যোৰহাট, 16 জুলাই:এফালে উৎকট গৰম আৰু আনফালে বিদ্যুতৰ লুকাভাকু । শক্তি বিভাগে বিৰক্ত কৰিছে ৰাজ্যবাসীক । নিয়মীয়া বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া অতিষ্ঠ ৰাজ্যবাসী । 'ঘৰে ঘৰে বিজুলী যোগান'ৰ শ্ল'গান দিয়া বিজেপি চৰকাৰখনে 24 ঘন্টাৰ ভিতৰত 8 ঘন্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷ সোমবাৰে ঘন্টাৰ পাচত ঘন্টা ধৰি উজনি অসমত বিদ্যুত যোগানক কেন্দ্ৰ কৰি সৰ্বসাধাৰণৰ মাজত সৃষ্টি হ’ল হাহাকাৰময় পৰিৱেশৰ ।
মৰিয়নী পাৱাৰ গ্ৰীডৰ বাবে উজনিত সোমবাৰে সৃষ্টি হয় অন্ধকাৰময় পৰিৱেশৰ । যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী পাৱাৰ গ্ৰীডত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে সোমবাৰে নিশা একপ্ৰকাৰ অন্ধকাময় হৈ পৰিল সমগ্ৰ উজনি অসম ৷ লখিমপুৰ আৰু ধেমাজি জিলাৰ বাদে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া আৰু গোলাঘাট জিলাত ঘন্টাৰ পিচত ঘন্টা ধৰি বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰা ফলত একপ্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় ৷
ভুক্তভোগীয়ে প্ৰথমাৱস্থাত এয়া লোডশ্বেডিং বুলি ধাৰণা কৰিছিল যদিও বহু সময় ধৰি বিদ্যুৎ নহাত অতীষ্ঠ হৈ পৰে সাধাৰণ ৰাইজ ৷ ইয়াৰ পাচতেই কোনোৱে এই অসুবিধা সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰে আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত শক্তি বিভাগে নিৰৱচ্ছিন্নভাবে কাম কৰি নিশাৰ ভিতৰতে বিকল হোৱা বিদ্যুৎ ব্যৱস্থাক কাৰ্যক্ষম কৰি বিদ্যুত যোগানৰ ব্যৱস্থা কৰিলে ।