গুৱাহাটী, ১৯ আগষ্ট : ভুৱা আৰক্ষীৰে ভৰিছে গুৱাহাটী মহানগৰী ৷ ভুৱা ACPৰ পিচত এইবাৰ মহানগৰীত ওলাল ভুৱা আৰক্ষী বিষয়া ৷ জালুকবাৰী আৰক্ষীৰ জালত পৰা ভুৱা আৰক্ষী ফায়েজুল হাজৰিকা ওৰফে ডেনিছৰ অৱশ্যে বিভিন্ন সময়ত পৰিচয় সলনি হৈ থাকে ৷ বেশ ধৰে CBI বিষয়াপৰ্যন্ত ৷
জালুকবাৰীৰ শৰাইঘাট নগৰৰ পৰা আটক কৰা হয় ভুৱা CBI বিষয়াজনক । আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আৰক্ষীৰ পোচাকত গুৱাহাটীৰ বিভিন্ন স্থানত টহল দি আছিল ফায়েজুলে । কেতিয়াবা উপ-আৰক্ষী অধীক্ষক, কেতিয়াবা CBI বিষয়া আকৌ কেতিয়াবা আৰক্ষীৰ উপ-পৰিদৰ্শকৰূপে ফায়েজুলে বিভিন্নজনক পৰিচয় দি আহিছে ৷ আনকি ১৫ আগষ্টত খানাপাৰাতো আৰক্ষীৰ পোচাক পিন্ধি কৰ্তব্য পালন কৰিছিল বুলিও প্ৰকাশ ।
বিগত বহুদিন ধৰি এনে কাৰুকাৰ্য কৰি আহিছিল প্ৰৱঞ্চকটোৱে । দীৰ্ঘদিন প্ৰৱঞ্চনা কৰি অৱশেষত জালুকবাৰী আৰক্ষীৰ জালত পৰিল ফাইজুল হাজৰিকা ওৰফে ডেনিছ ৷ ছিপাঝাৰৰ কবেইচুবাৰ ফায়েজুলে ছয়মাইলত ভাৰাতীয়া হিচাপে বাস কৰিছিল । আৰক্ষীয়ে ছয়মাইলস্থিত ভাৰাঘৰত তালাচী চলাই জব্দ কৰে দুটা নকল পিষ্টল, মোবাইল ফোন, কেবাখনো ভুৱা পৰিচয়পত্ৰ । যুৱকজনে ভুৱা পৰিচয়পত্ৰ আৰু নকল পিষ্টল লৈ বহুলোকক প্ৰৱঞ্চনা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।