অসম

assam

ETV Bharat / state

দুষ্প্ৰাপ্য সোণালী বান্দৰে হাঁহিছে, হাঁহিছে প্ৰকৃতিপ্ৰেমীয়েও - GOLDEN LANGUR IN KAKAIJANA

সোণালী বান্দৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত চাৰিখনকৈ ওলোমা দলং নিৰ্মাণ । বঙাইগাঁৱৰ কাকৈজানাৰ ওলোমা দলঙৰে পাৰ হৈছে জাকে জাকে সোণালী বান্দৰ ।

Hanging Bridge for rare golden langur at Kakaijana in Bongaigaon
সোণালী বান্দৰৰ বাবে চাৰিখনকৈ ওলোমা দলং নিৰ্মাণ (Bikram Ranjan Ray)

By ETV Bharat Assamese Team

Published : Jan 31, 2025, 8:50 PM IST

গুৱাহাটী:সততে চৰ্চা হয় যে তথ্য-প্ৰযুক্তিৰে পৃথিৱীখন যিমানেই যিমানেই আগবাঢ়ি গৈছে সিমানেই সময় নোহোৱা হৈছে মানুহৰ । কিন্তু তাৰ মাজতেই এতিয়াও এই পৃথিৱীয়ে বহন কৰি আছে প্ৰকৃতিপ্ৰেম আৰু সহৃদয় মানৱতা । তাৰেই প্ৰতিফলন দেখা গৈছে এইখন অসমৰে বঙাইগাঁও জিলাত । এজাক প্ৰকৃতিপ্ৰেমী মানুহৰ তৎপৰতাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে নিৰ্মাণ হ’ল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ বাবে ওলোমা দলং ।

এখন, দুখন নহয়, নিৰ্মাণ হ’ল চাৰিখনকৈ ওলোমা দলং । এতিয়া এই ওলোমা দলঙেৰে স্বছন্দেৰে অহা-যোৱা কৰিছে দুষ্প্ৰাপ্য হলৌ বান্দৰ । এয়া এইখন অসমৰে বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ কাহিনী । বঙাইগাঁও জিলাৰ সংৰক্ষিত কাকৈজানা বনাঞ্চল । ইয়াৰ মাজেৰে পাৰ হৈ গৈছে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । ইয়াৰ ওপৰেদি আছে সোণালী বান্দৰৰ কেইবাটাও অহা-যোৱা কৰা বাট ।

সোণালী বান্দৰৰ বাবে চাৰিখনকৈ ওলোমা দলং নিৰ্মাণ (Bikram Ranjan Ray)

ৰাষ্ট্ৰীয় ঘাইপথেৰে চলা যান-বাহনৰ খুন্দাত দীৰ্ঘদিন ধৰি প্ৰতি বছৰেই অতি দুৰ্ভাগ্যজনকভাৱে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা সোণালী বান্দৰৰ মৃত্যু ঘটি আহিছে । সোণালী বান্দৰৰ মৃত্যুৰ ঘটনাক লৈ ব্যথিত হৈ আহিছে স্থানীয় প্ৰকৃতিপ্ৰেমীসকল ।

প্ৰায় ২৩ বছৰ ধৰি ১৭.২৫ বৰ্গকিলোমিটাৰৰ কাকৈজানা বনাঞ্চলৰ সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে কাম কৰি অহা স্থানীয় প্ৰকৃতিপ্ৰেমী হৰমোহন ৰাভাই ই টিভি ভাৰতক জনায়, “মই যোৱা ২৩ বছৰ ধৰি সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছো । ইয়াত এতিয়া এনেকুৱা সজাগ পৰিৱেশ আৰু সোণালী বান্দৰৰ প্ৰতি প্ৰেম আছে যে এটা সোণালী বান্দৰৰ মৃত্যু ঘটিলে গোটেই কাকৈজানা অঞ্চলত শোকৰ ছাঁ পৰি যায় । মোৰ অভিজ্ঞতা আৰু ক্ষেত্ৰভিত্তিক তথ্যৰ পৰা ইয়াত এতিয়া ৪০০ তকৈয়ো অধিক সোণালী বান্দৰ আছে ক’ব পাৰো ।”

