অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

কৃষ্ণচূড়াৰ দেশত উৰিল গেৰুৱা পতাকা - GU Election results 2024

Gauhati University: ঘোষণা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল । এ বি ভি পিৰ দখলত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ পদ । সভাপতি পদত জয়লাভ এ বি ভি পি সমৰ্থিত প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ ।

Gauhati University
কৃষ্ণচূড়াৰ দেশত উৰিল গেৰুৱা পতাকা (ETV Bharat)

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ :গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ পদ শাসকীয় দল বিজেপিৰ ছাত্ৰ সংগঠন এ বি ভি পিয়ে দখল কৰিবলৈ সক্ষম হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল শুকুৰবাৰে ঘোষণা কৰাৰ লগে লগে বিজয় উৎসৱ উদযাপন কৰিলে বিজয়ী প্ৰাৰ্থী আৰু সমৰ্থকসকলে ।

এ বি ভি পিৰ উত্থান

ঘোষিত ফলাফল অনুসৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এ বি ভি পি) সমৰ্থিত প্ৰাৰ্থী মানস প্ৰতিম কলিতা আৰু সাধাৰণ সম্পাদকৰ পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী কৌশিক বৰুৱাই জয়লাভ কৰে । সভাপতি পদত এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থী মানস প্ৰতিম কলিতাই ১,২৫৮ টা ভোট লাভ কৰি জয়লাভ কৰে । আনহাতে সাধাৰণ সম্পাদকৰ পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী কৌশিক বৰুৱাই ১,৩৮৬ টা ভোট লাভ কৰি জয়লাভ কৰে । এই ফলাফলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিত এ বি ভি পিৰ উত্থানক দেখুৱায় ।

কৃষ্ণচূড়াৰ দেশত উৰিল গেৰুৱা পতাকা (ETV Bharat)

ঘোষিত ফলাফল অনুসৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপ-সভাপতি পদত আছু সমৰ্থিত প্ৰাৰ্থী উদীপ্ত বায়ন, সহকাৰী সাধাৰণ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী নৈমিষা শইকীয়া, সাহিত্য বিভাগৰ সম্পাদক পদত প্ৰাণজিৎ কোচ, সংগীত বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী নিবেদিতা কলিতা, সাংস্কৃতিক সম্পাদক পদত বন্দিতা ডেকা, তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পদত মিণ্টু ডেকা, গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী দ্বীপজ্যোতি শৰ্মা, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত উজ্জ্বল কলিতা, ক্ৰীড়া বিভাগৰ সম্পাদক পদত ৰোচন কুমাৰ চাহু, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত বিৰোদ বড়ো, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত অনিন্দিতা শিৱম, শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত প্ৰিয়াংক বৰ্মন তথা সমাজসেৱা বিভাগৰ সম্পাদক পদত দ্বীপজ্যোতি চহৰীয়াই জয়লাভ কৰে ।

উল্লেখ্য যে ২৬ ছেপ্টেম্বৰত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । এইবেলি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত ১৫ টা পদত মুঠ ৩৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

লগতে পঢ়ক :ৰাজ্যত ৫ লাখৰো অধিক অদৃশ্য শিক্ষাৰ্থীৰ নামত ব্যয় বুজন পৰিমাণৰ পুঁজি - Shiksha Setu Axom

ABOUT THE AUTHOR

...view details