ডিব্ৰুগড়, ১৭ ছেপ্টেম্বৰ:অৱশেষত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল অনলাইন ট্ৰেডিঙকাণ্ডৰ অভিযুক্তচুমী বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰা ৷ ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে তিনি অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ইফালে চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷
আদালতৰ শুনানীৰ সন্দৰ্ভত কি ক’লে অম্লানৰ অধিবক্তাই:
অম্লানৰ অধিবক্তাই এই সন্দৰ্ভত কয়, "ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে তেওঁলোকৰ জিম্মাৰ ম্যাদ সমাপ্ত হোৱাত চুমী বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰাক ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰে ৷ ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ তিনিও অভিযুক্তক নিজৰ জিম্মাত নিবিচৰাত আদালতে আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।"
লগতে পঢ়ক:বহুত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো: চুমী বৰা - Sumi Borah Ready to Surrender
চুমী আৰু তাৰ্কিকৰ জামিন আবেদনৰ শুনানী গ্ৰহণ আদালতৰ:
"চুমী আৰু তাৰ্কিকৰ সংশ্লিষ্ট অধিবক্তাই আজি তেওঁলোকৰ জামিনৰ বাবে ডিব্ৰুগড়ত আবেদন কৰিছে ৷ সেই আবেদন ইতিমধ্যে বিচাৰাধীন হৈ আছে ৷ তেওঁলোকৰ জামিন গ্ৰাহ্য হ’ব নে অগ্ৰাহ্য হ’ব আজি তাৰ ফলাফল ওলাব ৷ অৱশ্যে অম্লানৰ জামিন আবেদনৰ শুনানী আজি গ্ৰহণ কৰা হোৱা নাই ৷" অম্লানৰ অধিবক্তাই কয় ৷
চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ
ইফালে চুমীৰ বৌৱেক জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ২৫০০০ টকা বণ্ডৰ বিনিময়ত আদালতে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰে বুলি অম্লানৰ অধিবক্তাই জানিবলৈ দিয়ে ৷