গুৱাহাটী : অসমত ২০১৯ চনৰ পৰা ২০২৪ চনৰ শেষলৈ বিদেশী বিনিয়োগ হৈছে ২২.৬৮ নিযুত মাৰ্কিন ডলাৰ অৰ্থাৎ ১৯২ কোটি টকা । অসম চৰকাৰে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ পাছতো অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বিদেশী বিনিয়োগকাৰীয়ে । প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত আজিও অসম দেশৰ আন ৰাজ্যৰ তুলনাত বহু পিছ পৰি আছে ।
বিদেশী বিনিয়োগকাৰীয়ে অসমৰ বিপৰীতে আন ৰাজ্যত বিনিয়োগ কৰাতহে যথেষ্ট আগ্ৰহী । যাৰ ফলত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ তালিকাত আজিৰ তাৰিখত দেশৰ আন ৰাজ্যৰ তালিকাত অসমৰ স্থান হৈছে একেবাৰে শেষৰফালে । ৰাজ্য চৰকাৰখনে দ্বিতীয়বাৰৰ বাবে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে ।
মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে দেশে-বিদেশে প্ৰচাৰ চলাই বিনিয়োগকাৰীক আমন্ত্ৰণ জনাইছে । এইখিনিতে প্ৰশ্ন হয় যে ইয়াৰ পূৰ্বে ২০১৮ চনত অনুষ্ঠিত কৰা এডভাণ্টেজ আছামৰ যোগেদি অসমলৈ কিমান বিদেশী বিনিয়োগ আহিল । এই প্ৰশ্নৰ উত্তৰ শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা লোকসভাৰ অধিৱেশনতে প্ৰকাশ পাইছে ।
অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু আন ৰাজ্যত :
বিনিয়োগকাৰী বিচাৰি দেশে-বিদেশে মুখ্যমন্ত্ৰী (ETV Bharat) লোকসভাত কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে দিয়া তথ্য অনুসৰি ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰলৈকে অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) হৈছে ২২.৬৮ নিযুত মাৰ্কিন ডলাৰ । অৰ্থাৎ প্ৰায় ১৯২ কোটি টকা । অসমৰ এই ছবিখনৰ বিপৰীতে এই সময়ছোৱাতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, দিল্লী, তামিলনাডুৰ দৰে ৰাজ্যত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।
সংসদত দিয়া তথ্য অনুসৰি বিদেশী বিনিয়োগৰ ক্ষেত্ৰত তালিকাৰ প্ৰথম স্থানত থকা মহাৰাষ্ট্ৰত এই সময়ছোৱাত ৮২,৬৩৮.০৮ নিযুত মাৰ্কিন ডলাৰ, কৰ্ণাটকত ৫৪,৫৭৩.৭৩ নিযুত মাৰ্কিন ডলাৰ, গুজৰাটত ৪৩,১৪৯.৯৫ নিযুত মাৰ্কিন ডলাৰ, দিল্লীত ৩৪,৯২০.৪৮ নিযুত মাৰ্কিন ডলাৰ, তামিলনাডুত ১২,৫৬০.৫২
বিনিয়োগকাৰী বিচাৰি দেশে-বিদেশে মুখ্যমন্ত্ৰী (ETV Bharat) নিযুত মাৰ্কিন ডলাৰ, হাৰিয়ানাত ১১,০৪২.৯২ নিযুত মাৰ্কিন ডলাৰ, তেলেংগানাত ৯৩১৪ নিযুত মাৰ্কিন ডলাৰ, ঝাৰখণ্ডত ২৬৬৭.১০ নিযুত মাৰ্কিন ডলাৰ, ৰাজস্থানত ২৪৯২.৩৩ নিযুত মাৰ্কিন ডলাৰ, পশ্চিম বংগত ১৭২৩ নিযুত মাৰ্কিন ডলাৰ, উত্তৰ প্ৰদেশত ১৭০০.৬৩ নিযুত মাৰ্কিন ডলাৰ আৰু কেৰালাত ১২৮৮.৯৩ নিযুত মাৰ্কিন ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।
