অসম

assam

মহিলা চিকিৎসকৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা : কলকাতাকাণ্ডৰ পিচতে GMCHৰ তৎপৰতা - Gauhati Medical College Hospital

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 9:41 PM IST

GMCH night travel vehicle : কলকাতাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ পিচতে তৎপৰ হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ ৷ নিশা কৰ্তব্য কৰা মহিলা চিকিৎসকৰ বাবে থাকিব বিশেষ বাহন ৷ লগত থাকিব মহিলা নিৰাপত্তাৰক্ষী ৷

GMCH night travel vehicle
কলকাতাকাণ্ডৰ পিচতে GMCHৰ তৎপৰতা (Getty Images/ETV Bharat Assam)

গুৱাহাটী, ১৮ আগষ্ট : কলকাতাত কৰ্মৰত অৱস্থাত চিকিৎসকক ধৰ্ষণ কৰি হত্যাৰ ঘটনাই দেশ জোঁকাৰি গৈছে ৷ এই ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক শাস্তি দিয়াৰ দাবী দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ।

কলকাতাৰ জঘন্য কাণ্ডৰ পিচতে কঠোৰ হৈছে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ ৷ গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ মহিলা চিকিৎসকৰ বাবে গঢ়ি তোলা হৈছে বিশেষ নিৰাপত্তা ব্যৱস্থা ৷ এতিয়াৰে পৰা মহিলা চিকিৎসকৰ লগত থাকিব এগৰাকী মহিলা নিৰাপত্তাৰক্ষী ৷ নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ মহিলা চিকিৎসকৰ বাবে থাকিব এখন বিশেষ বাহন ৷ চৌহদৰ ভিতৰৰ প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা প্ৰদান কৰিলে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষই ৷

কলকাতাকাণ্ডৰ পিচতে GMCHৰ তৎপৰতা (ETV Bharat Assam)

আনহাতে হাস্পতাল কৰ্তৃপক্ষই নিৰাপত্তাৰ স্বাৰ্থত ৰেড কাৰ্ড ধাৰকৰ বাহিৰে কোনো লোকক সন্ধিয়া ৬ বজাৰ পিচত চিকিৎসালয়ৰ চৌহদত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ গৃহৰক্ষী জোৱান, ব্যক্তিগত নিৰাপত্তাৰক্ষী, নিৰ্মাণকাৰ্যৰ লগত জড়িতসকলে তেওঁলোকৰ সঠিক চিনাক্তকৰণৰ বাবে তেওঁলোকৰ পৰিচয়পত্ৰ ডিঙিত পিন্ধিব লাগিব ৷ তেওঁলোকৰ ৱাৰ্ড ৰাউণ্ড ৰ’ষ্টাৰ অনুসৰণ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়ে । এই নিৰ্দেশনা অতিশীঘ্ৰে প্ৰযোজ্য কৰিবলৈ নিৰ্দেশ দিছে হাস্পতালত কৰ্তৃপক্ষই ৷

উল্লেখ্য যে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ পিচতে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে ৷ জঘন্য ঘটনাটোক দেশবাসীয়ে তীব্ৰ নিন্দা কৰাৰ সমান্তৰালকৈ ধৰ্ষণকাৰীক মৃত্যুদণ্ড প্ৰদানৰো দাবী উঠিছে ৷ সমান্তৰালকৈ প্ৰশ্ন উঠিছে- মহিলা চিকিৎসক তথা নাৰীৰ সুৰক্ষা সন্দৰ্ভত ৷ উক্ত ঘটনাক নিন্দা কৰাৰ লগত দোষীক উপযুক্ত শাস্তিৰ উপৰিও চিকিৎসকৰ সুৰক্ষাৰ সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদানৰ দাবীৰে শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰৰ পুৱা ৬ বজালৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে দেশজুৰি কৰ্মবিৰতি ঘোষণা কৰি কাৰ্যসূচী অব্যাহত ৰাখে ৷

আনহাতে শীঘ্ৰে স্বাস্থ্যসেৱাৰ বাবে কেন্দ্ৰীয় সুৰক্ষা আইন (চিপিএ) ৰূপায়ণ কৰি চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও দাবী উত্থাপন হৈছে ৷

লগতে পঢ়ক :কলকাতাকাণ্ডৰ উচিত বিচাৰৰ দাবীত ওলাই আহিল অসমৰ অজশ্ৰজন

চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ উত্তাল ৰঙিয়া-শিলচৰ

ধৰ্ষণ-হত্যা আদি ৰাজনীতিৰ বিষয় নহয়, এয়া সামূহিক ব্যৰ্থতা : উৎপল শৰ্মা

ABOUT THE AUTHOR

...view details