অসম

assam

সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ নামৰূপত: গ্ৰাহকে লাভ কৰিব ৰাজসাহায্য় - Solar Power Project

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 8:20 PM IST

Solar power project at Namrup : নামৰূপত ২৫ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ । প্ৰকল্পটোত ব্যয় হ’ব ১১৫ কোটি টকা ৷ বছৰি উৎপন্ন হ'ব ৫০ মিলিয়ন ইউনিট বিদ্যুৎ ।

Solar power project at Namrup
সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ নামৰূপত (X/@himantabiswa)

ডিব্ৰুগড়, 14 জুন: ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে বিদ্যুতৰ সমস্যা । প্ৰতিদিনে বিদ্যুতৰ লুকাভাকুত অতিস্থ হৈছে ৰাইজ । সেয়ে ৰাজ্যত বিদ্যুতৰ নাটনি জোৰা মাৰিবলৈ সৌৰশক্তি প্ৰকল্প স্থাপনত গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । এই লক্ষ্য আগত ৰাখি শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ নামৰূপত ২৫ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই সৌৰশক্তি প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ হ'লে বছৰি ৫০ মিলিয়ন ইউনিট বিদ্যুৎ উৎপন্ন হ'ব ।

সৌৰশক্তি প্ৰকল্পৰ কাম আৰম্ভ নামৰূপত (ETV Bharat Assam)

নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ চৌহদত নিৰ্মাণ হ’বলগা এই প্ৰকল্পটো অইল আৰু অসম শক্তি উৎপাদন নিগমৰ যৌথ কোম্পানী এ.পি.জি.চি.এল অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ দ্বাৰা নিৰ্মাণ কৰা হ’ব ।

লগতে পঢ়ক:"মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি"ৰ বিষয়ে কি ক’লে ছাত্ৰীয়ে ?

মুখ্যমন্ত্ৰীগৰাকীয়ে নামৰূপত এই সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এখন ৰাজহুৱা সভা সম্বোধন কৰে ৷ উক্ত সভাত বৰ্তমান সময়ত বিদ্যুতৰ নাটনি আৰু এই সমস্যা সমাধানৰ বাবে কেনেকৈ সৌৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব সেই বিষয়ে ৰাইজক অৱগত কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসমত বিদ্যুৎ উৎপাদনৰ বাবে বিশেষ সুবিধা নথকাৰ বাবে সৌৰশক্তিৰ ওপৰত গুৰুত্ব দিবলগীয়া হৈছে । বৰ্তমান ৰাজ্যত ৭ টাকৈ সৌৰশক্তি প্ৰকল্প স্থাপন কৰা হৈছে ।’’

শোণিতপুৰ জিলাৰ বৰচলা আৰু ধুবুৰীত প্ৰকল্প আৰম্ভ কৰাৰ লগতে আজি নামৰূপত এইটো ২৫ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে নিজৰ ভাষণৰ জৰিয়তে ৰাইজক প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ বিজুলী যোজনা আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনায় । এই আচঁনিৰ জৰিয়তে এটা পৰিয়ালে ৩ কিলোৱাট সৌৰশক্তি উৎপাদন কৰিব পাৰিলে বিদ্যুতৰ সমস্যা নাথাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খুৱালে গেলা কণী : তাৰ পিচত হাহাকাৰ

এই আচঁনিখনৰ সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী গ্ৰাহকে ক্ৰয় কৰিব লাগিব ছ’লাৰ পেনেল ৷ 3 কিল’ৱাটৰ ছ’লাৰ পেনেলখনৰ বাবে খৰচ হ’ব এক লাখ পঞ্চাশ হাজাৰ টকা ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি এক লাখ ত্ৰিশ হাজাৰ টকাৰ ৰাজ সাহায্য দিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

শুকুৰবাৰৰ সভাখনত মুখ্যমন্ত্ৰীৰ সৈতে উদ্যোগ মন্ত্ৰী বিমল বড়া, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা , প্ৰশান্ত ফুকন, তেৰছ গোৱালাৰ লগতে ৰাজ্য চৰকাৰৰ কেবাটাও বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:ভয়াৱহ নিবনুৱা সমস্যাৰ কৱলত অসম: পঞ্জীয়নভুক্ত ২৮ লক্ষাধিক কৰ্মহীনৰ ৭৭৫ গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী

ABOUT THE AUTHOR

...view details