ওলোমা দলঙত সোণালী বান্দৰ (Bikram Ranjan Ray)

কাকৈজানাত সোণালী বান্দৰৰ প্ৰতি প্ৰধানতঃ দুটা প্ৰত্যাহ্বান আহিছে । কাকৈজানা বনাঞ্চলক দুভাগ কৰি পেলোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈ পৰিছে সোণালী বান্দৰৰ বাবে ঘাতকস্বৰূপ । লগতে বৈদ্যুতিকৰণো সোণালী বান্দৰৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে । অৱশ্যে দুয়োটা সমস্য সমাধানৰ বাটো মুকলি হৈছে ।

এই প্ৰসংগত প্ৰকৃতিকৰ্মীজনে কয়, “প্ৰথমটো ভাবুকি হ’ল ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হওঁতে সোণালী বান্দৰবোৰ সঘনাই মৃত্যুমুখত পৰিবলগীয়া হৈ আহিছে । দ্বিতীয়টো মূল কাৰণ হ’ল ইলেকট্ৰিচিটিকৰণ । ৰাস্তাৰ ইলেকট্ৰিচিটি লাইনৰ বাবে শ্বৰ্টচাৰ্কিট হৈয়ো বহুকেইটা সোণালী বান্দৰ আমি হেৰুৱাইছো । আমাৰ দাবীত বিদ্যুৎ বিভাগে পদক্ষেপ লৈ প্লাষ্টিকৰ আৱৰণ থকা তাঁৰ ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । কাকৈজানাৰ ওচৰত ৩৪ খন গাঁও আছে । আটাইবোৰতে প্লাষ্টিক আৱৰণৰ তাঁৰ লগোৱাৰ বাবে কামকাজ অব্যাহত ৰাখিছে ।”

ওলোমা দলঙত সোণালী বান্দৰ (Bikram Ranjan Ray)

উল্লেখ্য যে এই সোণালী বান্দৰ International Union for Conservation of Nature ৰ ৰেড বুকত দুষ্প্ৰাপ্য প্ৰাণীৰূপে উল্লিখিত । ধনেশ পক্ষী, বনৰৌ, নাহৰফুটুকী বাঘ, কেটেলা পহু, অজগৰ, উৰণীয়া কেৰ্কেটুৱা, বিভিন্ন প্ৰজাতিৰ পহু আদি জীৱ-জন্তু আৰু পক্ষীৰ বিচৰণথলী এই কাকৈজানা বনাঞ্চল ।

“দীৰ্ঘদিন ধৰি তীব্ৰবেগী গাড়ীৰ চেপাত মৃত্যু ঘটি আহিছে জীৱ-জন্তুৰ । গাড়ীৰ চেপাত ২০২৩ চনত ৯ টা সোণালী বান্দৰৰ মৃত্যু ঘটিছে, ২০২৪ চনত ৯ টা আৰু ২০২৫ চনৰ ৪ জানুৱাৰীত তীব্ৰবেগী গাড়ীৰ খুন্দাত এটা সোণালী বান্দৰৰ মৃত্যু হয় ৷ ৪ জানুৱাৰীত সোণালী বান্দৰটোৰ মৃত্যু ঘটাৰ পিছত স্থানীয় ৰাইজে দাবী তোলে কাকৈজানা বনাঞ্চলৰ সোণালী বান্দৰৰ সুৰক্ষাৰ । দাবী তোলে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে ৷ আনকি ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে ।” এই কথা সদৰী কৰে স্থানীয় প্ৰকৃতিপ্ৰেমী হৰমোহন ৰাভাই ।

ওলোমা দলঙত সোণালী বান্দৰ (Bikram Ranjan Ray)

ইয়াৰ পিছতেই স্থানীয় ৰাইজৰ দাবী অনুসৰি বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ উদ্যোগত জানুৱাৰীৰ প্ৰথম সপ্তাহত পৰীক্ষামূলকভাৱে ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হৈছিল প্ৰথমাৱস্থাত এখন ওলোমা দলং । অতি কমদিনৰ ভিতৰতে সকলোৰে মুখত হাঁহি বিৰিঙাই নিৰ্মাণৰ এসপ্তাহ নৌহোতেই ওলোমা দলঙেৰে পাৰ হৈছিল সোণালী বান্দৰৰ এটা জাক আৰু তাৰ পিছতেই জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কাকৈজানাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পুনৰ নিৰ্মাণ হ’ল আৰু তিনিখনকৈ ওলোমা দলং ।

