অসম

assam

ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই - Assam flood 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 1:48 PM IST

RESCUE BY IAF : ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ পৰা মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই ৷ 12 জনকৈ মাছমৰীয়া আৱদ্ধ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ চাপৰিত ৷

flood
ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই (ETV Bharat Assam)

মৰাণ, 2 জুলাই: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাতো আহাৰৰ বানে গ্ৰহণ কৰিছে ভয়ংকৰ ৰূপ । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ 12 জনকৈ মাছমৰীয়া ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ পৰিছিল । ব্ৰহ্মপুত্ৰৰ পানী হঠাৎ বৃদ্ধি পোৱাত ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হ'বলগীয়া হৈছিল মাছমৰীয়াসকল ।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচত সোমবাৰৰ দিনটো পৰ্যন্ত মাছমৰীয়াসকলক উদ্ধাৰ কৰিবৰ বাবে SDRF য়ে চেষ্টা চলাইছিল যদিও ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ বাবে সেয়া সম্ভৱপৰ হৈ উঠা নাছিল ৷ উদ্ধাৰ কাৰ্যত সফল হ'ব পৰা নাছিল SDRF বাহিনী ।

ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই (ETV Bharat Assam)

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ডিব্ৰুগড় জিলাৰ আয়ুক্তগৰাকীয়ে মাছমৰীয়াকেইজনক উদ্ধাৰৰৰ বাবে সেনা বাহিনীৰ সহায় লয় আৰু মঙলবাৰে হেলিকপ্টাৰেৰে বায়ুসেনাই অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৱদ্ধ হৈ থকা 12 জনকৈ মাছমৰীয়াক । তিনিদিনে ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ হৈ থকা মাছমৰীয়াসকলক অৱশেষত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বায়ু সেনাই ।

ব্ৰহ্মপুত্ৰৰ চাপৰিত আৱদ্ধ মাছমৰীয়াক জীৱন্তে উদ্ধাৰ কৰিলে বায়ু সেনাই (ETV Bharat Assam)

দলটোক উদ্ধাৰ কৰি মোহনবাৰী বায়ু সেনাৰ শিবিৰলৈ লৈ যায় বায়ু সেনাই । ডিব্ৰুগড়ৰ চাৰখুলীয়া চাপৰি আৰু হাতীয়ালী চাপৰিৰ পৰা ব্যক্তিকেইজনক উদ্ধাৰ কৰি লগে লগে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । মাছমৰীয়াসকল বৰ্তমান সুৰক্ষিত বুলি জানিবলৈ দিছে জিলা আয়ুক্তগৰাকীয়ে ।

মাছমৰীয়াকেইজন ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰৰ অধীনৰ বিনৈগুটিয়া গাঁৱৰ ৰঞ্জিত দাস, চেনিৰাম দাস, বুবু দাস, দেৱ দাস, ৰাজু নন্দ দাস, আৰু লখিন্দৰ হালুৱা আৰু ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰৰ অধীনৰ অমৰাগুৰি গাঁওৰ আলো নামাসুদ্ৰ, চেৰা তামুলী, মইনা দাস, বুকন দাস, স্বপন নামাসুদ্ৰ আৰু পাপাই নামাসুদ্ৰ বুলি জানিবলৈ দিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক:আজি বোকাখাতৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - CM Himanta Biswa sarma in Bokakhat

প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

বানত জুৰুলা ৰাজ্যবাসী ; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ - Assam Flood 2024

ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details