অসম

assam

ৰক্ত পৰীক্ষাৰ মাচুল: চৰকাৰী আৰু বেচৰকাৰী হাস্পতালৰ তুলনাত যথেষ্ট কম এইমছত - Blood test charges

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 5:57 PM IST

Blood test charges: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্ত পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । কিন্তু জি এম চি এইছ আৰু ব্যক্তিগত হাস্পতালৰ তুলনাত ৰক্ত পৰীক্ষাৰ মাচুল যথেষ্ট পৰিমাণে কম এইমছত ।

Blood test charges
চৰকাৰী আৰু বেচৰকাৰী হাস্পতালৰ তুলনাত যথেষ্ট কম এইমছত (ETV Bharat)

গুৱাহাটী, ৩ আগষ্ট : শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্ত পৰীক্ষাৰ মাচুল বৃদ্ধি কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ব্যয়বহুল ব্যক্তিগত হাস্পতালত যাব নোৱৰা সাধাৰণ দুখীয়া ৰোগীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্ত পৰীক্ষাৰ মাচুলৰ বৃদ্ধিয়ে মাধমাৰ শোধাইছে । উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৈ বহুগুণে কম সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ চিকিৎসা ব্যয় । গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ৰ প্ৰায়‌ সমানে‌ হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰক্ত পৰীক্ষাৰ ব্যয় ।

ৰক্ত পৰীক্ষাৰ মাচুল বৃদ্ধি :

এতিয়া অসমত ৰক্ত পৰীক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত পাৰ্থক্য প্ৰায় নোহোৱা হৈ আহিছে । এইমছ গুৱাহাটীৰ ৰক্ত পৰীক্ষাৰ মাচুলৰ তালিকালৈ মন কৰিলে দেখা যায় যে প্রায় সংখ্যক পৰীক্ষাৰ বাবদ সামান্য মাচুল হে লোৱা হয় । জিএমচিএইছত একেবোৰ পৰীক্ষাৰ মাচুল কেইবাগুণো অধিক ।

ৰক্ত পৰীক্ষা এইমছত যথেষ্ট কম :

ব্লাড ছুগাৰৰ ফাষ্টিং, পি পি আৰু ৰেণ্ডম পৰীক্ষাৰ তিনিওটাৰে মাচুল জিএমচিএইছত ৩০ টকাৰ পৰা ৬০ টকালৈ বৃদ্ধি কৰা হৈছে । এইমছ গুৱাহাটীত এই পৰীক্ষা একোটা ২০ টকা দিয়েই কৰিব পাৰি । লিভাৰ ফাংচন টেষ্টৰ মাচুল জিএমচিএইছত ৪১০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে, অথচ এইমছত এই মাচুল মাত্র ২২০ টকা, লিপিড প্ৰ'ফাইলৰ মাচুল জি এম চি এইছত ৩৬৫ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰা হৈছে; কিন্তু এইমছত এই মাচুল মাত্র ২০০ টকা । পি এছ এ পৰীক্ষা কৰিলে জি এম চি এইছত দিব লাগিব ৬০০ টকা, এইমছত নিৰ্দ্ধাৰিত মাচুল ২৭৫ টকা; ডি ভিটামিনৰ পৰীক্ষাৰ মাচুল জিএমচিএইছত ১৫০০ টকা, এইমছত এহেজাৰ টকা; ভিটামিন বি-১২ পৰীক্ষাৰ মাচুল এইমছত মাত্ৰ ১০০ টকা যদিও জিএমচিএইছত এহেজাৰ টকা ।

জি এম চি এইছ কৰ্তৃপক্ষৰ প্ৰতিক্ৰিয়া :

উল্লেখ্য যে এইমছ গুৱাহাটী কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত আৰু জিএমচিএইছ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত পৰিচালিত হয় । জিএমচিএইছৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৰক্ত পৰীক্ষাৰ মাচুল বৃদ্ধিৰ যুক্তিযুক্ততা প্রতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । দুয়োজনৰ বক্তব্য হৈছে যে ২২ বছৰৰ পিচত এই মাচুল বৃদ্ধি হৈছে আৰু যুক্তিসংগতভাৱে চিকিৎসা প্রশাসকে গুৱাহাটীৰ ব্যক্তিগত হাস্পতাল বা প্রতিষ্ঠানবোৰত জি এম চি এইছৰ মাচুল যথেষ্ট কম বুলিও ব্যাখ্যা আগবঢ়াইছে । উদাহৰণ স্বৰূপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইম‌ছ), গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেইটামান ৰক্ত পৰীক্ষাৰ তথ্য দাঙি ধৰা হ'ল -

ক'ত কিমান মাচুল ?

পৰীক্ষা ব্যক্তিগত হাস্পতাল জিএমচিএইছ এইমছ
ফাষ্টিং ব্লাড ছুগাৰ ৮০ টকা ৬০ টকা ২০ টকা
পি পি ব্লাড ছুগাৰ ৮০ টকা ৬০ টকা ২০ টকা
ৰেণ্ডম ব্লাড ছুগাৰ ৮০ টকা ৬০ টকা ২০ টকা
ইউৰিণ প্ৰ'টিন ১৯০ টকা ১৫০ টকা ২৫ টকা
এ এল পি ১৯০ টকা ১৫০ টকা ২৫ টকা
এ এল টি ( এ জি অ' টি) ১৮০ টকা ১৫০ টকা ২৫ টকা
কেলচিয়াম ১৮০ টকা ১৫০ টকা ২৫ টকা
ক্ৰিয়েটিনিন ১৯০ টকা ১০০ টকা ২৫ টকা
ভিটামিন ডি টুৱেলভ ১২১০ টকা ১০০০ টকা ১৫০০ টকা
লগতে পঢ়ক :চৰকাৰে জনগণক ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ বাধ্য কৰিব : দেৱব্ৰত শইকীয়া - Medical charge hike

ABOUT THE AUTHOR

...view details