এতিয়া কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সোণালী বান্দৰৰ বাবে আছে মুঠ ৪ খনকৈ ওলোমা দলং । এতিয়া স্থানীয় ৰাইজক আনন্দিত পৰি সুৰক্ষিতভাৱে ওলোমা দলঙেদি সোণালী বান্দৰে অহা-যোৱা কৰিছে । এই চাৰিখন দলঙৰ ভিতৰত ভাৱৰীয়াপাৰাত দুখনকৈ দলং, কদমতলা অঞ্চলত এখন, কুচিয়াকাটা নামৰ ঠাইখনত এখন ওলোমা দলং নিৰ্মিত হৈছে । এই ওলোমা দলংবোৰ প্লাষ্টিকৰ আঁৱৰণেৰে মেৰিওৱা তাঁৰ আৰু আন সুৰক্ষিত সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে ।

ওলোমা দলং নিৰ্মাণ (Bikram Ranjan Ray)

হৰমোহন ৰাভাই আৰু কয়, “ইতিমধ্যে সোণালী বান্দৰৰ কৰিড'ৰত চাৰিখন ওলোমা দলং নিৰ্মাণ কৰা হৈছে । চতুৰ্থখন দলং নিৰ্মাণৰ ১২ ঘণ্টা নৌহওঁতেই সোণালী বান্দৰে দলংখন ব্যৱহাৰ কৰিছে । ইয়াত সোণালী বান্দৰৰ কৰিড'ৰত আৰু তিনিখন ওলোমা দলঙৰ প্ৰয়োজন আছে । আমি সোনকালেই এই তিনিখন দলং নিৰ্মাণৰ বাবে আহ্বান জনাইছো । লগতে কাকৈজানা বনাঞ্চলক অভয়াৰণ্যৰূপে ঘোষণা কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনাইছো ।”

আনহাতে, সোণালী বান্দৰৰ সংৰক্ষণ আৰু ওলোমা দলঙৰ লগত জড়িত প্ৰকৃতিপ্ৰেমী তথা অভয়াপুৰী মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক বিক্ৰম ৰঞ্জন ৰয়ে কয়,“সৰ্বমুঠ চাৰিখন ওলোমা দলঙে এতিয়া শোভাবৰ্ধন কৰাছে কাকৈজানাত । সম্পৰীক্ষামূলকভাৱে কৰা এই দলং নিৰ্মাণ কৰি প্ৰাথমিক অৱস্থাত আমি সফল হৈছো । ওলোমা দলঙেদি সোণালী বান্দৰৰ অহা-যোৱা আৰম্ভ হৈছে । এই ওলোমা দলং পথ ঠিকে-ঠাকে থাকিলে সোণালী বান্দৰ এই ওলোমা দলঙেৰে ৰাষ্ট্ৰীয় ঘাইপথ ইপাৰ-সিপাৰ কৰা দৃশ্য আৰু সোণালী বান্দৰৰ বাবে পৰ্যটকৰ বাবে কাকৈজানা হৈ পৰিব আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।”

বৰ্তমান আৰু তিনিখন ওলোমা দলঙৰ প্ৰয়োজন আছে । ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ কিম্বা বন বিভাগক অতি সোনকালে এই তিনিখন ওলোমা দলঙৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালে ৰয়ে ।

লগতে পঢ়ক:ৰাজ্যত এনেদৰে চলি আছে বন্যজন্তুৰ অংগৰ সৰবৰাহ - WILDLIFE ORGAN TRAFFICKING

এন এফ ৰেলৱেৰ বলিষ্ঠ পদক্ষেপ; ৰক্ষা পৰিল ১৬৮৭ টা হাতীৰ জীৱন - ELEPHANT DEATH ON TRACK

ABOUT THE AUTHOR

...view details