ভট্টদেৱ ক্ষেত্ৰ, পাঠশালা :অসম সাহিত্য সভাৰ বজালীৰ পাঠশালা অধিৱেশনৰ সোমবাৰে আছিল চতুৰ্থটো দিন । চতুৰ্থদিনা বিয়লি নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হয় দ্বিতীয় মুকলি সভা । এই সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়াই । এই সভাত অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
অৰুণাচল প্ৰদেশৰ নিচি ইলাইট ছ'চাইটীৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট সাহিত্যিক হেৰি মাৰিঙে এই মুকলি সভাত পৰম সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে । সাহিত্য সভাৰ অধিৱেশনত অংশগ্ৰহণ কৰি মাৰিঙে কয়, "অসম উত্তৰ-পূৰ্বাঞ্চলৰ মাতৃ অথবা ডাঙৰ ভাই হয় । অসম সাহিত্য সভাৰ স'তে তেতিয়াৰ অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সহযোগত আমি নিচি সমাজে সাংস্কৃতিক মৈত্ৰী সন্মিলনীও অনুষ্ঠিত কৰিছিলোঁ । অসমৰ ৰজাৰ দিনৰ পৰা অৰুণাচলৰ নিচি সমাজৰ স'তে বৈবাহিক সম্বন্ধ পৰ্যন্ত থকাৰ উমান পোৱা যায় । "