গৌৰৱ গগৈক সমালোচনা পীযুষ হাজৰীকাৰ কলিয়াবৰ,১৯ মাৰ্চ:কলিয়াবৰত অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভা । নিৰ্বাচনী সভাথ অংশগ্ৰহণ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ । বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰীগৰাকীৰ । যোৰহাটত গৌৰৱ গগৈ হাৰিব কাৰণে এনেকৈ খং কৰা বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই ।
কলিয়াবৰত ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ বিজেপি আৰু অগপৰ যৌথ এক দলীয় সভাত অংশগ্ৰহণ কৰি এই ভাষ্য মন্ত্ৰী হাজৰীকাৰ । পূৰ্বৰ কলিয়াবৰ আৰু বৰ্তমানৰ কাজিৰঙা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙা এৰি যোৰহাটত প্ৰাৰ্থিত্ব লাভৰ পিচতেই আকৰ্ষণীয় হৈ পৰিছে যোৰহাটৰ নিৰ্বাচনী ক্ষেত্ৰ । তৎস্বত্বেও গৌৰৱ গগৈ যোৰহাটত ডেৰ লাখ ভোটৰ ব্যৱধানত হৰাটো নিশ্চিত বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । সেই কাৰণে খঙতে গগৈয়ে আবোল-তাবোল বকিছে তেওঁ উল্লেখ কৰে ।
আনহাতে দীপ গগৈ মন্তব্যক এইক্ষেত্ৰত বিজেপি দলে প্ৰাসংগিক বুলি ভবাই নাই বুলিও কয় হাজৰীকাই । আনহাতে, কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছা বহুত ভোটত জিকিব, কাজিৰঙা BJPৰ বাবে A++ সমষ্টি বুলিও কয় মন্ত্ৰীগৰাকীয়ে । নগাঁৱতো বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী পীযুষ হাজৰীকাৰ ।
ইফালে, সাংবাদিকৰ এক প্ৰশ্নত কলং পুনৰ বোৱতীকৰণৰ বাবে অহা মাহৰ পৰা খননকাৰ্য আৰম্ভ হ'ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । কলিয়াবৰত অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভাত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই দুয়ো দলৰ কৰ্মীসকলক একেলগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় । আজি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীকে আদি কৰি দুয়ো দলৰ নেতা-কৰ্মীসকল ।
লগতে পঢ়ক:কংগ্ৰেছ দলক লৈ চিন্তিত মন্ত্ৰী পীযুষ হাজৰীকা, কিন্তু কিয় ?