কোকৰাঝাৰ, ৪ ফেব্ৰুৱাৰী:ঠগ-প্ৰৱঞ্চনাত ওস্তাদ মানস চলিহাক এটা দিনৰ বাবে নিৰাপদ জিম্মাত ৰখা হৈছে কোকৰাঝাত ৷ মহা ধুৰন্ধৰটোক শনিবাৰে পশ্চিম বংগৰ ধূপগুৰি এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিচত একেদিনাৰ নিশাই কোকৰাঝাৰলৈ অনা হয় আৰু নিৰাপদ জিম্মাৰ বাবে কোকৰাঝাৰ সদৰ থানাৰ লক-আপত ৰখা হয় ।
আজি অৰ্থাৎ দেওবাৰে নিশাৰ ভাগত গুৱাহাটী আৰক্ষীৰ দলে মানস চলিহাক লৈ গুৱাহাটীলৈ বুলি ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি বহু লোকক প্ৰৱঞ্চনা কৰি অহাৰ পিচত শেহতীয়াকৈ আলফা (স্বাধীন)ৰ শিৱিৰলৈ গুপ্তচৰ পঠিওৱাৰ অভিযোগৰ পিচতে খোল খাইছিল মানস চলিহা নামৰ ধুৰন্ধৰটোৰ প্ৰতিটো ক’লা অধ্যায় ৷
আলফা(স্বা)ৰ শিৱিৰত বন্দী হৈ থকা মানস বৰগোহাঁই নামৰ যুৱকজনে ইটোৰ পিচত সিটো অভিযোগ উত্থাপন কৰিছিল দেৰগাঁৱৰ মানস চলিহাৰ বিৰুদ্ধে ৷ সুযোগ লাভ লাভ কৰি মানস চলিহাৰ প্ৰৱঞ্চনাৰ বলি হোৱা আন বহুতেও সামাজিক মাধ্যমযোগে খুলিছিল মুখ ৷ ইয়াৰ পিচতে মানস চলিহাৰ বিৰুদ্ধে থকা এটা পুৰণি গোচৰৰ সন্দৰ্ভত ফাইলৰ গাঁথি খুলিছিল দিছপুৰ থানাই ৷