অসম

assam

গোলাঘাটত জিলা কংগ্ৰেছৰ ক’লা দিৱস পালন

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:05 PM IST

Congress observed black day: ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক জামুগুৰিহাটত শাৰীৰিকভাৱে আক্ৰমণ কৰা দিব্যজ্যোতি বৰকটকীক আজি পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত ক’লা দিৱস পালন কংগ্ৰেছ কৰ্মীৰ ৷

golaghat district congress observed black day
কংগ্ৰেছৰ ক’লা দিৱস

গোলাঘাটত জিলা কংগ্ৰেছৰ ক’লা দিৱস পালন

গোলাঘাট, 5 ফেব্ৰুৱাৰী :বিগত 21 জানুৱাৰীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক জামুগুৰিহাটত শাৰীৰিকভাৱে আক্ৰমণ কৰা দিব্যজ্যোতি বৰকটকীক আজি পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত সোমবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ উদ্যোগত কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ।

বিজেপি চৰকাৰৰ ফেচিষ্ট নীতিৰ বিৰুদ্ধে সোচ্চাৰ হ’ল জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে । যি অসম আৰক্ষীয়ে সামাজিক মাধ্যমত কবিতা লিখিলে, যিকোনো চৰকাৰ বিৰোধী পোষ্ট লিখিলে, নিজৰ মত প্ৰকাশ কৰিলে গ্ৰেপ্তাৰ কৰে তেনে সময়ত কিন্তু সেই অসম আৰক্ষীয়ে কংগ্ৰেছ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰা ব্যক্তিজনক আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই ।

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত দেশত গণতন্ত্ৰ হেৰাই গৈছে, যাৰ বাবে এজন অপৰাধীক গ্ৰেপ্তাৰ নকৰি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে বুলি দাদু টায়ে কটাক্ষ কৰে । অতি সোনকালে আৰক্ষীয়ে ভূপেন বৰাৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শান্তি প্ৰদান কৰিবলৈ দাবী জনাই গোলাঘাট জিলা কংগ্ৰেছে ৷

ইয়াৰ সমান্তৰালকৈ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছৰ যি সকল নেতা কৰ্মীৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰা হৈছিল, সেই গোচৰ উঠাই লবলৈ দাবী জনায় । অনাগত দিনত যদি ভূপেন বৰাৰ আক্ৰমণকাৰীক আটক নকৰে আৰু ভুৱা গোচৰ উঠাই নলয় তেনেহ’লে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ প্ৰদান কৰে ।

ইয়াৰ উপৰিও 12 ফ্ৰেব্ৰুৱাৰীত ভূপেন বৰাক সোধপোছাৰ বাবে যোৰহাট আৰক্ষীয়ে হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ৷ উক্ত দিনা যদি আৰক্ষীয়ে ভূপেন বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই নলয় তেনেহ’লে সমগ্ৰ অসমৰ জিলা সদৰত জেল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়নী প্ৰদান কৰে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দাদু টায়েই ।

লগতে পঢ়ক :ৰাজ্যজুৰি কংগ্রেছৰ ক’লা দিৱস পালন

ABOUT THE AUTHOR

...view details