অসম

assam

ETV Bharat / state

শোণিতপুৰত বানত প্ৰাণ গ’ল তিনিজনৰ : বনৰীয়া ম’হৰ আক্ৰমণত চিকিৎসাধীন আন তিনিজন - Assam Flood 2024

Sonitpur Flood updates: শোণিতপুৰত বাঢ়নী পানীত তিনিজন লোকৰ মৃত্যু ৷ ৬৫,০৬১ জন বানৰ কবলত ৷ তেজপুৰত বানৰ সংহাৰৰ মাজতে বনৰীয়া হাতী আৰু ম’হে সৃষ্টি কৰিছে আতংক ৷ বনৰীয়া ম’হৰ আক্ৰমণত তিনিজন গুৰুতৰভাৱে আহত ।

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 6:12 PM IST

Sonitpur Flood updates
ASSAM FLOOD 2024 (ETV Bharat Assam)

তেজপুৰ, ৩ জুলাই: ৰাজ্যৰ আন ঠাইৰ লগতে বানৰ কবলত পৰিছে শোণিতপুৰ জিলাৰো বিস্তীৰ্ণ অঞ্চল । ব্ৰহ্মপুত্ৰ নদীৰ পানী কিছু পৰিমাণে কমিছে যদিও বিপদসীমাৰ ওপৰেৰে বৈ আছে । যোৱা ২৪ ঘণ্টাত বানপানীৰ ফলত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে ৷ জীয়াভৰলী নদীৰ সোঁতত দুলাবাৰীৰ আবচনা বেগম নামৰ এগৰাকী মহিলা উটি যায় ৷ বুঢ়াচাপৰিৰ সিংহবীৰ ছেত্ৰী আৰু তেজপুৰ কলিবাৰীৰ মোলান দাস নামৰ লোক দুজন ব্ৰহ্মপুত্ৰৰ সোঁতত উটি যায় ৷ ইয়াৰে ছেত্ৰীৰ মৃতদেহ নদীৰ পাৰত উদ্ধাৰ হয় আৰু দাসৰ মৃতদেহ উদ্ধাৰ হোৱা নাই ।

শোণিতপুৰত বানত প্ৰাণ গ’ল তিনিজনৰ (ETV Bharat Assam)

ইফালে তেজপুৰৰ কলিবাৰীত বনৰীয়া হাতীয়ে মঙলবাৰৰ দিনটো ত্ৰাস চলোৱাৰ পিচত বুধবাৰে পুৱা বনৰীয়া হাতীকেইটা গাঁৱৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয় যদিও হাতীৰ জাকটোৱে দপৰ্বতীয়া অঞ্চলত প্ৰৱেশ কৰে ৷ আনফালে তেজপুৰৰ কটন ৰোড কুমাৰ গাঁৱত বনৰীয়া ম’হে চলাইছে সন্ত্ৰাস ।বনৰীয়া ম’হৰ আক্ৰমণৰ ফলত মহিলাসহ আহত হয় তিনিগৰাকী ৷ আহত লোক কেইগৰাকী হৈছে - কুমাৰ গাঁৱৰ বিমল দাস(৬০), কটন ৰোডৰ নিভা সৰকাৰ (৫১) আৰু জাহাজঘাটৰ দুখী মাঝি (৫৬) ৷ আটাইকে তেজপুৰ কনকলতা অসমাৰিক চিকিৎসালয়লৈ অনা হৈছে ৷
লগতে পঢ়ক:বিপদৰ সময়ত আমাক মাত এষাৰ দিবলৈও আহৰি নাই স্থানীয় বিধায়কৰ: বন্যাৰ্ত - Assam Flood 2024

