নগাঁও, ২৬ ছেপ্টেম্বৰ :মাত্ৰ কিছুদিন পূৰ্বে উজনি অসমত কাম কৰি থকা মিঞা মুছলমান শ্ৰমিকক ৩০ টাকৈ জাতীয় সংগঠনে একপ্ৰকাৰ ভাবুকি প্ৰদান কৰাক লৈ সৃষ্টি হোৱা বিতৰ্ক আজিও অব্যাহত আছে । নগাঁৱৰ ধিঙৰ পৰাই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হৈছিল । ধিঙত কিশোৰী ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই উজনি অসমত থকা শ শ মিঞা শ্ৰমিকক উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল বীৰ লাচিত সেনাৰ নেতৃত্বত ৩০ টাকৈ জাতীয় সংগঠনে ।
উজনি অসম ত্যাগ মিঞা শ্ৰমিকৰ
তাৰ পাছতেই উজনি অসম ত্যাগ কৰি মধ্য অসম তথা নামনি অসমৰ নিজা নিজা স্থানলৈ উভতি আহিছিল শ্ৰমিকসকল । এনে পৰিস্থিতিত উজনি অসমত শ্ৰমিকৰ অভাৱ দেখা গৈছে । বিভিন্ন উন্নয়নমূলক কামকাজত শ্ৰমিকৰ অভাৱৰো অভিযোগ উঠিছে । এনে সময়তে উজনি অসমৰ ইটাভাটাৰ মালিকৰ লগতে একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানো বিপাঙত পৰিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে । ইটাভাটাৰ মালিক আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে কেইবাবাৰো সভা-সমিতি অনুষ্ঠিত কৰি শ্ৰমিকসকলক পুনৰ উজনি অসমলৈ লৈ যোৱাৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছিল ।
মিঞা শ্ৰমিকৰ উজনি যাত্ৰাত বাধা দি কি হুংকাৰ দিলে সংখ্যালঘু সংগঠনে (ETV Bharat) মিঞা শ্ৰমিকৰ উজনি অসম যাত্ৰাত বাধা সংখ্যালঘু সংগঠনৰ
সমগ্ৰ ঘটনাক লৈ সৃষ্টি হোৱা বিতৰ্ক কিছু শান্ত হোৱাত মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকসকল পুনৰ উজনি অসমলৈ যোৱাৰ যো-জা চলাই যদিও বাধা হৈ থিয় দিছে বিভিন্ন সংখ্যালঘু সংগঠন । বুধবাৰে নিশা মৰিগাঁও জিলাৰ পৰা উজনি অসমলৈ যাত্ৰা কৰা শ্ৰমিকৰ এটা দলক বাধা প্ৰদান কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে । মৰিগাঁৱৰ পৰা এখন বাছত যাত্ৰা কৰা শ্ৰমিকৰ দলটোক নগাঁৱৰ ধিং গেইটত বাধা প্ৰদান কৰে সংখ্যালঘু সংগঠনটোৱে । অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা আবু বক্কৰ ছিদ্দিকৰ নেতৃত্বত সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে বাছখন ৰখাই শ্ৰমিকসকলক উজনি অসমলৈ যোৱাত বাধা প্ৰদান কৰে ।
উজনি অসমৰ ৩০ টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকক অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰি শ্ৰমিকসকলক সন্মানসহকাৰে লৈ নগ'লে মধ্য অসম তথা নামনি অসমৰ কোনো শ্ৰমিকক উজনি অসমলৈ যাব নিদিয়াৰো হুংকাৰ প্ৰদান কৰে সংখ্যালঘু সংগঠনটোৱে । কেৱল এয়াই নহয়, মধ্য অসম তথা নামনি অসমৰ শ্ৰমিকসকল উজনি অসমলৈ গ'লে মিঞা শ্ৰমিকসকলৰ নিৰাপত্তাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব বুলিও দাবী উত্থাপন কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে ।
ইফালে বুধবাৰে উজনি অসমলৈ যাত্ৰা কৰা বাছখনত একাধিক শিশু শ্ৰমিক থকাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । উজনি অসমলৈ যাব বিচৰা শ্ৰমিকৰ দলটোক সংখ্যালঘু সংগ্ৰাম পৰিষদে বাধা প্ৰদান কৰাৰ পিছতে পুনৰ উজনি অসম আৰু মিঞা মুছলমান বিতৰ্কই বিশেষ চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক :দুলাল বৰাক কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক আহ্বান শৃংখল চলিহাৰ - Debajit Hazarika Suicide Case