কাজিৰঙা,১৮ মে':আজি চয়নিকাই হাঁহিছে । চয়নিকাৰ সপোনে পোখা মেলিছে । হাঁহি বিৰিঙালে কেইবাজনো সুহৃদয়বানে । পিছে, কিয় চৰ্চাত চয়নিকা ? চয়নিকা গন্ধীয়া । উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সুখ্যাতি লাভ কৰি বোকাখাতবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল এই চয়নিকা গন্ধীয়াই । আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰাৰ লগতে ৰাজনীতি বিজ্ঞানত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল মেধাবী ছাত্ৰীগৰাকী ৷ আৰ্থিক দুৰাৱস্থাৰ পিছতো এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল চয়নিকা । হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ইৰ্ষনীয় সফলতা অৰ্জন কৰিছিল চয়নিকাই ।
কিন্তু, সেই সময়তে চয়নিকাৰ জীৱনলৈ নামি আহিল এক বিভীষিকা । শ্ৰমিক পিতৃ পতিত হ'ল দুৰ্ঘটনাত । স্তিমিত হ'ল চয়নিকাৰ উচ্চ শিক্ষাৰ সপোন । চয়নিকাৰ ভাল ফলাফলে ঘৰখন পোহৰাই তোলাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ পংগুত্বক আঁকোৱালি লয় মেধাবী ছাত্ৰীগৰাকীৰ পিতৃয়ে । কোনোমতে ঘৰখন চলাই নিয়া মুৰব্বীজন শয্যাগত হৈ পৰাত নাজল-নাথল অৱস্থাৰ সৃষ্টি হয় পৰিয়ালটোৰ মাজত ।
চয়নিকাৰ সাফল্য সন্দৰ্ভত বোকাখাত নিৱাসী সামাজিক কৰ্মী নৱজ্যোতি ৰাজখোৱাই সেই সময়ত সামাজিক মাধ্যমত বিষয়টো তুলি ধৰাত চয়নিকাৰ সাহস হৈ থিয় দিলে বোকাখাতৰ বেষ্ট একাডেমিৰ সঞ্জীৱ বৰঠাকুৰ আৰু বেষ্ট একাডেমিৰ পৰিয়াল । বিনামূলীয়াকৈ চয়নিকাই বেষ্ট একাডেমিত অধ্যয়ন কৰিবলৈ ল’লে ৷ আনহাতে, কঠোৰ অধ্যৱসায়ৰ ফলত এই দুবছৰীয়া যাত্ৰাত আন এক সাফল্য আনিবৰ সক্ষম হ’ল চয়নিকা ৷ এইবছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা চয়নিকাই লাভ কৰিলে আন এক সুখ্যাতি ৷
আকৌ একেবোৰ সমস্যা । কিদৰে লাভ কৰিব উচ্চ শিক্ষা ? প্ৰতিভা, মেধা থাকিলে যে থমকি ৰ'ব নালাগে পুনৰ সেই কথা প্ৰমাণিত হ'ল । উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰ পাছতেই চয়নিকাৰ শৈক্ষিক জীৱনৰ সংগ্ৰামত সহযোগ কৰিবলৈ আগবাঢ়ি আহিল বোকাখাতৰ বিশিষ্ট সমাজসেৱক মহাবীৰ প্ৰসাদ আগৰৱালা, বোকাখাতৰ সমাজকৰ্মী আকাশ ফুকন, নৱজ্যোতি ৰাজখোৱাৰ দৰে ব্যক্তিসকল ।