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা ম’হটোক লৈ শংকিত হৈ পৰিছে স্থানীয় লোক ৷ বৰ্তমান ম’হটোৱে কুমাৰ গাঁৱৰ এটা হোলাত অৱস্থান কৰিছে ৷
আনহাতে তেজপুৰ দ-পৰ্বতীয়া মইনা চুবুৰীত চাৰিটা বনৰীয়া হাতীয়ে ত্ৰাস চলাই দুজন লোকৰ ঘৰৰ গেট ভাঙি তহিলং কৰে । হাতী পোৱালি আৰু হাতীকেইটা বৰ্তমানেও সেই অঞ্চলতে অৱস্থান কৰি আছে ।

শোণিতপুৰ জিলাৰ ২৬ খন গাঁও বানৰ কবলত পৰিছে । জৰাসৰ নৈৰ পানী কিছু কমিছে যদিও ব্ৰহ্মপুত্ৰৰ লগতে জীয়াভৰলী নৈৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে । ব্ৰহ্মপুত্ৰ, জীয়াভৰলী, জৰাসৰ, বেলশিৰি, ডিপোটা, পাঁচনৈ আৰু ঘগৰা নৈৰ বানত জিলাখনৰ ২৬ খন গাঁও প্লাবিত হৈছে । বৰছলা সমষ্টিৰ ১ নং বচাশিমলু, ২ নং বচাশিমলু, চিতলমাৰীৰ লগতে বৰছলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত ।

লগতে পঢ়ক:জাঁজীৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে টীয়কৰ বনাই নপমুৱাৰ ৰিং বান্ধলৈ - ASSAM FLOOD 2024

অনাহাৰ অনিদ্ৰাত দিন কটাইছে বানাক্ৰান্তই ৷ বহু লোকে ইতিমধ্যে আশ্ৰয় লৈছে মথাউৰিত ৷ বৰ্তমান পৰ্যন্ত সেই অঞ্চলত বানাক্ৰান্তই চৰকাৰী কোনো সুবিধা লাভ নকৰাৰ অভিযোগ ৷ আনহাতে, জিলা প্ৰশাসনে বালিপৰাৰ অমিয় ভৱন আৰু তেজপুৰৰ লুথেৰাণ হাইস্কুলত আশ্ৰয় শিবিৰ স্থাপন কৰিছে ।

জিলাখনত মুঠ ৫ টা ৰাজহ চক্ৰৰ ভিতৰত ৬৫,০৬১ জন লোক বানৰ কবলত পৰিছে ৷ ইয়াৰ ভিতৰত ২৭,৬৩৩ জন পুৰুষ, ২১,৮৭৯ গৰাকী মহিলা আৰু ১৫, ৫৪৯ টি শিশু আছে । জিলাখনত ৬৩৭.১ হেক্টৰ কৃষি ভূমি বানৰ কবলত ক্ষতিগ্ৰস্ত হয় । জিলা প্ৰশাসনে বৰ্তমানলৈকে ১ টা সাহায্য শিবিৰ আৰু ১০ সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে বুলি জানিবলৈ দিয়ে জিলা দুৰ্যোগ প্ৰশমন বিভাগে ।

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ তেজপুৰ গণেশ ঘাটত বিপদসীমা 65.23 ছেঃমিঃ অতিক্ৰম কৰি 66.10 ছেঃমিঃ ওপৰেৰে বৈ আছে ৷ খলিহামাৰিত 73.50 ছেঃমিঃৰ বিপৰীতে 73.22 ছেঃমিঃ, জীয়া ভৰলী নদী বিপদসীমাৰ 78.00 ছেঃমিঃৰ বিপৰীতে 78.87 ছেঃমিঃ ওপৰেৰে বৈছে ।

আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহৰ ভিতৰত শোণিতপুৰ জিলাত বেলশিৰি, গাভৰু নদী, ডিপোতা, পাঁচনৈ নদী, জৰাসৰ নদী আৰু ঘিলাধাৰী নদী বিপদসীমাৰ তলেৰে বৈ আছে যদিও এই নদীসমূহৰ জলস্তৰ বৃদ্ধিৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:এফালে বান-আনফালে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত আহত দুজন - Tiger scare in Nagaon

ABOUT THE AUTHOR

...view details