গুৱাহাটী:গুৱাহাটীত শিহৰণকাৰী ঘটনা । যুৱকৰ ছুৰিকাঘাতত এগৰাকী যুৱতীৰ মৃত্যু । বৃহস্পতিবাৰে আগবেলা গুৱাহাটীৰ দিছপুৰ লাষ্টগেটত সংঘটিত হৈছে এই ঘটনা । এখন চাৰিচকীয়া বাহনত অহা এজন যুৱকে দিছপুৰ লাষ্টগেটৰ নাহৰণি পথত যুৱতীগৰাকীক ছুৰিকাঘাত কৰে ।
যুৱতীগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । চিকিৎসকৰ মতে পেটত, ডিঙি আৰু হাতত আঘাত প্ৰত্যক্ষ কৰা হৈছে । প্ৰায় ১২ বজাত যুৱতীগৰাকীক জি এম চি এইচত মৃত ঘোষণা কৰা হয় ।
জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাই জনাইছে এই কথা । ছুৰিকাঘাতত মৃত্য হোৱা যুৱতীগৰাকী টিংখাঙৰ মৌচুমী গগৈ বুলি চিনাক্ত কৰা হয় । ঘাতকজনৰ নাম ভূপেন দাস । ভূপেনৰ ঘৰ নলবাৰীত । বশিষ্টত বাস কৰি আহিছিল অভিযুক্ত ভূপেন দাসে ।
মৌচুমীক ছুৰিকাঘাত কৰিয়েই নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাই অভিযুক্ত ঘাতক ভূপেন দাসে । আৰক্ষীয়ে অভিযুক্ত ঘাতকক আটক কৰি চিকিৎসাৰ বাবে লৈ আনে জি এম চি এইচলৈ । এই প্ৰসংগত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানেও সামাজিক মাধ্যম X যোগে যুৱতীগৰাকীক ছুৰিকাঘাত কৰা ঘটনাৰ লগতে যুৱকজনে আত্মহত্যাৰ বাবে চলোৱা প্ৰচেষ্টাৰ কথা সদৰী কৰে ।
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে X ত উল্লেখ কৰে,“গুৱাহাটীত এগৰাকী ছোৱালীক ছুৰিকাঘাত কৰা প্ৰসংগত এজন দুৰ্বৃত্তক আটক কৰা হৈছে । তেওঁ নিজকে ছুৰীৰে আঘাত কৰিছে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।”
আনহাতে, ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আই জি পি পাৰ্থসাৰথি মহন্তকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়া । ঘটনা প্ৰসংগত আই জি পিগৰাকীয়ে কয়,“নাহৰণি পথৰ হাউচ নম্বৰ ১৪ত যুৱতীগৰাকীয়ে যোৱা এমাহ ধৰি ভাৰা লৈ আছিল । যুৱতীগৰাকীৰ বয়স ২৪/২৫ বছৰমান । এটা এন জি অ’ত ছোৱালীগৰাকীয়ে কাম কৰে, পুৱা ১০.৩০-১১ .০০ বজাত কামলৈ তেওঁ ওলাই যায় । আজি কামলৈ ওলাই যাওতেই ছুৰী মৰা ঘটনাটো সংঘটিত হ’ল । গেটৰ সন্মুখত এজন ল’ৰাই আক্ৰমণ কৰাত ডিঙি, পেট আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ।”
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ স্পেচিয়েল তদন্তকাৰী দলে চিচি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে ৷ ঘাতক যুৱকজনে নিজৰ পেটতো ছুৰীৰে আঘাত কৰে । আই জি পি পাৰ্থ সাৰথি মহন্তই জনায়,“ল’ৰাজনে নিজৰ পেটতো আঘাত কৰিছে । হয়তো নিজকে শেষ কৰাৰ চেষ্টা কৰিছিল ৷ ল’ৰাজনক এখন গাড়ীত পোৱাৰ পিছত হাস্পতাললৈ লৈ যোৱা হৈছে ।”
প্ৰেমৰ সম্পৰ্কই মৃত্যুৰ কাৰণ :