লখিমপুৰ, ৮ মে’:মৰেল পুলিচিঙৰ ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ সময়তে লখিমপুৰত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । লখিমপুৰ জিলাৰ বগীনদীত মৰেল পুলিচৰ এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । যোৱা নিশা উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ'ল এগৰাকী মহিলাৰ । বগীনদীৰ চৈধ্য মাইল অঞ্চলত সংঘটিত ঘটনাটোৰ পিচতেই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উত্থাপিত অভিযোগ অনুসৰি জিলাখনৰ বগীনদীৰ চৈধ্য মাইলৰ এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগত ৬-৭ জনীয়া এটা যুৱকৰ দলে খুটাত বান্ধি মঙলবাৰে নিশা প্ৰহাৰ কৰে নৱজ্যোতি দাস নামৰ যুৱকজনক । যুৱকৰ দলটোৰ প্ৰহাৰত কাতৰ হোৱা নৱজ্যোতিৰ আৰ্তনাদ সহিব নোৱাৰি মাতৃ গৈছিল উদ্ধাৰ কৰিবলৈ । পিছে উদণ্ড যুৱক কেইজনে নৱজ্যোতিৰ মাতৃকো গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । মহিলাগৰাকী এই ঘটনাত গুৰুতৰভাৱে আহত হৈ ঢলি পৰে ।