গুৱাহাটী: চৰকাৰৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰাৰ বাবে শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত জবাবদিহি হৈছে অসম চৰকাৰ । অনুকম্পামূলক নিযুক্তি বন্ধ কৰাৰ বাবে অসম চৰকাৰে জাৰি কৰা অফিচ মেম'ৰেণ্ডামৰ বিৰুদ্ধে বিদ্যালয় শিক্ষা বিভাগৰ ১৪ জন আবেদনকাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল । অনুকম্পামূলক পদ বিলুপ্ত কৰি ন্যায়ালয়ৰ ৰোষত পৰিছে অসম চৰকাৰ ।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ বিচাৰপীঠৰ নিৰ্দেশ মৰ্মে কৰ্মচাৰী (বি) বিভাগে অফিচ মেম'ৰেণ্ডামৰ সন্দৰ্ভত ৮ সপ্তাহৰ ভিতৰত স্পষ্ট কৰিব লাগিব স্থিতি । যোৱা ৩০ ছেপ্টেম্বৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে । মুখ্য সচিব ৰবি কোটা, কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভান্নান, শিক্ষা সচিব নাৰায়ণ কোঁৱৰকে ধৰি ৭ গৰাকী পদকীয়া পক্ষলৈ কাৰণ দৰ্শোৱা জাননী কৰিছে উচ্চ ন্যায়ালয়ে ।
এই সন্দৰ্ভত বৃহস্পতিবাৰে গোচৰীয় পক্ষৰ অধিবক্তা এন হুছেইনে কয়, ‘‘বিগত ১৮ ছেপ্টেম্বৰত জাৰি কৰা অফিচ মেম'ৰেণ্ডামৰ ফলত অনুকম্পামূলক নিযুক্তিৰ বাবে কোনো আবেদন জিলা পৰ্যায়ৰ সমিতি (DLC) বা ৰাজ্যিক পৰ্যায়ৰ সমিতি (SLC) ত বিবেচনা কৰা নহ'ব । ২০১৭ চনৰ আগত মৃত্যু হোৱা কোনো কৰ্মচাৰীৰ সন্তানে লাভ নকৰে অনুকম্পামূলক নিযুক্তি । ২০১৭ চনৰ আগত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালে লাভ নকৰে সম্পূৰ্ণ পেন্সনো । কেৱল ২০১৭ চনৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালেহে পাব সম্পূৰ্ণ পেন্সন । প্ৰশ্ন উঠিছে ডিষ্ট্ৰিক লেভেল কমিটী আৰু ষ্টেট লেভেল কমিটীয়ে বাছনি কৰা প্ৰাৰ্থীসকলৰ এতিয়া কি হ'ব ?’’
অফিচ মেম'ৰেণ্ডামখনক বৈষম্যমূলক বুলি অভিহিত কৰি তেওঁ কয় যে মেম'ৰেণ্ডামখনৰ দ্বাৰা কৰ্মচাৰী সমাজক দুটা ভাগত বিভক্তকৰণেৰে সংবিধানৰ ১৪ নং অনুচ্ছেদ ভংগ কৰা হৈছে ।