বৰপেটা, ২৩ মাৰ্চ:বসন্তৰ আগমনত জীপাল হৃদয় । মনৰ ৰংবোৰ উৰিছে আবিৰ হৈ, সৰাপাতে লিখা চিঠিবোৰত সপোন বিয়পিছে আবিৰ হৈ । ফাগুনে আজুৰি নাঙঠ কৰা আঁহতজুপিয়ে সেউজীয়া চোলা পিন্ধিবলৈ লওতেই দেহে মনে আবিৰ সানিবলৈ আহিছে ৰঙৰ উছৱ । পছোৱাৰ বা-লাগি নামিছে বসন্ত । ৰংবোৰ যেন ভগাই লোৱাৰ সময় এয়া । আবিৰৰ উৎসৱলৈ মাজত মাত্ৰ কেইটিমান মূহুৰ্ত্ব । গুঞ্জৰিছে মধুকৰ, বিয়পিছে আবিৰৰ সুবাস । হোলী মানেই বৰপেটা সত্ৰ ।
প্ৰাচীন ভাৰতৰ বসন্ত ঋতুত উদযাপিত উৎসৱসমূহৰ ভিতৰত অন্যতম হ'ল মদনোৎসৱ ৷ বসন্ত ঋতুত এই উৎসৱ অনুষ্ঠিত হয় বাবে ইয়াক বসন্ত উৎসৱ বুলিও কোৱা হয় ৷ বসন্ত উৎসৱৰে গুৰুত্বপূৰ্ণ অংগ হ'ল ফাকুৱা তথা হোলী উৎসৱ । ভাৰতৰ ঠাই ভেদে ইয়াক হোলীৰ উপৰিও ফল্গু উৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায় । ষষ্ঠদশ শতিকাৰ মাজভাগত ফল্গু উৎসৱৰ মধ্যমণি হৈ পৰে ভগৱান শ্ৰীকৃষ্ণ ৷ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠৰ আৰ্হিত বৰদোৱাত দৌল মহোৎসৱ পাতিছিল ৷ মহাপুৰুষ জনাই বৈকুণ্ঠৰ আৰ্হিত সাত খলপীয়া দৌল সাজি এই উৎসৱ পাতিছিল । বৰদোৱা সত্ৰৰ দৌল মহোৎসৱৰ আৰ্হিতে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই বৰপেটা সত্ৰত পাতনি মেলিছিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ ।
নক্ষত্ৰ গণনা অনুসৰি বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া অথবা পাঁচদিনীয়াকৈ পালন কৰা হয় ৷ বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ তিনিদিনীয়াকৈ পালিত হ'লে প্ৰথম দিনা গোন্ধ সভা বা বহ্নুৎসৱ, দ্বিতীয় দিনা ভৰদৌল আৰু তৃতীয় দিনা ফাকুৱা তথা সুঁৱেৰী উৎসৱ উদযাপন কৰা হয় ৷ চাৰিদিনীয়াকৈ পালন কৰিলে ভৰদৌল দুদিন আৰু পাঁচদিনীয়াকৈ পালন কৰিলে ভৰদৌল তিনিদিনীয়াকৈ পালন কৰা হয় ৷ বহ্নুৎসৱৰ দিনাখন সত্ৰৰ মনিকূট গৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক বাহিৰলৈ উলিয়াই অনা হয় ৷
দুয়োজনা গোসাঁইক পূৱ দুৱাৰ আৰু ঘাই দুৱাৰেৰে সত্ৰৰ মঠৰ চোতাললৈ উলিয়াই আনি বৰ শৰাইত ৰাখি মহাস্নান পৰ্ব সম্পন্ন কৰা হয় ৷ পূজাৰীৰ মহাস্নান, গায়ন-বায়নৰ খোল-তাল, ঘোষাৰ সুৰ আৰু ঢুলীয়াৰ ঢোলৰ ছন্দত বৰপেটা সত্ৰত বিৰাজ কৰে অবৰ্ণনীয় উৎসৱমুখৰ পৰিৱেশে । দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইৰ মহাস্নান সম্পন্ন হোৱাৰ পাছত সন্ধিয়া দুয়োজনা গোসাঁইক সত্ৰৰ টুপৰ চোতালত ভক্তসকলে বিৰিয়া, ইকৰা আদিৰে সজা মেজি পুওৱা হয় । তাৰ পাছত নিৰ্দিষ্ট ক্ষণলৈ যোগমোহন গৃহত ৰখা হয় ৷ ইয়াৰ পিচত গণনাৰ সময় অনুসৰি দৌলগৃহৰ চাৰিও পিনে সাতপাক ঘুৰাই দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক দৌলগৃহত আৰোহণ কৰা হয় ৷
ভৰদৌলৰ দিনা পুৱাৰে পৰা সত্ৰৰ কীৰ্তন ঘৰত নিত্য - নৈমিত্তিক প্ৰসংগ চলাৰ পিছত দৌল গৃহৰ সন্মুখতে থকা যোগমোহন গৃহত আইসকলৰ প্ৰসংগ ,ভকতৰ প্ৰসংগ ,গায়ন বায়নৰ খোল বাদন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ দৌলগৃহত থকা দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক সত্ৰৰ বুঢ়া সত্ৰীয়াই ফাকুগুৰি দি সেৱা জনোৱাৰ পিছত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে দৌলগৃহত দৌল গোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোসাঁইক ফাকুগুৰিৰে সেৱা জনায় ৷ অন্তিম দিনাখন ফাকুৱা অৰ্থাৎ সুঁৱেৰী ৷ সুঁৱেৰী দিনাও ৰঙে ৰঙে একাকাৰ হৈ পৰে সত্ৰনগৰী বৰপেটা ৷