অসম

assam

ETV Bharat / state

অসমত চিনাক্ত HMPV ৰ প্ৰথমটো ঘটনা; ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিল ভাইৰাছৰ উপস্থিতি - FIRST HMPV CASE IN ASSAM

অসমত প্ৰথমগৰাকী HMPV আক্ৰান্ত ৰোগী চিনাক্ত । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে এই ভাইৰাছ ।

HMPV virus detected in a child body at Assam Medical College, Dibrugarh
১০ মহীয়া শিশুৰ দেহত HMPV ভাইৰাছ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 1:50 PM IST

Updated : Jan 11, 2025, 3:33 PM IST

ডিব্ৰুগড়: ক'ভিড ভয়াবহতাৰ পাছত দেশত পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে HMPV ভাইৰাছ । ক'ভিডৰ দৰে এই ভাইৰাছ ভয়ংকৰ নহয় বুলি চিকিৎসা বিশেষজ্ঞসকলে দাবী কৰিছে যদিও ক্ৰমাৎ এই HMPV ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বেংগালুৰু, আহমেদাবাদৰ লগতে তামিলনাডুৰ বিভিন্ন প্ৰান্তৰৰ পাচত অসমত ধৰা পৰিছে প্ৰথমটো HMPV আক্ৰান্ত ৰোগী ।

লখিমপুৰৰ এটি ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV ভাইৰাছ । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে এই ১০ মহীয়া শিশুটি । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই HMPV সম্পৰ্কত কয়, "ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এই বৰ্ষৰ প্ৰথমটো HMPV ভাইৰাছ শিশুৰ দেহত ধৰা পৰিছে ।"

১০ মহীয়া শিশুৰ দেহত HMPV ভাইৰাছ (ETV Bharat Assam)

AMCH ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই আনুষ্ঠানিকভাৱে এই তথ্য সদৰী কৰি কয়, "যোৱা ৮ তাৰিখে এটা শিশু জ্বৰ আৰু পানী লগা হৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ‌ আহিছিল । নিয়মীয়া পৰীক্ষাত এই বৰ্ষত প্ৰথম শিশুটিৰ দেহত HMPV ধৰা পৰে যদিও বৰ্তমান শিশুটিৰ দেহত লক্ষণসমূহ হ্ৰাস পাইছে‌ আৰু শিশুটি সুস্থ অৱস্থাত আছে ।"

তেওঁ লগতে কয়, "HMPV কোনো নতুন ভাইৰাছ নহয় । ২০১৪ চনৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত ৰুটিন টেষ্টিং হৈয়ে আছে । সাধাৰণ জ্বৰত আক্ৰান্ত ৰোগীসকল এই ভাইৰাছৰ ফলতে আক্ৰান্ত হয় । ৫‌ বছৰ বয়সলৈকে শিশুসকলক প্ৰায়ে এই ভাইৰাছত আক্ৰান্ত হোৱা‌ দেখা যায় । এইটো এটা সাধাৰণ ভাইৰাছ হিচাপেই গণ্য কৰা হয় । ইয়াক লৈ‌ বিশেষ চিন্তা কৰিব লগা নাই ।"

অনাহকত আতংকিত নহৈ সাধাৰণ সাৱধানতাসমূহ অৱলম্বন কৰিবলৈ সকলোকে‌ আহ্বান জনায় অধীক্ষকগৰাকীয়ে । লগতে AMCHৰ আছুতীয়া কক্ষত পিতৃ-মাতৃৰ সৈতে শিশুটিক চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বিদূষী মহিলা, আজীৱন শিক্ষাব্ৰতী কল্যাণী দেৱীৰ মৃত্যুত ডিব্ৰুগড়ত শোকৰ ছাঁ - KALYANI DEVI DIES

এছ এছ বিৰ দেবেন্দ্ৰনগৰ ফায়াৰিং ৰেঞ্জ ‘সংৰক্ষিত এলেকা’ ঘোষণা জিলা আয়ুক্তৰ - SSB DEBENDRANAGAR FIRING RANGE

Last Updated : Jan 11, 2025, 3:33 PM IST

ABOUT THE AUTHOR

...view details