অসম

assam

ETV Bharat / state

মেৰাপানীত বলেৰ' পিক আপ ভানসহ আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী - Burmese Supari Seized in Merapani - BURMESE SUPARI SEIZED IN MERAPANI

Burmese Supari Seized: মেৰাপানীত সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ ৷ বলেৰ' পিক আপ ভানসহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী ।

huge-quantity-of-burmese-supari-seized-in MERAPANI
মেৰাপানীত বলেৰ' পিক আপ ভানসহ আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী (ETV Bharat))

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 2:13 PM IST

গোলাঘাট, 7 আগষ্ট: অসম-নাগালেণ্ড সীমান্তৰে অবৈধভাবে সৰবৰাহ অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ । নিতৌ ন ন কৌশল অৱলম্বন কৰি অসম-নাগালেণ্ড সীমান্তৰে সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ ৷ বুধবাৰে গোলাঘাটৰ মেৰাপানীৰ নলিনীপথাৰত গাঁওৰক্ষী বাহিনীৰ দলৰ এখন বলেৰ' পিক আপ ভানৰ ওপৰত সন্দেহ ওপজে আৰু পিক আপ ভান ৰখাই সোধ-পোছ কৰে ৷

মেৰাপানীত বলেৰ' পিক আপ ভানসহ আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী সৰবৰাহকাৰী (ETV Bharat))

এই সোধ-পোছ চলাওতেই মাটিকঁঠালৰ তলত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি প্ৰত্যক্ষ কৰে । বলেৰ' পিক আপ ভানখনৰ পঞ্জীয়ন নম্বৰ AS 02 DC 0919 ৷ ভানখনত আনাৰসৰ তলত 9 বস্তা চুপাৰী লুকুৱাই অনাৰ কথা চালকে গাঁওৰক্ষী বাহিনীৰ আগত কয় । পাছত গাঁওৰক্ষী বাহিনীৰ দলে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে আৰু মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ গাঁওৰক্ষী বাহিনীৰ দলে পিক আপ ভানখন মেৰাপানী আৰক্ষীক গতাই দিয়ে ।

আৰক্ষীয়ে বাহনখনৰ সৈতে অহা দুজন লোক শ্ৰীকান্ত মণ্ডল আৰু আব্দুল কালামক আটক কৰিছে । চালক শ্ৰীকান্ত মণ্ডলে দিয়া স্বীকাৰোক্তি অনুসৰি, নগাপাহাৰৰ নামনি অংশৰ পৰা নগাঁও জিলাৰ জখলাবন্ধালৈ বুলি চুপাৰিখিনি সৰবৰাহৰ চেষ্টা চলাইছিল । জব্দকৃত চুপাৰিখিনিৰ মূল্য এক লাখৰ অধিক হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ লগত ভাৰতবৰ্ষৰ কোনোধৰণৰ বাণিজ্যিক চুক্তি নথকাৰ পাছতো দৈনিক চুবুৰীয়া ৰাজ্য নাগালেণ্ড-সীমান্তৰ মেৰাপানী হৈ দৈনিক সৰবৰাহ কৰি আহিছে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ । এক গোপন সূত্ৰৰ পৰা জানিব পৰা মতে সীমন্তত নিয়োজিত চি আৰ পি এফৰ লগত গোপন অংকৰ বুজাবুজিৰে এই সৰহবৰাহ চলি আহিছে ।

লগতে পঢ়ক:বৰপথাৰত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি 12 চকীয়া ট্ৰাক

হালোৱাটিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ

হা আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰি ভৰ্তি বাহন, আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details