অসম

assam

ETV Bharat / state

পুৱাৰ পৰাই যোৰহাটত আয়কৰ বিভাগ নামিল অভিযানত - IT raid in Jorhat

IT Raid: যোৰহাটৰ প্ৰতিষ্ঠিত ঠিকাদাৰৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান ৷ কৰ ফাকিৰ অভিযোগত বৃপস্পতিবাৰৰ পুৱাৰে পৰা আয়কৰ বিভাগে চলাইছে অভিযান ৷ নিশা পৰ্যন্ত অভিযান চলাৰ সম্ভাৱনা ৷

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:33 PM IST

Income Tax Department raid
IT raid in Jorhat (ETV Bharat Assam)

যোৰহাট, 30 মে’:আয়কৰ বিভাগৰ অভিযান বুলি ক’লেই আজিকালি মানুহৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্ভৱ হয় ৷ আয়কৰ বিভাগৰ অভিযানক লৈ ৰজনৈতিক ক্ষেত্ৰখনত বহু আক্ৰমণ-প্ৰত্যাক্ৰমণো চলি আহিছে ৷ চৰকাৰে আয়কৰ বিভাগক নিজৰ খেয়াল খুচি মতে ব্যৱহাৰ কৰি চৰকাৰৰ বিৰোধিতা কৰা সকলৰ মুখ বন্ধ কৰিব বিচাৰে বুলিও বহুতেই অভিযোগ তুলি আহিছে ৷ এনেবোৰ অভিযোগ প্ৰতিঅভিযোগ সদায় চলিয়েই থাকিব ৷ এইবোৰৰ মাজতে যোৰহাটৰ এটা কাৰ্যালয়ত আজি পুৱাই আয়কৰ বিভাগে আৰম্ভ কৰিলে অভিযান ৷

যোৰহাটৰ গড়আলি আৰু PWD পইন্টত থকা বি এল আগৰৱালা নামৰ প্ৰতিষ্ঠিত ঠিকাদাৰজনৰ কাৰ্যালয়ত পুৱাৰ ভাগতেই আয়কৰ বিভাগৰ দলে নিয়মমাফিক অভিযান চলোৱা বুলি চৰ্চা চলিছিল ৷ অৱশ্যে এয়া নিয়মমাফিক অভিযান নহয় বুলি একাংশই ক'ব বিচাৰে । বৃহৎ কৰ ফাকিৰ অভিযোগতেই আয়কৰ বিভাগৰ দলে ঠিকাদাৰজনৰ কাৰ্যালয়ত তালাচী চলাই বিভিন্ন নথি-পত্ৰ আৰু কম্পিউটাৰ সমূহ তন্ন তন্নকৈ পৰীক্ষা কৰে ।

লগতে পঢ়ক:চি ডি এমত জমা নকৰি আত্মসাৎ কোটি কোটি টকা : গুৱাহাটীত জালত পৰিল প্ৰৱন্ধক - Manager arrested in Guwahati

বি এল আগৰৱালা নামৰ প্ৰতিষ্ঠিত ঠিকাদাৰজনৰ বিৰুদ্ধে বিভিন্ন সময় কৰ ফাকি দিয়াৰ গুৰুত্ব অভিযোগ উথাপিত হৈছিল । আনহাতে ঠিকাদাৰজনৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ দলে চলাই থকা অভিযান নিশা পৰ্যন্ত চলিব বুলি বিভাগীয় এক বিশেষ সূত্ৰত প্ৰকাশ ।

তাৎপৰ্যপূৰ্ণ যে আয়কৰ বিভাগ দলে চলোৱা অভিযানৰ বাবে সমীপৱৰ্তী ব্যৱসায়িক প্ৰতিষ্ঠানসমুহ বন্ধ ৰখা হৈছে বুলি অভিযোগ উথাপিত হৈছে ।উল্লেখ্য যে, বিগত সময়ছোৱাত যোৰহাট নগৰত থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ বাসভৱনত আয়কৰ বিভাগে কৰ ফাকি দিয়াৰ অভিযোগত অভিযান চলাইছিল । যোৰহাট নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, ঠিকাদাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে শেহতীয়াভাৱে অভিযান চলাই থকা বিষয়টোৱে শংকিত কৰি তুলিছে আন একাংশক ৷

লগতে পঢ়ক:বেলতলাত পদপথত দোকান দিয়াক লৈ কিয় সংঘৰ্ষ হৈছিল ? - Clash In Beltola

ABOUT THE AUTHOR

...view details