অসম

assam

ETV Bharat / state

বৰপেটাৰোডত ৰাজ্যপাল: উদ্বোধন কৰিলে সৰোবৰ-ওলোমা সেতু - BISHNU JYOTI SAROVAR PARK

১.৫ কোটি টকা ব্যয় সাপেক্ষে বিষ্ণু-জ্যোতি সৰোবৰৰ চৌদিশে পকী দেৱাল নিৰ্মাণ কৰাৰ লগতে সেই দেৱালত আটকধুনীয়াকৈ বিভিন্ন ছবিও অংকন কৰা হৈছে ।

BISHNU JYOTI SAROVAR PARK
বৰপেটাৰোডত বিষ্ণু-জ্যোতি সৰোবৰ, ওলোমা সেতু আৰু ক্লক টাৱাৰ উদ্ধোধন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ (X@RanjeetkrDass)

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 10:15 PM IST

বৰপেটাৰোড:বৰপেটাৰোড নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বৰপেটাৰোড পৌৰসভাই নিৰ্মাণ কৰা বিষ্ণু-জ্যোতি সৰোবৰ, সৰোবৰৰ ওপৰত নির্মাণ কৰা ওলোমা সেতু আৰু অম্বিকাগিৰী চ’কত নিৰ্মাণ কৰা ক্লক টাৱাৰ মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই । ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিধায়ক মনোৰঞ্জন তালুকদাৰ, ফণীধৰ তালুকদাৰ, বৰপেটাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা আৰু পৌৰপতি ৰাজেশ সৰকাৰ ।

বৰপেটাৰোড পৌৰসভাই ৬৪ লাখ ৭৫ হেজাৰ টকা ব্যয়সাপেক্ষে চহৰখনৰ বিষ্ণু-জ্যোতি সৰোবৰত ওলোমা সেতু নিৰ্মাণ কৰাৰ লগতে ৩৯ লাখ ৪২ হেজাৰ টকা ব্যয়েৰে ক্লক টাৱাৰটো নিৰ্মাণ কৰে । ১.৫ কোটি টকা ব্যয় সাপেক্ষে বিষ্ণু-জ্যোতি সৰোবৰৰ চৌদিশে পকী দেৱাল নিৰ্মাণ কৰাৰ লগতে সেই দেৱালত আটকধুনীয়াকৈ বিভিন্ন ছবিও অংকন কৰা হৈছে । বৰপেটাৰোড পৌৰসভাই নিৰ্মাণ কৰা তিনিওখন অভিলাষী আঁচনি উদ্বোধন কৰাৰ পাছত এখন মুকলি সভাতো অংশ লয় ৰাজ্যপাল আচার্যই ।

বৰপেটাৰোডত বিষ্ণু-জ্যোতি সৰোবৰ, ওলোমা সেতু আৰু ক্লক টাৱাৰ উদ্ধোধন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ (ETV Bharat Assam)

ৰাজ্যপাল আচাৰ্যই এই কাৰ্যসূচীৰ পাছত সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয়, "অসম এক সংস্কৃতিবান ঠাই । অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে মিলিত হৈ অসমখনক আগুৱাই লৈ যোৱাত সহায় কৰিছে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বিধায়ক মনোৰঞ্জন তালুৰদাৰেও বৰপেটাৰোডৰ সৰ্বস্তৰৰ ৰাইজৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰি আহিছে ৷" বিভিন্ন ভাষা-ভাষীৰ লোকেৰে গঠিত বৰপেটাৰোডৰ দৰে ঠাইত সমাজৰ বিভিন্ন পৰ্যায়ৰ লোকৰ উপকাৰত আহিব পৰাকৈ কেবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই ৷

লগতে পঢ়ক:ত্যাগ-বলিদানৰ গৌৰৱোজ্বল ইতিহাসেৰে মহিমামণ্ডিত অসম আৰক্ষী: ৰাজ্যপাল আচাৰ্য - Assam Police Day 2024

ABOUT THE AUTHOR

...view details