অসম

assam

২৮ বিদেশী নাগৰিকক গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ - Foreigners sent to detention camp

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 9:50 PM IST

Foreigners sent to detention camp: ২৮ গৰাকী বিদেশী নাগৰিকক ডিটেনচন কেম্পলৈ প্ৰেৰণ । বৰপেটাৰ বিদেশী ন্যায়াধীকৰণৰ আদালতে কেইবাদিন পূৰ্বে এই লোকসকলক বিদেশী নাগৰিক হিচাপে ঘোষণা কৰিছিল । জিলাখনৰ বিভিন্ন থানা এলেকাত বিদেশী ঘোষিত এই লোকসকলে বসবাস কৰি আহিছিল ।

Foreigners sent to detention camp
বৰপেটাত ২৮ গৰাকী বিদেশী নাগৰিকক ডিটেনশন কেম্পলৈ প্ৰেৰণ (Etv Bharat Assam)

বৰপেটা,২ ছেপ্টেম্বৰ:বৰপেটাৰ পৰা আজি অৰ্থাৎ সোমবাৰে বিয়লি অবৈধ ভাৰতীয় পুৰুষ-মহিলাসহ ২৮ গৰাকী ব্যক্তিক গোৱালপাৰাৰ ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰা হয় ।‌ ইয়াৰে ৯ গৰাকী মহিলা আৰু ১৯ জন হ'ল পুৰুষ । উল্লেখ্য যে, বৰপেটাৰ বিদেশী ন্যায়াধিকৰণে এইসকল লোকক অবৈধ বিদেশী বুলি যোৱা কিছুদিনৰ ভিতৰত ঘোষণা কৰিছিল । বৰপেটা জিলাৰ বিভিন্ন থানাৰ অধীনৰ অঞ্চলত এইসকল লোকে বাস কৰি আছিল । আজি সকলোকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সমবেত কৰোৱা হয় ।‌

বৰপেটাত ২৮ গৰাকী বিদেশী নাগৰিকক ডিটেনশন কেম্পলৈ প্ৰেৰণ (ETV Bharat Assam)

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰাই নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰক্ষীৰ এখন বাছেৰে এই লোকসকলক গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় । ইয়াকে লৈ সংশ্লিষ্ট লোকসকলৰ আত্মীয় বুলি দাবী কৰা যথেষ্টসংখ্যক লোক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হয় । তেনে এগৰাকী ব্যক্তি তথা জিলাখনৰ বৰবাৰাদিৰ বাসিন্দা কুশান শিকদাৰে কয় যে তেওঁৰ সম্পৰ্কীয় ভাতৃ কেৰামৎ আলীক আজি গোৱালপাৰাৰ শিবিৰলৈ প্ৰেৰণ কৰা হয় ।‌

শিকদাৰে দাবী কৰে যে কেৰামৎ আলীৰ প্ৰকৃত ঘৰ হ'ল বৰপেটা জিলাৰে গুমাত । দুবাৰকৈ নদীৰ খহনীয়াত পৰি তেওঁ অন্য স্থানত বসতি কৰি আছিল । তেওঁকেই সন্দেহযুক্ত নাগৰিকৰ জাননী দিয়াৰ পাছত অৱশেষত অবৈধ বিদেশী বুলি ঘোষণা কৰা হয় । তেনেদৰে আন কেবাজনো লোকে তেওঁলোকৰ আত্মী‌য়ক মিছাতে অবৈধ নাগৰিক সজোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ।

বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰাই জনাই যে বৰপেটাৰ বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী বুলি যোৱা কিছুদিনৰ ভিতৰত ঘোষণা কৰিছিল ২৮ জন লোকক । বৰপেটাৰ সীমান্ত শাখাৰ আৰক্ষীয়ে এই লোকসকলক আটক কৰে আৰু আজি গোৱালপাৰৰ ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰা হয় ।‌ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি যোৱা মাহতো ২২ গৰাকী অবৈধ বিদেশীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক:ডিটেনশ্যন কেম্পৰ পৰা হিন্দু বাংলাদেশীক মুকলি কৰি দিব লাগে: প্ৰবীণ ভাই টোগাড়ীয়া - Pravin Togadia

ABOUT THE AUTHOR

...view details