গুৱাহাটী: যেন বহু বছৰ পলমকৈ আহিল খবৰটো ! নাহিলে নহয় বাবেই যেন আহিলে খবৰটো ! সুদীৰ্ঘ ৪৭ বছৰীয়া কাব্যিক পৰিক্ৰমাৰ পিছত অৱশেষত বুধবাৰে আহিল অসমৰ সাহিত্যপ্ৰেমী ৰাইজে বহু বছৰ ধৰি প্ৰত্যাশা কৰি থকা সেই খবৰটো । অসমৰ বিশিষ্ট কবি সমীৰ তাঁতীলৈ সাহিত্য অকাদেমি বঁটা ঘোষণা । 'ফৰিংবোৰে বাটৰ কথা জানে' কাব্যগ্ৰন্থৰ বাবে কবিলৈ সাহিত্য অকাদেমি বঁটা ।
সামাজিক মাধ্যম উপচি পৰিল শুভেচ্ছা আৰু সন্তোষ ভৰা মন্তব্যৰে । সঘনাই বাজিবলৈ ধৰিলে কবিৰ মোবাইল ফোন । তাৰ মাজতেই প্ৰাপ্তিৰ মৃদু লহৰে চুই যোৱা কবি সমীৰ তাঁতীয়ে কৈ উঠিল,"চলমান জীৱনত যাবলৈ বাকী আছে বহু বাট ।" ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা আওৰাই কবি সমীৰ তাঁতীয়ে ক’লে, "এতিয়াও যাবলৈ বাকী আছে সহস্ৰ যোজন বাট ।" সাহিত্য অকাদেমি বঁটা লাভ কৰি পাঠক আৰু শুভাকাংক্ষীলৈ ধন্যবাদ জনাই কবিয়ে কৈ উঠিল, “শব্দই মোৰ চালিকা শক্তি । এমুঠি শব্দৰ বাদে আপোনালোকক দিবলৈ মোৰ একোৱেই নাই ।”
চৈধ্যখনকৈ কবিতা পুথিৰ লগতে অগণন কথা-সাহিত্যৰে, জীৱনচৰ্যাৰ সুকীয়া দীঘ-বাণীৰে সাহিত্যিক জীৱন পৰিক্ৰমা পাৰ কৰা কবি আজি শুভ-কামনাৰ ভৰত ভাৰাক্ৰান্ত । বিলম্বিত হ’লেও এই প্ৰাপ্তিত কবি আজি ভাৰাক্ৰান্ত । সংবাদ মাধ্যমৰ আগত কবি তাঁতীয়ে ক’লে, “পলমকৈ হ’লেও আজি খবৰটো আহিছে । এই প্ৰাপ্তিত মই ভাৰাক্ৰান্ত । অগণন গুণমুগ্ধ-অনুৰাগী, শুভাকাংক্ষীৰ কৃতজ্ঞতাৰ ভৰত মই আজি ভাৰাক্ৰান্ত । শব্দ এমুঠিৰ বাহিৰে মই কাকো একো দিব নোৱাৰো ।”
পিছলৈ ঘূৰি চায়ো যেন সন্মুখৰ পৰা দৃষ্টি আতৰাব পৰা নাই সমাজ দায়বদ্ধ, জাগতিক চেতনাৰে পূৰ্ণ কবি, যুদ্ধভূমিৰ কবিতাৰ স্ৰষ্টা, মানুহৰ জীৱনক 'সেউজীয়া উৎসৱ’ৰূপে পুলকিত কৰি উদযাপন কৰিব খোজা ৬৯ টা শীত-বসন্ত অতিক্ৰমী অহা সমীৰ তাঁতীয়ে । সাহিত্য অকাদেমি প্ৰাপ্তিৰ খবৰ পোৱাৰ পিছতেই বিশ্ব বিখ্যাত কবি ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা আওৰাই কবি সমীৰ তাঁতীয়ে ক’লে, “মোৰ 'যাওগৈ ব’লা' নামৰ কাব্যগ্ৰন্থৰ শেষৰ ফালে মই দিয়া উদ্ধৃতিত দিছো 'যাত্ৰাৰ পৰা নাই ওৰ ।'
তেওঁ লগতে কয়,"ৰবাৰ্ট ফ্ৰষ্টৰ সেই বিখ্যাত কবিতাটি মই অসমীয়াত ক’ব বিচাৰিছো- কেনেনো শুৱনি / এই বননিখনি / নিতাল-নিজম / অশেষ দুখৰ মাজতো মই কৰিছো পণ ওৰেতো জীৱন / এতিয়াও যাবলৈ আছে বাট সহস্ৰ যোজন / এতিয়াও যাবলৈ আছে বাট সহস্ৰ যোজন / এতিয়াও চাটলৈ আছে বহু বাট ।”
এমুঠি শব্দেৰে কৃতজ্ঞতা:
হয়, হৃদয়ভৰা শব্দ আৰু অনুভূতিৰ বাদেনো কবিৰ থাকেনো কি ? দুহাতত এমুঠি শব্দ লৈ কবিয়ে বাৰে বাৰে জনালে কতজ্ঞতা,“সেই 'যুদ্ধভূমিৰ কবিতা'ৰ পৰা 'ফৰিংবোৰে বাটৰ কথা জানে'লৈ এই যে ৪৬/৪৭ বছৰীয়া পথ পৰিক্ৰমাত অজস্ৰজন শুভাকাংক্ষী, অজস্ৰজন বন্ধুক লগ পাইছো । আটাইৰে ওচৰত মই কৃতজ্ঞ আৰু ধন্যবাদ জনোৱাৰ বাদে একো নাই । শব্দৰ বাদেনো কবিৰ কি থাকে ? সেয়ে এমুঠি শব্দৰেই মই আপোনালোকক কৃতজ্ঞতা জনালো ।”
১৯৫৫ চনত কবি সমীৰ তাঁতীৰ জন্ম হৈছিল গোলাঘাট জিলাৰ বিহৰা, মিকিৰচাং নামৰ এখন চাহ বাগিছাৰ সেউজীয়া অথচ জীৱন সংগ্ৰামেৰে পৰিপূৰ্ণ সমাজত ।
সেই দিনৰ স্মৃতি:
সেই সময়ৰ কাতৰতাই কুণ্ডত কাটি যেন গঢ় দি কবি হ’বলৈ আগুৱাই দিলে সমীৰ তাঁতীক । কবিক প্ৰাপ্তিৰ সময়তো আমনি কৰিছে জীৱনৰ একাকীকত্বই । সেয়ে শুভেচ্ছা পাই, নিজৰ ঘৰত শুভাকাংক্ষীসকলক পাই আহ্লাদিত কবি সমীৰ তাঁতী ।
কবি তাঁতীয়ে ক’লে, “ইমান দিনৰ মূৰত মোৰ ঘৰখন ইমান মানুহৰ পদধূলা পাই ধন্য হৈছো । এজন কবি হিচাবে মই কও, আজিৰ ব্যস্ত মহানাগৰিক জীৱনত কোনেও কাৰোৰে ঘৰলৈ সতকাই নাযায় । খা-খবৰ নলয় । কিন্তু এই খবৰটো পোৱাৰ পিছত আটায়েই মোৰ খবৰ ল’বলৈ আহিছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো ।”
কংক্ৰিটৰ মহানগৰীৰ পৰাই কবিয়ে চাই থাকে সেই গৰখীয়া কেইজন, পাহাৰবোৰ, নদীবোৰ । মহানগৰীৰ বাসিন্দা কবি সমীৰ তাঁতীৰ জীৱনচৰ্যাই বিচাৰে মানুহ ৷ মানুহৰ বিশালতা ভৰা এই জীৱনৰ ৰঙে ওভতাই লৈ গৈছে আজি কবিক সেই বিশেষ সময়লৈ, য'লৈ আজিও কবিয়ে চাই থাকে মহানৰীৰ বুকুৰ পৰা সংগোপনে ।
বিশিষ্ট কবি সমীৰ তাঁতীয়ে এই কথা ব্যক্ত কৰিলে এইদৰে, “গোলাঘাট জিলাৰ বিহৰা মিকিৰচাং চাহ বাগিচাত ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত এজন ল’ৰাৰ জন্ম হৈছিল । সেই ল’ৰাজনে এসময়ত মহানগৰত থিতাপি লৈ পৰিচয় ল’লে এজন কবিৰ । এই দীঘলীয়া পৰিক্ৰমাত সেই চাহ বাগিচাখনৰ কথাই নহয়, সমগ্ৰ সমাজখনেই মোক জীৱন দিছে । সেই সমাজ জীৱনত অভাৱ-অনাটন যি আছিল, কষ্ট আছিল তাৰ মাজত জীৱন উদযাপনৰ কথাই নাহিছিল । কিন্তু গীত-মাতেৰে তেঁওলোকে জীৱন উদযাপন কৰিছিল । তাৰ জীৱনচৰ্যাৰেই পৰিপুষ্টি লাভ কৰি মই ইয়ালৈ আহিলো । আহি মই ইয়াত বেলেগ ধৰণে সমৃদ্ধ হৈছো ।”
গতিত বিশ্বাসী কবি সমীৰ তাঁতীয়ে শেষত ক’লে, “আপোনালোকৰ মাজেৰে মই গতি কৰিছো । এই চলমান গতিত বাস্তৱ-অবাস্তৱ, কাল্পনিক বিভিন্ন বিষয়ে মোক স্পৰ্শ কৰি গৈছে । চেতন-অৱচেতন মনত দুয়োটাই কাম কৰিছে মোৰ জীৱনযাত্ৰাত । সেই যে পথাৰবোৰ, সেই যে গৰুবোৰ, সেই যে গৰখীয়া কেইজন, সেই যে পাহাৰবোৰ, গছ-গছনিবোৰ, নদীবোৰ, সেইবোৰলৈ মই এতিয়াও ইয়াৰ পৰাই চাই থাকো ।”
নতুন প্ৰজন্মলৈ কবিৰ একাষাৰ:
“জীৱনক বুজি পাওক, জীৱনক বুজিবলৈ চেষ্টা কৰক । ভাল গীত এটা শুনক, ভাল কিতাপ এখন পঢ়ক, ভাল চিনেমা এখন চাওক, ভাল পেইণ্টিং এখন চাবলৈ শিকক ৷ তাতকৈ মই নৱ প্ৰজন্মক আৰুনো কি ক’ম ?” নতুন প্ৰজন্মৰ প্ৰতি আপুনি কি ক’ব ? কবিৰ প্ৰাপ্তি উপলক্ষে সমবেত হোৱা সাংবাদিকৰ প্ৰশ্নত জগতৰ জটিলতাই আজন্ম সৰল কৰি পেলোৱা কবিৰ এয়াই আছিল সৰল, অথচ আজিৰ ইথাৰৰ জগতে নিয়ন্ত্ৰণ কৰা পৃথিৱীৰ সবাতোকৈ প্ৰত্যাহ্বানপূৰ্ণ একাঁজলি আহ্বান ।