অসম

assam

কংগ্ৰেছৰ প্ৰাৰ্থীৰ কথা মোৰ লগত আলোচনা কিয় কৰে ? সাংবাদিকক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ - CM Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 8:59 PM IST

Himanta Biswa Sarma : সুৰাৰ বাতৰি সংবাদমাধ্যমৰ বিষয় হ'ব নালাগে বুলি কিয় ক'লে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য়ত শাক-পাচলিৰ মূল্য়বৃদ্ধি প্ৰসংগতো মন্তব্য় কৰিলে মুখ্যমন্ত্ৰীয়ে ।

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ১৯ আগষ্ট: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যজুৰি সোমবাৰে পালন কৰা হয় পৱিত্ৰ ৰাখীবন্ধন । এই উপলক্ষে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হয় পৱিত্ৰ ৰাখীবন্ধনৰ কাৰ্যসূচী । ৰাখীবন্ধন কাৰ্যসূচীৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰাৰ মূল্য হ্ৰাসৰ পৰা আৰম্ভ কৰি শাক-পাচলিৰ মূল্যবৃদ্ধি,স্মাৰ্ট মিটাৰ,বি টি আৰৰ নিৰ্বাচন আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে । ইপিনে, ৰাজ‍্যসভাৰ প্ৰাৰ্থীৰ তালিকা আজি নহ'লে কাইলৈ ঘোষণা হ'ব বুলি এই অনুষ্ঠানতে সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

সুৰাৰ বাতৰি সংবাদমাধ্যমৰ বিষয় হ'ব নালাগে :

ৰাজ্যত আজি হ্ৰাস পালে সুৰাৰ মূল্য । সুৰাৰ মূল্যৰ হ্ৰাস সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়,"সুৰাৰ মূল্য বাঢ়িলেও সমালোচনা কৰিব নালাগে, কমিলেও সমালোচনা কৰিব নালাগে । সুৰাৰ বাতৰি টিভিত ওলাবই নালাগে । এইটো বাতৰি সংবাদমাধ্যমৰ বিষয় হ'ব নালাগে । কাৰণ সুৰা এটা বেলেগ ধৰণৰ ব্যৱসায় । ল'ৰা-ছোৱালীয়ে চাই নহয়, সেইবাবে এইটো বাতৰিৰ পৰা সংবাদ মাধ্যম দূৰত থাকিব লাগে ।"

শাক-পাচলি সংৰক্ষণৰ ব্যৱস্থা নাই:

ৰাজ্য়ত শাক-পাচলিৰ মূল্য়বৃদ্ধি হোৱা প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"মই ভাবো যে বানপানী এতিয়া কমিছে । লাহে লাহে বজাৰত দাম কমিব । অসমত বানপানী হ'লে সকলো খেতি নষ্ট হয় আৰু শাক-পাচলি সংৰক্ষণৰ বাবেও তেনেকুৱা একো ব্যৱস্থা নাই । সেয়ে অসমত বানপানীৰ মাহ দুটাত শাক-পাচলিৰ দাম বাঢ়ে । এই মাহৰ পৰা দাম লাহে লাহে কমা আৰম্ভ হয় । বস্তুৰ নাটনি হোৱাৰ ফলতেই দাম বৃদ্ধি হয় । কোনো অসাধু ব‍্যৱসায়ীৰ কথা নাই । দাম কমিব শীঘ্ৰেই ।"

স্মার্ট মিটাৰৰ বিল বৃদ্ধি পোৱা নাই :

স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,"যদি কোনোবাই এইমাহৰ লগত আগৰ বছৰৰ বিলখন তুলনা কৰে তেতিয়াহ'লে দেখিব যে স্মার্ট মিটাৰত বিল বাঢ়িবই নোৱাৰে । বৰঞ্চ স্মার্ট মিটাৰ লগালে মানুহে বিদ্যুৎ মিতব্যয়িতাৰে ব্যয় কৰে । তাৰ ফলত বিদ্যুতৰ খৰচ কমিহে যায় । সেয়ে কাৰোবাৰ যদি আপত্তি আছে ২০২৪ চনৰ ছেপ্টেম্বৰ আৰু ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ বিলখন তুলনা কৰি চালেই গম পাব যে স্মার্ট মিটাৰৰ বিল বঢ়া নাই ।"

কংগ্ৰেছৰ প্ৰাৰ্থীৰ কথা মোৰ লগত আলোচনা কিয় কৰে ?

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে জালুকবাৰী সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱাক লৈ যি খবৰ ওলাইছে ৷ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," অসমত ১২৬ টা সমষ্টি আছে, কোন ক'ত উঠিব মই কেনেকৈ ঠিক কৰিম । কংগ্ৰেছৰ প্ৰাৰ্থীৰ কথা মোৰ লগত আলোচনা কিয় কৰে, মোৰ লগত বিজেপি প্ৰাৰ্থীৰ কথাক লৈ আলোচনা কৰক ।' লগতে কংগ্ৰেছৰ জোনাইৰ পৰা সোনাইলৈ কৰা যাত্ৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, 'খুউব ভাল কথা, যিমান যাত্ৰা কৰে সিমানেই গম পাব অসমত কাম-কাজ কিমান হৈছে ।"

মহানগৰীৰ নলা-নৰ্দমাৰ কাম কেতিয়াবা সম্পূৰ্ণ হ'ব ?

মহানগৰীৰ নলা-নৰ্দমাসমূহৰ প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," এইকেইটা দিন বৰষুণৰ বাবে অকমান নলা-নৰ্দমাৰ গণ্ডগোল আছে । পূজাৰ আগত মহানগৰীৰ নলা-নৰ্দমা সকলো কাম ঠিক হৈ যাব ।"

আলফা স্বাধীনৰ কাম আলফা স্বাধীনে কৰিব :

১৫ আগষ্টত আলফা স্বাধীনৰ বোমা সংস্থাপনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়,"কোনোবাই যদি ঘটনা কৰিব খোজে তাক বাধা দিবৰ কাৰণে পুলিচে চেষ্টা কৰিব লাগিব । যোৱা ২০/৩০ বছৰ ধৰি আৰক্ষীয়ে এই কাম কৰিয়ে আহিছে । আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিব , আলফা স্বাধীনৰ কাম আলফা স্বাধীনে কৰিব । দুয়োটা পক্ষই এনেকুৱা কাম যোৱা ৪০ বছৰ ধৰি কৰিয়েই আছে । "

বি টি আৰৰ নিৰ্বাচনৰ সন্দৰ্ভত মুখ্য়মন্ত্ৰীয়ে কি ক'লে ?

বিগত কিছুদিন ধৰি বি টি আৰত বিজেপিয়ে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাক লৈ চলি থকা চৰ্চা প্ৰসংগত মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়," বি টি আৰত সদায় আমি অকলেই থাকো । এইটো নতুন বাতৰি নহয় । লোকসভা আৰু বিধানসভাত আমি ইউ পি এলক সমৰ্থন কৰো আৰু বি টি চি নিৰ্বাচন হ'লে বন্ধুত্বপূৰ্ণ ভাৱে নিৰ্বাচন খেলো ।"

লগতে পঢ়ক:উশাহ ঘূৰিল সুৰাপায়ীৰ: 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব সুৰাৰ দাম - LIQUOR PRICE REDUCE

ভাতৃ-ভগ্নীৰ একতা সুদৃঢ় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীক ৰাখী পিন্ধালে ভগ্নীয়ে - Raksha bandhan 2024

ABOUT THE AUTHOR

...view details