গোলাঘাট, 14 ফেব্ৰুৱাৰী: সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক কুচকাৱাজ অব্যাহত ৰাজ্যিক বিজেপিত । ভোটাৰ ৰাইজক দলটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে বিজেপি দলে । দলটোৰ নেতা-কৰ্মী সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰ অভিযানত । ইয়াৰ অংশস্বৰূপে মঙলবাৰে গোলাঘাট বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ আহ্বানমৰ্মে গাঁও চলো অভিযান ৰূপায়ণ কৰে ৷
গোলাঘাট জিলা বিজেপিৰ সম্পাদিকা ৰাজশ্ৰী বৰা আৰু দলীয় কাৰ্যকৰ্তাৰ সৈতে গোলাঘাট সমষ্টিৰ আঠখেলীয়া মণ্ডলৰ অন্তৰ্গত পুলিবৰ গাঁও পঞ্চায়তৰ গোলামপট্টিৰ 13 নং বুথত উপস্থিত থাকি অঞ্চলটোৰ পুৰুষ-মহিলাৰ সৈতে মত বিনিময় কৰে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিছে নে তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে এই কাৰ্যসূচীত ।
বিশেষকৈ দৰিদ্ৰসীমা ৰেখাৰ তলৰ লোকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ, ৰেচন কাৰ্ড, আয়ুস্মান কাৰ্ড, উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ, অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, জল জীৱন মিচনৰ জৰিয়তে ঘৰে ঘৰে খোৱা পানীৰ যোগান আদি বিভিন্ন আঁচনিসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিছে নে নাই, যদি লাভ কৰা নাই কি কাৰণত এই আচঁনিৰ অন্তৰ্ভুক্ত হোৱা নাই সকলো দিশ পৰ্যবেক্ষণ কৰি এক প্ৰতিবেদন প্ৰস্তুত কৰি দলৰ শীৰ্ষ নেতৃত্বক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে জিলা বিজেপিৰ নেতৃবৰ্গই ।