অসম

assam

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 2:09 PM IST

ETV Bharat / state

ৰাজধানীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হ'ব মৰাণৰ গংগা গগৈ - Preparation for Independence day

Independence Day 2024: ৭৮ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ ৪ টা দিন বাকী । দেশৰ ৰাজধানী দিল্লীৰ স্বাধীনতা দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰী গংগা গগৈয়ে ।

Ganga Gogoi of Moran to be special guest at Independence Day function in Delhi
ৰাজধানীত স্বাধীনতা দিৱসৰ কাৰ্যসূচী (ETV Bharat Assam)

মৰাণ, ১১ আগষ্ট: সমাগত স্বাধীনতা দিৱসক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি । প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন কাৰ্যসূচীৰে ৰাজধানী দিল্লীত অনুষ্ঠিত হ'ব স্বাধীনতা দিৱস । স্বাধীনতা দিৱসক লৈ আৰক্ষীৰ সেনা বাহিনীৰ পৰা আৰম্ভ কৰি চৰকাৰৰ বিভিন্ন বিভাগসমূহে আৰম্ভ কৰিছে প্ৰস্তুতি ।

ৰাজধানীত স্বাধীনতা দিৱসৰ কাৰ্যসূচী (ETV Bharat Assam)

এইবাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাজধানী দিল্লীত আয়োজিত অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ আগশাৰী বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে ।

লগতে পঢ়ক:ৰাজধানী দিল্লীৰ স্বাধীনতা দিৱসৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত অসমৰ 4 শিক্ষাৰ্থী - 78th Independence Day

ইয়াৰ মাজতে অসমক প্ৰতিনিধিত্ব কৰা এই দলটোত মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী তথা টিংখাং সমষ্টিৰ অন্তৰ্গত লেঙেৰীৰ ২ নং বৰপথাৰ গাঁৱৰ নিবাসী হেমচন্দ্ৰ গগৈ আৰু দিপ্তী গগৈৰ কন্যা গংগা গগৈক বাচনি কৰা হৈছে । যাৰ বাবে উৎফুল্লিত হৈ পৰিছে মৰাণবাসী । গংগা গগৈ মৰাণ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এগৰাকী কৰ্মী ।

দিল্লীত অনুষ্ঠিত স্বাধীনতা দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ পোৱাতো সৌভাগ্য বুলি মন্তব্য প্ৰকাশ কৰিছে ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত । উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয়ৰ NSS গোট তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি অতি শক্তিশালী ।

মৰাণ মহাবিদ্যালয়ৰ NSS গোটে বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে আৰু মৰাণ মহাবিদ্যালয়ত নামভৰ্তি কৰা পাচতেই NSS গোটত নিজক অন্তৰ্ভুক্ত কৰি অধ্যয়নৰ মাজতে মেধাৱী ছাত্ৰীগৰাকীয়ে NSS গোটত সেৱা আগবঢ়াই আহিছিল ।

লগতে পঢ়ক:ৰাজ্যত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি - Preparation for Independence day

স্বাধীনতা দিৱস উদযাপনক লৈ নগাঁও জিলা প্ৰশাসনৰ বিশেষ বৈঠক - INDEPENDENCE DAY 2024

ABOUT THE AUTHOR

...view details