অসম

assam

ETV Bharat / state

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে ভাৰা শিক্ষাৰ্থীৰ বাবে ৫০% হ্ৰাস - Guwahati ropeway service - GUWAHATI ROPEWAY SERVICE

Guwahati to North Guwahati Ropeway service: গুৱাহাটী উত্তৰ-গুৱাহাটী সংযোগী ৰ'পৱে ভাৰা ছাত্ৰ-ছাত্ৰীৰ ৫০% হ্ৰাস কৰাৰ নিৰ্দেশনা জি এম ডি এৰ ৷ বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত জাহাজৰ চলাচলত কিছু ব্যাঘাতৰ সৃষ্টি হয় ৷ যাৰবাবে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে বিভাগটোৰ ।

Guwahati to North Guwahati Ropeway service
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে ভাৰা শিক্ষাৰ্থীৰ বাবে ৫০% হ্ৰাস (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 2:16 PM IST

গুৱাহাটী, ১৮ জুন: গুৱাহাটী-উত্তৰ-গুৱাহাটী সংযোগী ৰ'পৱে ভাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অস্থায়ীভাৱে ৫০% হ্ৰাস কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জি এম ডি এৰ কতৃৰ্পক্ষই । বাৰিষাৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত জাহাজৰ চলাচল ব্যবস্থাত কিছু ব্যাঘাতৰ সৃষ্টি হৈছে । যাৰ বাবে জি এম ডি এ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে এক জাননীযোগে এই নিৰ্দেশনা জাৰি কৰে ৷

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে ভাৰা শিক্ষাৰ্থীৰ বাবে ৫০% হ্ৰাস (ETV BHARAT ASSAM)

লগতে পঢ়ক :ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত, ১.০৫ লাখ লোক ক্ষতিগ্রস্ত - Assam Flood 2024

গুৱাহাটীৰ পৰা উত্তৰ-গুৱাহাটীলৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ আই কাৰ্ড দেখুৱালে লাভ কৰিব এই সুবিধা । আগন্তুক এমাহৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে এই সুবিধা বাহাল থাকিব ।

উল্লেখ্য যে, সম্প্ৰতি ৰ'পৱেৰ অহা-যোৱা ভাৰা ১২ বছৰৰ উৰ্ধৰসকলৰ বাবে ২০০ টকা আৰু ৩ বছৰৰ পৰা ১২ বছৰৰ ভিতৰৰ ল’ৰা-ছোৱালীসকলৰ বাবে ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ পূৰ্বেও জি এম ডি এ কৰ্তৃপক্ষই বাৰিষাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে ৰ’পৱেৰ ভাড়া হ্ৰাস কৰিছিল ।

লগতে পঢ়ক :একেটা মাহতে দ্বিতীয়টো বানত বুৰিল হোজাই - assam flood 2024

জি এম ডি এ কৰ্তৃপক্ষৰ এই পদক্ষেপক যাত্ৰী তথা স্থানীয় ৰাইজে আদৰণি জনাইছে যদিও এই ক্ষেত্ৰত তেওঁলোকে কিছু আক্ষেপো প্ৰকাশ কৰিছে ৷ গুৱাহাটীত উত্তৰ গু‍ৱাহাটীৰ বহুতো বে-চৰকাৰী কৰ্মচাৰী আছে, যাৰ দৰমহা নিচেই সামান্য ৷ তাৰোপৰি তেওঁলোকে কামত নগ’লে দৰমহাও নাপায় । সেয়েহে তেওঁলোকে এইসকলৰ কৰ্মচাৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বাৰিষাৰ সময়ছোৱাত বিশেষকৈ জাহাজৰ চলাচল বন্ধ থকা সময়ত ৰ’পৱেৰ ভাড়া তেওঁলোকৰ বাবে কিছু হ্ৰাস কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায় ৷

লগতে পঢ়ক :গহপুৰত আকস্মিক বান, ছত্ৰং নৈয়ে উটুৱাই নিলে দলং - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details