গোলাঘাট:মাঘ বিহু উপলক্ষে আজি গোলাঘাটৰ বগৰিজেংস্থিত আৰক্ষী নিৱেশ খেলপথাৰত জিলা আৰক্ষী প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত কৰা হয় অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াসকলৰ সৈতে গোলাঘাট আৰক্ষীৰ প্ৰীতি সন্মিলন । অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াসকলৰ বিভিন্ন সমস্যা আৰু সেই সমস্যাসমূহ সমাধানৰ বাট মুকলি কৰাৰ উদ্দেশ্যে আগত ৰাখি এই প্ৰীতি সন্মিলনৰ আয়োজন কৰা হয় ।
জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনি শতাধিক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াৰ উপস্থিত হোৱা উক্ত সন্মিলনত তেওঁলোকৰ অভাৱ অভিযোগ বুজ ল'লে অসম আৰক্ষীৰ বিশেষ ডি আই জি চৰণ প্ৰীত, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু জিলা আয়ুক্ত পুলক মহন্তই । ইয়াৰ উপৰিও বিহু নাচত মতলীয়া হয় সকলোৱে । তাৰ পাছতে সকলোৱে মাঘ বিহুৰ জলপান গ্ৰহণ কৰে ।
উক্ত সন্মিলনত অংশগ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয়,"অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিংৰ নিৰ্দেশ মৰ্মে মঙলবাৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াসকলৰ এটা সন্মিলন অনুষ্ঠিত কৰিছোঁ । ভোগালী বিহু উপলক্ষে সকলো একলগ হৈ বিহুৰ পিঠা-পনা আৰু জলপান খাম । আমাৰ জিলাত প্ৰায় ৫০০ শতাধিক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়া আছে তাৰে বহুতেই স্বাস্থ্যজনিত কাৰণত আহিব পৰা নাই যদিও প্ৰায় তিনি শতাধিক অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়া আজি একগোট হৈছোঁ ।"
লগতে তেওঁ কয়,"তেওঁলোক অভিজ্ঞ আৰু আমাৰ পৰামৰ্শদাতা । তেওঁলোকৰ বহু অভাৱ অভিযোগ আছে সেইখিনি কেনেদৰে নিৰ্মূল কৰিব পাৰোঁ ইয়াৰ বাবে যিদৰে প্ৰাক্তন সৈনিকসকলৰ জিলা পৰ্যায়ত বোৰ্ড থাকে তেনেদৰে অসম আৰক্ষীৰো জিলা পৰ্যায়ত বোৰ্ড গঠন কৰাৰ চিন্তা-চৰ্চা কৰিছোঁ জিলা আয়ুক্তই আমাক এইক্ষেত্ৰত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে যাৰ দ্বাৰা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়ববীয়াৰসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইয়াৰ উপৰিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ যি প্ৰচেষ্টা তাত আমি সফল হ'ব পাৰিম ।"