গুৱাহাটী :ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত আর্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণৰ বাবে চৰকাৰে ২৫ ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । মুকলি কৰিব লাগিব প'ৰ্টেল । দীৰ্ঘদিনে ৰাজ্য চৰকাৰে এই বিষয়টোক অৱজ্ঞা কৰি আহিছিল যদিও গুৱাহাটী উচ্চন্যায়ালয়ে এইক্ষেত্রত জাৰি কৰিছে এক নিৰ্দেশ । অলপতে ন্যায়ালয়ে শিক্ষা বিভাগক অন্তিম সুযোগ হিচাপে ২৫ ডিচেম্বৰ ধাৰ্য কৰি দিছে ।
সেই সময়সীমাৰ ভিতৰত শিক্ষা বিভাগে ন্যায়ালয়ে দিয়া নির্দেশ অনুসৰি ৱেব প'ৰ্টেল কাৰ্যকৰী কৰিব লাগিব । উল্লেখ্য যে উই ফৰ গুৱাহাটী ফাউণ্ডেছন নামৰ এটা সংস্থাই বিষয়টো সন্দৰ্ভত ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰিছিল । ৩০/২০২৩ নম্বৰত পঞ্জীয়ন হোৱা আবেদনখনৰ কেইবালানি শুনানিৰ অন্তত ন্যায়ালয়ে বিদ্যালয় শিক্ষা বিভাগক আসন সংৰক্ষণ নিশ্চিত কৰিবলৈ এটা ৱেব প'ৰ্টেল মুকলি কৰিবলৈ নিৰ্দেশ দিছিল ।
কিন্তু সেই নিৰ্দেশ শিক্ষা বিভাগে কাৰ্যকৰী নকৰি ন্যায়ালয়ৰ পৰা একাধিকবাৰ অতিৰিক্ত সময়হে বিচাৰিছিল । শেহতীয়াকৈ এই সন্দৰ্ভত এখন কার্যালয় জাননী জাৰি কৰা হয় । ন্যায়ালয়ে প্ৰক্ৰিয়াটো যাতে স্থৱিৰ নহয় তাৰ বাবে বিদ্যালয় শিক্ষা বিভাগক চূড়ান্ত সময়সীমা ধাৰ্য কৰি দিয়ে । সেই অনুসৰি শিক্ষা বিভাগে নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত প'ৰ্টেল মুকলি কৰিব লাগিব ।
লক্ষণীয় বিষয় যে ন্যায়ালয়ৰ নিৰ্দেশৰ পাচত শিক্ষাৰ অধিকাৰ আইন অনুসৰি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ২৫ শতাংশ আসনত দুখীয়া শিক্ষাৰ্থীক নামভৰ্তিৰে অধ্যয়নৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰ বাধ্য । ন্যায়ালয়ৰ হেঁচাত পৰি শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫ শতাংশ আসন দুখীয়া শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ কৰিবলৈ নামভৰ্তিৰ বাবে প'ৰ্টেল খুলিব লাগিব ।
উল্লেখ্য যে ৰাজ্য চৰকাৰে দুখীয়া শিক্ষার্থীৰ নামভৰ্তিৰ বাবে সকলো জিলাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ তালিকা প্রস্তুত কৰিও বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত ইমানদিনে হোঁহকা-পিছলা নীতিহে লৈ আহিছিল । নামী-দামী ব্যক্তিগত বিদ্যালয়সমূহৰ ২৫ শতাংশ আসন সংৰক্ষিত হ'লে দুখীয়া শিক্ষাৰ্থীয়ে এই শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰ সুবিধা লাভ কৰিব ।
শিক্ষা বিভাগে দুখীয়া শিক্ষার্থীক নামভৰ্তিৰ বাবে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তালিকাও প্রস্তুত কৰি থৈছে । শিক্ষাৰ অধিকাৰ আইনৰ ভিত্তিত ২৫ শতাংশ আসনত নামভৰ্তিৰ বাবে প্ৰতিখন জিলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ চিনাক্ত কৰা হৈছে যদিও নামভৰ্তিৰ বাবে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নাই ।
ব্যক্তিগত শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত শিক্ষা বিভাগৰ (ETV Bharat Assam)
ব্যক্তিগত শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত শিক্ষা বিভাগৰ :