উল্লেখ্য যে ৩৩ খন ৰাজ্যৰ এই তালিকাত অসমৰ স্থান হৈছে ২৬ নম্বৰ । আনহাতে এই সময়ছোৱাত সমগ্ৰ দেশত প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণ হৈছে ২,৬২,৫৩৭.৯০ নিযুত মাৰ্কিন ডলাৰ। লক্ষণীয় বিষয় যে অসমৰ দৰেই অৱস্থা উত্তৰ-পূবৰ আন ৰাজ্য কেইখনৰো । এই সময়ছোৱাত মণিপুৰত মাত্ৰ ০.০০০৬ নিযুত মাৰ্কিন ডলাৰ, নগালেণ্ডত ০.০৬ নিযুত মাৰ্কিন ডলাৰ, মেঘালয়ত ১.১৭ নিযুত মাৰ্কিন ডলাৰ, ত্ৰিপুৰাত ১.২৩ নিযুত মাৰ্কিন ডলাৰ, অৰুণাচল প্ৰদেশত ৭.০৩ নিযুত মাৰ্কিন ডলাৰ বিনিয়োগ হৈছে । ইফালে ওড়িশাত ১৭২.৩২ নিযুত মার্কিন ডলাৰ, বিহাৰত ২১৫.৫৭ নিযুত মাৰ্কিন ডলাৰ, হিমাচল প্ৰদেশত ২৯৮.৩১ নিযুত মাৰ্কিন ডলাৰ, মধ্য প্ৰদেশত ৫৯৪.২৯ নিযুত মাৰ্কিন ডলাৰ, অন্ধ্ৰ প্ৰদেশত ১০৮৫.৫৯ নিযুত মাৰ্কিন ডলাৰ, পঞ্জাৱত ১১৯৭.৯৩ নিযুত মাৰ্কিন ডলাৰ বিনিয়োগ হৈছে । এই তথ্যৰ পৰাই বিদেশী বিনিয়োগকাৰীসকলে অসমত যে বিনিয়োগ কৰিব নিবিচাৰে সেই কথা স্পষ্ট হৈ পৰিছে । আনহাতে অসম চৰকাৰেও বিদেশী বিনিয়োগকাৰীসকলক ৰাজ্যখনত বিনিয়োগ কৰাৰ বাবে আগ্ৰহী কৰি তুলিব পৰা নাই । প্ৰকৃততে বিদেশী বিনিয়োগৰ পৰিৱেশ চৰকাৰখনে ৰাজ্যখনত গঢ় দিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক:ভূমি পূজনেৰে খানাপাৰাত এডভান্টেজ অসম ২.০ৰ আৰম্ভণি
এডভাণ্টেজ আছামৰ প্ৰথম সংস্কৰণ আৰু বিদেশী বিনিয়োগ :
অসমত ২০১৮ চনৰ চাৰি আৰু পাঁচ ফেব্ৰুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অত্যন্ত জাকজমকতাৰে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে "এডভান্টেজ আছাম অর্থাৎ বিশ্ব বিনিয়োগ সন্মিলন" শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছিল । উক্ত অনুষ্ঠানত জাপান, বাংলাদেশ, ভূটানকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল । খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন উদ্বোধন কৰি সন্মিলনৰ পাছত অসমত তথা উত্তৰ পূৰ্বাঞ্চলত নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা ব্যক্ত কৰিছিল ।
বিনিয়োগকাৰী বিচাৰি দেশে-বিদেশে মুখ্যমন্ত্ৰী (ETV Bharat) 'এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ । ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ । তাৰ বাবে ব্যয় কৰা হৈছিল কোটি কোটি টকা । ‘এডভান্টেজ আছাম’ৰ যোগেদি অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ প্ৰস্তাৱ লোৱা হৈছিল । কিন্তু বাস্তৱত সেয়া সম্ভৱ নহ'ল । পূৰ্বতে অসম বিধানসভাত দিয়া তথ্য মতে ২০১৮ চনত অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আছিল ৬২ কোটি টকা আৰু ২০১৯ চনত হয়গৈ ৮০ কোটি টকা৷ ২০২০ চনত এই পৰিমান ৫৯ কোটি টকা আৰু ২০২১ চনৰ মার্চ মাহলৈ ২৬ কোটি টকা হয় ।
