অসম

assam

ETV Bharat / state

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নামকৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে - KUMAR BHASKAR VARMA SETU

'কুমাৰ ভাস্কৰ বৰ্মা সেতু' হিচাপে নামকৰণ কৰা হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা দলঙখনৰ নাম ৷

KUMAR BHASKAR VARMA SETU
গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নামকৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 5:51 PM IST

Updated : Jan 1, 2025, 6:35 PM IST

গুৱাহাটী: গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙখনৰ কাম সম্পূৰ্ণ নৌহওঁতেই দলঙখনৰ নামকৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে পহিলা জানুৱাৰীৰ দিনা 'নতুন দিনৰ আলাপ' অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখনক 'কুমাৰ ভাস্কৰ বৰ্মা সেতু' হিচাপে নামকৰণ কৰাৰ কথা ঘোষণা কৰে ৷ এই দলঙখনৰ নামকৰণ কৰি শৰ্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে উল্লেখ কৰে যে কামৰূপৰ প্ৰসিদ্ধ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ ঐতিহ্য-অৱদানক জীয়াই ৰখাৰ অসম চৰকাৰৰ এয়া বিনম্ৰ প্ৰয়াস ৷

উল্লেখ্য যে, ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলঙখনৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ তাৰ পিচত ২০২০ চনৰ পৰা দলঙখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল ৷ মনকৰিবলগীয়া যে, ৰাজ্য চৰকাৰে ২০২৩ চনৰ ভিতৰত উত্তৰ গুৱাহাটীৰ ৰাইজৰ বহু আকাংক্ষিত দলঙখন নিৰ্মাণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল ৷ বৰ্তমানলৈ ব্ৰহ্মপুত্ৰ নদীত দলঙৰ ৬ টা খুঁটা বহুৱাৰ পৰা আৰম্ভ কৰি দলঙখনৰ সংযোগী পথ নিৰ্মাণৰ কাম সমান্তৰালভাৱে চলি আছে ।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিমাৰ্ণ কৰি থকা দলঙখনৰ বাবে ব্ৰিছৰ নিউ ডেভেল'পমেন্ট বেংক চমুকৈ এন ডি বিয়ে ২০০০ কোটি টকাৰ ঋণ দিছে ৷ দলঙখনৰ বিস্তৃত প্ৰকল্পৰ প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে ৷ দলঙখন নির্মাণ সম্পূৰ্ণ হ'লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বাট মাত্ৰ ৭ মিনিট হ'ব ৷ গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলঙখন ছয় লেনযুক্তকৈ নিৰ্মাণ কৰা হ'ব ৷ দলঙখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিমাৰ্ণ কৰা হ'ব ৷

ইতিমধ্যে এ টি ৰোড আৰু এম জি ৰোডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলঙখন নিৰ্মাণৰ কৰি থকা হৈছে ৷ উত্তৰ গুৱাহাটীৰ পৰা আহি দলঙখনে এ টি ৰোডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ পইন্টত স্পৰ্শ কৰিব । স্বাগত হাস্পতালৰ ওচৰৰ পইন্টতৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু বিপৰীতে উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেস্কৰ পইন্টলৈ আহিব পাৰিব ৷ দুয়োটা দলঙপথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব ৷ দলঙখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী 'ৱাই' ৰ দৰে নিৰ্মাণ কৰা হ'ব ৷

ইতিমধ্যে দলঙখনৰ দক্ষিণ দিশত অৰ্থাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত এটা আৰু এম জি ৰোডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ সন্মুখত আন এটা ৰ'টাৰী নিৰ্মাণ কৰা হৈছে ৷ দুয়োটা ৰ’টাৰীৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ কৰা হৈছে ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা যোৱা দলঙখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ 390 মিটাৰ তলেৰে যাব ৷ তাৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ছয়লেনযুক্ত ৰাস্তা নিমাৰ্ণ কৰা হ'ব ৷ শেহতীয়াকৈ ২০২৬ চনৰ ভিতৰত দলঙখন নিৰ্মাণৰ সময় নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক:নৱবৰ্ষৰ উপহাৰ; গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প

Last Updated : Jan 1, 2025, 6:35 PM IST

ABOUT THE AUTHOR

...view details