অসম

assam

ETV Bharat / state

হাউলীৰ ৰাসৰ এইবাৰৰ আকৰ্ষণ বিশেষ লেজাৰ শ্ব'-এনিমেছন - 97TH HOWLI RAAS MAHOTSAV

১৫ ৰ পৰা ২৯ নৱেম্বৰলৈ পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব হাউলী ৰাস মহোৎসৱ ।

Howli Raas Mahotsav to be held from November 15 to 29 with a fifteen-day programme
লেজাৰ শ্ব' আৰু এনিমেছনৰে ভক্তক আকৰ্ষিত কৰিব হাউলী ৰাসত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 5:01 PM IST

বৰপেটা:শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো এটা দিন বাকী । অহা ১৫ ৰ পৰা ২৯ নৱেম্বৰলৈ পোন্ধৰ দিনীয়া বৰ্ণিল আৰু ব্যতিক্ৰমী কাৰ্যক্ৰমণিকাৰে বৰপেটাৰ হাউলী চহৰত অনুষ্ঠিত হ'ব ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ ।

৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পর্কে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসে বুধবাৰে সম্বোধন কৰে এখন সংবাদমেল । মূল সমিতিৰ লগতে ৫ শতাধিক সদস্যৰে ২৪ খন উপ-সমিতি গঠন কৰি ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা বুলি অৱগত কৰে সভাপতিগৰাকীয়ে ।

লেজাৰ শ্ব' আৰু এনিমেছনৰে ভক্তক আকৰ্ষিত কৰিব হাউলী ৰাসত (ETV Bharat Assam)

১৫ নৱেম্বৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল দাসে ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ শুভ উদ্বোধন কৰিব । হাউলী ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি উদযাপন সমিতিয়ে এইবেলি শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰক ২০২৪ বৰ্ষৰ হাউলী বঁটা প্ৰদান কৰিব । লক্ষণীয়ভাৱে হাউলী ৰাস মহোৎসৱৰ আধ্যাত্মিকতাৰ লগতে এখন গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছে । গ্ৰন্থমেলা, মেলা বজাৰ, মীনা বজাৰ, আদিৰ লগতে কেবাখনো আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ।

সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া 'সপোনৰ অসম, অসমৰ সপোন' শীৰ্ষক আলোচনাচক্ৰত বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্ত আৰু ময়ুৰ বৰাই অংশগ্ৰহণ কৰিব । সংবাদমেলত হেমেন দাসে জনাই,"এইবেলি ১ কোটি ৭৮ লাখ টকাৰ বাজেটেৰে প্ৰায় ১ হাজাৰ মৃন্ময় মুৰ্ত্তিৰ লগতে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে লেজাৰ শ্ব' আৰু এনিমেছনৰ জৰিয়তে ভক্ত-দৰ্শনাৰ্থীক মনোৰঞ্জন প্ৰদানৰ প্ৰয়াস কৰা কৰা হ'ব ।"

তেওঁ লগতে কয়,"লেজাৰ শ্ব' আৰু এনিমেছনৰ জৰিয়তে আধ্যাত্মিক আৰু দেশপ্রেমমূলক বিষয়ৰ উপৰিও হাউলী ৰাসৰ বিভিন্ন দিশ উপস্থাপনৰ প্ৰয়াস চলোৱা হ'ব । ১৫ দিন জুৰি চলি থকা ৰাস মহোৎসৱৰ প্ৰতিটো দিনতে বিবিধ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।" এইবেলি মুম্বাইৰ অৰুণিতা কাঞ্জিলাল, কলকতাৰ মৰ্মিতা মিত্ৰ, যুগল কিশোৰ ৰাভা, ময়ুৰী শইকীয়াৰ লগতে কেবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহন কৰিব । সংবাদমেলত হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক নীপামণি কলিতাৰ লগতে সমিতিৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

কোটিটকীয়া হাউলীৰ ৰাসৰ লটাৰীৰ অনুমতি বিচাৰি মুখ্য সচিবক পত্ৰ

ABOUT THE AUTHOR

...view details