সেই সময়ত চৰকাৰে এডভান্টেজ আছামৰ যোগেদি এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগ হ'ব বুলি ব্যাপক প্ৰচাৰ চলাইছিল । কিন্তু এডভান্টেজ আছামৰ পাছৰ বিগত সময়ত অসমত বিদেশী বিনিয়োগ আহিল মাত্ৰ ১৯২ কোটি টকা । আশা কৰা ধৰণেৰে অসমত ধন বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰীসকল আগবাঢ়ি নাহিল । যাৰ বাবে আজিও প্ৰত্যক্ষ বিনিয়োগৰ তালিকাত অসমৰ স্থান শেষৰ ফালেই ৰৈ গ'ল ।
বিনিয়োগৰ আশাৰে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ :
এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে এডভান্টেজ আসাম ২.০ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । প্ৰথমবাৰৰ ব্যৰ্থতাৰ পাছত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এডভান্টেজ আছামক সফল কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ অভিযান চলাইছে ।
লগতে পঢ়ক:চেৰীফুলৰ দেশত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰীৰ
নিজেই দেশে-বিদেশে গৈ বিনিয়োগকাৰীসকলক সাক্ষাৎ কৰি আমন্ত্ৰণ জনাইছে । লগতে মন্ত্ৰীসকলকো প্ৰচাৰ আৰু নিমন্ত্ৰণ দিয়াৰ বাবে পঠাইছে । এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলন উদ্বোধন কৰিব । মন্ত্ৰী বিমল বড়াই জনোৱা মতে এডভাণ্টেজ আছাম ২.০ৰ যোগেদি সূচনা হ’ব অসমৰ ঔদ্যোগিক উত্তৰণৰ নতুন যুগৰ । এই সন্মিলনলৈ পাঁচখন দেশৰ তিনিশৰো অধিক বিনিয়োগকাৰী আহিব বুলি তেওঁ কয় । ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত বিদেশী বিনিয়োগকাৰীৰ সৈতে হ’ব বিশেষ সন্মিলন । সেই সন্মিলনতে বিনিয়োগকাৰীৰ সৈতে হ’ব বিনিয়োগৰ বহু কেইখন চুক্তি স্বাক্ষৰ ।
এইবাৰৰ এডভাণ্টেজ আছামৰ কাৰ্যসূচীত ছিংগাপুৰ, মালয়েছিয়া, থাইলেণ্ড, ভূটান আৰু ইউৰোপীয় দেশে অসমক সহযোগিতা আগবঢ়াব । উল্লেখ্য যে চুবুৰীয়া দেশ ভূটানৰ পৰা এইবাৰ এডভাণ্টেজ আছামৰ কাৰ্যসূচীলৈ বিনিয়োগকাৰীক আমন্ত্ৰণৰ শুভাৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তাৰ পাছতে দিল্লী, মুম্বাইকে ধৰি কেইবাটাও স্থানত দেশৰ প্ৰসিদ্ধ উদ্যোগী আৰু বিনিয়োগকাৰীসকলক মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছিল ।
দেশৰ বিভিন্ন চহৰৰ পাছতে মুখ্যমন্ত্ৰীয়ে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰি অসমত বিনিয়োগ কৰিবলৈ সেই দেশৰ উদ্যোগপতিসকলক আমন্ত্ৰণ জনাইছে । মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ মন্ত্ৰী বিমল বড়া, কেশৱ মহন্তকে ধৰি কেইবাজনো মন্ত্ৰীয়ে ডুবাই, লণ্ডন আদি দেশ ভ্ৰমণ কৰি বিনিয়োগকাৰীক অসমলৈ আমন্ত্ৰণ জনাইছে । চৰকাৰৰ এই প্ৰচেষ্টাই অসমত বিপুল পৰিমাণৰ বিদেশী বিনিয়োগ সম্ভৱ কৰি তুলিব বুলিয়েই আশা কৰা হৈছে । অৱশ্যে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এডভাণ্টেজ আছামৰ পাছত ৰাজ্যখনত বিনিয়োগৰ পৰিমাণ কিমান বৃদ্ধি পায় সেয়া সময়েহে ক'ব ।
লগতে পঢ়ক:এডভাণ্টেজ আছাম ২.০ : বিনিয়োগকাৰী বিচাৰি দেশে-দেশে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী