অসম

assam

ETV Bharat / state

ৰক্ষা নাই সুদখোৰৰ: গোলাঘাট আৰক্ষীৰ জালত কুখ্যাত সুদখোৰ পমি গুপ্তা - illegal money lender arrested - ILLEGAL MONEY LENDER ARRESTED

Drive against illegal money lender : ৰাজ্যজুৰি অব্যাহত আছে সুদখোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ গোলাঘাট আৰক্ষীৰ জালত পৰিল কুখ্যাত সুদখোৰ পমি গুপ্তা ।

illegal money lender arrested by Golaghat police
গোলাঘাট আৰক্ষীৰ জালত কুখ্যাত সুদখোৰ পমি গুপ্তা

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 8:40 PM IST

গোলাঘাট আৰক্ষীৰ জালত কুখ্যাত সুদখোৰ পমি গুপ্তা

গোলাঘাট, 24 এপ্ৰিল : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিচৰে পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে সুদখোৰ বিৰোধী অভিযান ৷ বুধবাৰে গোলাঘাট আৰক্ষীৰ জালত পৰিল কুখ্যাত সুদখোৰ পমি গুপ্তা । এগৰাকী মহিলাৰ অভিযোগ অনুসৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুদখোৰটোক ৷

সুদত টকা দি পমি গুপ্তাই সুদৰ টকা নাপালে সুদ দিয়াৰ লোকৰ গাড়ী-বাইক জব্দ কৰি হাৰাহাস্তি কৰে বুলি অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । গোলাঘাট নগৰৰ পাকিজা বেগম নামৰ মহিলাগৰাকীয়ে নিজৰ অস্ত্ৰোপচাৰৰ বাবে বিপদত পৰি যুৱকজনৰ পৰা 50 হাজাৰ টকা ধাৰলৈ লৈছিল ৷ এতিয়া সুদৰ টকা প্ৰায় এক লাখ হৈছে বুলি সুদ খোৰ পমি গুপ্তাই মহিলাগৰাকীক জানিবলৈ দিয়ে । পমি গুপ্তাক মহিলাগৰাকীয়ে 40 হাজাৰ টকা ঘূৰাই দিয়াৰ পিচতো বাকী সুদৰ টকা ঘুৰাই দিবলৈ হেঁচা প্ৰয়োগ কৰে ৷ তাৰ পিচতে পমিক ধাৰ লোৱা ধনৰ সুদ পৰিশোধ কৰিব নোৱৰাত পমিয়ে মহিলাগৰাকীৰ স্বামীৰ বুলেটখন উঠাই লৈ যায় । তাৰ পিচতেই আৰক্ষীৰ কাষ চাপে মহিলাগৰাকীয়ে ৷

বৰ্তমান গোলাঘাট সদৰ আৰক্ষী থানাত সুদখোৰ পমি গুপ্তাক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ আনহাতে কিছুদিনৰ পূৰ্বে গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত নগৰৰ বিভিন্ন ৱাৰ্ডৰ পৰা 8 টাকৈ সুদখোৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

এই সুদখোৰৰ কবলত পৰি পৰি নগৰখনৰ বহু পৰিয়াল ধ্বংসৰ গৰাহলৈ যোৱাৰ লগতে বহু পৰিয়ালে নিজৰ মাটি-সম্পত্তি বিক্ৰী কৰি সুদখোৰক টকা দি গোলাঘাট এৰিবলৈ বাধ্য হৈছিল । আৰক্ষীক এই সুদখোৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় সৰ্বসাধাৰণৰ ৰাইজে ।

লগতে পঢ়ক:জখলাবন্ধাত সুদখোৰৰ সন্ত্ৰাস, অৱসৰপ্ৰাপ্ত শিক্ষকক হাৰাশাস্তি - Illegal money lender

ABOUT THE AUTHOR

...view details