অসম

assam

ETV Bharat / state

এতিয়া নহয়, ঢোলে-কুলিয়ে একেবাৰে ব'হাগতহে পঞ্চায়ত নিৰ্বাচন - ASSAM CM ON PANCHAYAT ELECTIONS

অৱশেষত অনিশ্চয়তাৰ অন্ত পৰিল । অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত উচ্চ ন্যায়ালয়ে দিলে ৰায় ।

Panchayat elections in Assam
পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত ন্যায়ালয়ৰ ৰায়দান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 6:16 PM IST

গুৱাহাটী/ বাইহাটা :অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল । অনিশ্চয়তা আঁতৰি অৱশেষত আহিল পঞ্চায়ত নিৰ্বাচনক লৈ বহুপ্ৰতীক্ষিত খবৰটো । পঞ্চায়ত নিৰ্বাচনক লৈ ন্যায়ালয়ৰ পৰা আহিল ডাঙৰ খবৰ । অৱশেষত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । অসম চৰকাৰক নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আঁতৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে অনুমতি ।

৯খন পঞ্চায়তক বাদ দি বাকী পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছে । উল্লেখ্য যে পঞ্চায়তৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ ন্যায়ালয়ত দাখিল হৈছিল কেইবাখনো আবেদন ।

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত ন্যায়ালয়ৰ ৰায়দান (ETV Bharat Assam)

পঞ্চায়ত নিৰ্বাচনৰ বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ পৰাত সিদ্ধান্ত ল’ব পৰা নাছিল ৰাজ্য চৰকাৰে । অৱশেষত দেওবাৰে ন্যায়ালয়ে জটিলতা থকা ৯খন পঞ্চায়তক বাদ দি বাকী পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ৰায়দান দিয়ে ।

উল্লেখ্য যে শুকুৰবাৰে কেবিনেট বৈঠকৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে সিদিনা নিশা ১২ বজাৰ ভিতৰত ৰায় নিদিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ নোহোৱালৈ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেনেস্থলত আজিৰ ৰায়দানৰ পিছত পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:পঞ্চায়ত নিৰ্বাচন হ'ব নে নাই : কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব তাকলৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছিল,"পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে । সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নিবিচাৰে । বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগে আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে । আমি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে উদগ্ৰীৱ হৈ বহি আছো । কিন্তু এই পৰ্যন্ত ৰায়দান অহা নাই । আজি নিশা ১২ বজালৈ ৰায়দান নাপালে আমি পঞ্চায়ত নিৰ্বাচনটো মেট্ৰিক নাইবা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছলৈকে লৈ যাব লাগিব । কাৰণ ১৪ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হ'ব । গতিকে দিন ঘোষণা কৰিলে এমাহ সময় লাগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ । মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাজত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব ।"

ইফালে, দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চাংসাৰিত জালুকবাৰীৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্রীগৰাকীয়ে কয়," বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ নাই । সন্মুখত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আছে । পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এমাহ সময় লাগে । তেনেস্থলত ব'হাগ বিহুৰ আগে-পিছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব ।"

চাংসাৰিত ১৭০০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা :

কামৰূপৰ চাংসাৰিত আজি প্ৰতিবছৰৰ দৰে এইবেলিও মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ সমষ্টি জালুকবাৰীৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা তথা বৃত্তি প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কণ্ঠশিল্পী তৰালী শৰ্মাৰ ভক্তিমূলক গীতৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা অনুষ্ঠানটোত ১৭০০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু বৃত্তি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আদি ।

লগতে পঢ়ক:পঞ্চায়ত নিৰ্বাচন : শাসকীয় দলৰ তৎপৰতাৰ বিপৰীতে নিষ্প্ৰভ বিৰোধী

ABOUT THE AUTHOR

...view details