প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ আওতাত পৰা ২৩৯৬ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় দুখীয়া শিক্ষার্থীক ২৫ শতাংশ নামভৰ্তিৰ বাবে তালিকা প্রস্তুত কৰা হৈছে । আনহাতে মাধ্যমিক পর্যায়ত ১১৮৬ খন বিদ্যালয় চিনাক্ত কৰা হৈছে । প্রাথমিক শিক্ষা সঞ্চালকালয়ে কেৱল কামৰূপ মহানগৰ জিলাতে ২৮ খন ব্যক্তিগত খণ্ডৰ নামী-দামী বিদ্যালয় চিহ্নিত কৰিছে । প্রাথমিক শিক্ষা সঞ্চালকালয়ে ২৫ শতাংশ আসনত দুখীয়া শিক্ষার্থীক বিনামূলীয়া নামভৰ্ত্তিৰ বাবে প্ৰস্তুত কৰা তালিকাত আছে বহু অভিজাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ নাম ।
কামৰূপ মহানগৰ জিলাৰ তালিকাত থকা আন শিক্ষানুষ্ঠানসমূহৰ ভিতৰত আছে ৱেষ্ট পইণ্ট হাইস্কুল, জ্ঞানোদয় জাতীয় বিদ্যালয়, এছ বি অ' এ পাব্লিক স্কুল, দিছপুৰ ইংলিছ একাডেমি,৩খন মহর্ষি বিদ্যালয় , ৰেডিয়েন্ট ইন্টাৰনেশ্যনেল স্কুল, স্বদেশী একাডেমী, এন পি এছ ইন্টাৰনেশ্যনেল স্কুল, ফেকাল্টী হায়াৰ ছেকেণ্ডাৰী স্কুল, মনফ'ৰ্ট স্কুল, হিন্দুস্তানী কেন্দ্রীয় বিদ্যালয় আদি । বিভিন্ন জিলাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিভাগে যি তালিকা প্রস্তুত কৰিছে তাত মাতৃভাষা মাধ্যমৰ জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন আৰু বিদ্যা নিকেতনৰ নামো আছে ।
শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত কামৰূপ মহানগৰকে ধৰি আন আন জিলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫ শতাংশ বিনামূলীয়া নামভৰ্তিৰ বাবে শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰিছে যদিও কাৰ্যকৰী ৰূপ নিদিয়াত শিক্ষা বিভাগ উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হৈছে । ইফালে মাধ্যমিক পৰ্যায়ত ১১৮৬খন বিদ্যালয়ৰ ২৫ শতাংশকৈ আসন সংৰক্ষণ বাবে চিনাক্ত কৰি থোৱা হৈছে । ইয়াৰ ভিতৰত সৰ্বাধিক সংখ্যক গোৱালপাৰা জিলাতে ২২৫খন বিদ্যালয়ৰ তালিকা প্রস্তুত কৰা হৈছে ।
মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ তথ্য মতে কামৰূপ জিলাত ৬০ খন বিদ্যালয়ৰ তালিকা প্রস্তুত কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলাৰ তালিকাত আছে মাত্র ১২খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় । সেইদৰে কাছাৰত ৮৪খন, ধুবুৰীত ৮০খন, দৰং আৰু ধেমাজিত ৭৩খন, লখিমপুৰত ৫৪, নলবাৰীত ৪৪খন মাধ্যমিক পৰ্যায়ৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দুখীয়া শিক্ষাৰ্থীক ২৫ শতাংশ আসনত নামভৰ্তিৰ বাবে তালিকা প্ৰস্তুত কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকে ।
আনহাতে হোজাইত এখন, বিশ্বনাথত ৬খন, পশ্চিম কাৰ্বি আংলঙত ২খন, চিৰাঙত এখন, বৰপেটাত এখন বিদ্যালয়ত মাধ্যমিক পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ বাবে তালিকা প্রস্তুত কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে । ইমানদিনলৈকে তালিকা প্রস্তুত কৰিয়ে দায়িত্ব সীমাবদ্ধ ৰখা শিক্ষা বিভাগে এতিয়া ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নামভর্তি সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ হেঁচাত পৰি ২৫ ডিচেম্বৰৰ ভিতৰত প'ৰ্টেল খুলিব লাগিব ।