ্যকৰী বিষয়সমূহৰ ওপৰত দুদিনীয়া আলোচনাচক্ৰৰ আয়োজন কৰিছে । এই সন্দৰ্ভত তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ অতুল শ্ৰীধৰণে জনায় যে আলোচনা চক্ৰখন দুদিনত বিস্তৃত পাঁচটা বিষয়ত অধিবেশনত অনুষ্ঠিত হ’ব আৰু প্ৰথম তিনিখন অধিবেশন প্ৰথম দিনটোত আৰু বাকী দুখন অধিবেশন দ্বিতীয় দিনত অৰ্থাৎ ২৪ আগষ্টত অনুষ্ঠিত কৰা হ’ব ।

এই আলোচনাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰায় ২৫০ জনৰো অধিক বিষয়াই অফলাইন মোডত আৰু অনুৰূপ সংখ্যক অনলাইন মোডত অংশগ্ৰহণ কৰিব । অহা ২৩ আৰু ২৪ আগষ্টত তেজপুৰৰ এলবাৰ্ট এক্কা অডিটৰিয়ামত অনুষ্ঠিত হ’বলগীয়া "চীনৰ দৃষ্টিভংগী: ভৱিষ্যত আৰু বৰ্তমান" বিষয়ত শতাধিক সেনা বাহিনীৰ বিষয়াই অংশগ্ৰহণ কৰিব । প্ৰথমদিনা তিনিখন বিশেষ অধিবেশন আৰু দ্বিতীয় দিনা দুখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ।

প্ৰতিৰক্ষা মুখপাত্ৰ শ্ৰীধৰণে জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন ধৰণৰ উন্নয়ন সাধন আৰু চীনে সমান্তৰালভাৱে কেনেধৰণৰ কাম কৰি আছে অভিজ্ঞ সেনা বাহিনীৰ বিষয়াসকলে এই বিষয়ে আলোচনা আগবঢ়াব । এনেধৰণৰ আলোচনাৰ বাবেই সেনাৰ প্ৰাক্তন বিষয়া আৰু উচ্চতৰ পৰ্যায়ত আয়োজন কৰা হৈছে সেনা বাহিনীৰ তৰফৰ পৰা । বিভিন্ন স্তৰত চীনৰ দৃষ্টিভংগী আৰু ভৱিষ্যত নীতি সম্পৰ্কে অধ্যয়ন চলি আহিছে । কিন্ত সীমান্তত সেনাৰ তৰফৰ পৰা কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয় সেই বিষয়ে আলোচনা কৰিব ।

শেহতীয়াকৈ "জিঅ' ৰাজনৈতিক পৰিস্থিতিত ড্ৰেগনৰ আত্মবিশ্বাসী আচৰণৰ চীনা বৈশিষ্ট্যৰ মূল্যায়নৰ সৈতে দক্ষতা", বিষয়ৰ লগতে প্ৰায় বহুকেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা হৈছে এই আলোচনাৰ মাধ্যমেৰে ।

লগতে পঢ়ক:আলফা এতিয়াও অসমত প্ৰভাৱশালী, ম্যানমাৰৰ শিৱিৰত এতিয়াও আছে ৪০০ ল’ৰা : মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি - ULFA I Bomb Plant

ABOUT THE AUTHOR

...view details