অসম

assam

ETV Bharat / state

বৰ্তমান সমাজত কিমান সুৰক্ষিত মহিলা ? - Women safety and security - WOMEN SAFETY AND SECURITY

Women safety and security: কলকাতাকাণ্ডৰ পিছতে দেশজুৰি নাৰীৰ সুৰক্ষাক লৈ পুনৰ এবাৰ প্ৰশ্ন উত্থাপন হৈছে । চৰকাৰে মহিলা সুৰক্ষাৰ বাবে পৃথক আইন প্ৰণয়ন কৰাৰ লগতে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ পিছতো কিয় নাৰীজনিত অপৰাধ হ্ৰাস হোৱা নাই ? এই সন্দৰ্ভত অসমৰ কেইগৰাকীমান বিশিষ্ট মহিলাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জানো আহক ।

Women safety and security
বৰ্তমান সমাজত কিমান সুৰক্ষিত মহিলা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 7:53 PM IST

গুৱাহাটী, ১৯ আগষ্ট :কলকাতাৰ মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ দেশৰ সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত আছে । দেশৰ বিভিন্ন প্ৰান্তত এই বিষয়ক লৈ সংগঠন তথা চিকিৎসকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । এই ঘটনাক লৈ দেশ যেনেকৈ উত্তাল হৈ আছে তাৰ বিপৰীতে মহিলাসকল বিশেষকৈ কৰ্মৰত মহিলাসকল আতংকিত হোৱাও দেখা গৈছে । এই‌ ঘটনাৰ বিৰুদ্ধে অসমতো প্ৰতিবাদ হৈছে । সকলোকে মৰ্মাহত কৰা এই ঘটনাৰ পিছত সমাজত মহিলাৰ নিৰাপত্তালৈকে পুনৰ প্ৰশ্ন উঠিছে । সঁচাকৈয়ে সমাজত মহিলাসকল নিৰাপদ নে ? ইয়াৰ‌ কেৰোণ ক'ত, সমাধানৰ পথ ক'ত ? অসমত মহিলাৰ হকে‌ মাত মাতি অহা একাংশ অৰাজনৈতিক সংগঠনৰ নেত্ৰী তথা বিশিষ্ট লেখিকাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

বৰ্তমান সমাজত কিমান সুৰক্ষিত মহিলা (ETV Bharat)

কিমান সুৰক্ষিত মহিলা :

নৰ্থ ইষ্ট নেটৱৰ্কৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক অনুৰীতা হাজৰিকাই কয়,"আমি মহিলাৰ সবলীকৰণৰ লগতে মহিলাক সচেতন কৰাৰ বাবে কাম কৰি আহিছো । এইক্ষেত্ৰত আমাৰ বহুত অভিজ্ঞতা হৈছে । মহিলা‌ সবলীকৰণৰ কথা ক'লেই নহ'ব । মহিলাক সমাজত উচিত সন্মান দিব লাগিব । এই উদেশ্য আগত ৰাখি অসমৰ ৬ খন জিলাত আমি মহিলা নেতৃত্ব গঢ় দিয়াৰ কাম কৰি আছো । মহিলাৰ বাবে আইন‌ আছে, বিভিন্ন বাজেট আছে । কিন্তু মহিলাৰ বাবে আইন‌ আৰু বাজেটক আমি মহিলাৰ দৃষ্টিভংগীৰে চাব লাগিব । মহিলাক সুৰক্ষাৰ বাবে কাৰাটে শিকোৱা, মহিলাই মাৰ্জিত পোচাক পৰিধান আদি সকলো নহয় । সেইটোৱে সমস্যা সমাধান নকৰে । আইন সংশোধন হৈয়ে আছে, তথাপিও মহিলাৰ ওপৰত নিৰ্যাতন কমা নাই । বহু কম ঘটনাহে পোহৰলৈ আহে । সমাজত মহিলাৰ প্ৰতি থকা বেয়া মানসিকতা সলনি হ'ব লাগিব । এক সুস্থ পৰিৱেশ গঢ়িব লাগিব । এই দায়িত্ব সমাজৰ সকলোৰে ।"

বিশিষ্ট লেখিকা ৰশ্মি ৰেখা বৰাই কয়,"সমাজত পুৰুষৰ মানসিকতা সলনি কৰাৰ বিপৰীতে মহিলাসকলক সকলো দোষ জাপি দিয়া‌ হয় । ল'ৰা-ছোৱালীক বৈষম্য নৰখাকৈ গঢ়িব পাৰিছোনে নাই সেয়া‌ ডাঙৰ‌ কথা । মহিলা নিৰ্যাতন সাধাৰণীকৰণ কৰা হৈছে । মহিলাসকল সমাজতে নহয় ঘৰতো নিৰ্যাতনৰ‌ সন্মুখীন হ'ব লগা হৈছে । স্কুলত ল'ৰা-ছোৱালীক উচিত ধৰণে যৌন শিক্ষাৰ পাঠ্যক্ৰম ভালধৰণে মুকলিকৈ শিকাব লাগিব । আচলতে নাৰী নিৰ্যাতন ৰোধ‌ কৰাৰ পোনপটীয়া ব্যৱস্থা নাই । নাৰী অত্যাচাৰীসকলক সমাজ‌ ব্যৱস্থাটোৱে সাহস দিয়ে । সমাজ‌ ব্যৱস্থাই নাৰীসকলক শিকলি পিন্ধাই অপৰাধীসকলক মুকলি কৰি থয় ।"

এই‌ সন্দৰ্ভত গৃহৰক্ষী অধিকাৰ কমিটিৰ সম্পাদিকা পূজা নিৰলাই কয়,"পুৰুষতান্ত্ৰিক সমাজখনে নাৰী নিৰ্যাতনৰ মূল দায়ী ।‌ সমাজত নাৰী নিৰ্যাতন বৃদ্ধি পাই আছে । এই ক্ষেত্ৰত পুৰুষতান্ত্ৰিক সমাজখনত নাৰীৰ সঁচা অৰ্থত সমধিকাৰ আৰু সন্মান গঢ়ি তুলিব লাগিব । নিজৰ ঘৰতে এগৰাকী মহিলা সুৰক্ষিত নহয় । সমাজতো নাৰীয়ে যি নিৰাপত্তা পাব লাগে সেয়া নাপায় । শিক্ষিত হোৱাৰ পিছতো মহিলাসকলে নিৰাপত্তাৰ ক্ষেত্ৰত যি পাব লাগিছিল পোৱা নাই । পাঠ্যপুথিৰ জৰিয়তেও মানসিকতা সলনি কৰিব লাগিব ।"

লগতে পঢ়ক :নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত হাফলঙত শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল - Kolkata rape murder case

ABOUT THE AUTHOR

...view details