ডিব্ৰুগড় : চান্দা সংস্কৃতি বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল যে কোনো দল-সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰিব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে ৰাজ্যৰ একাংশ দল-সংগঠনে । একাংশই অনুষ্ঠান আয়োজন কৰাৰ নামত চান্দা সংস্কৃতি জীয়াই ৰখাৰ অভিযোগ উত্থাপিত হোৱা সময়ত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত বীৰ লাচিত সেনাৰ বলপূৰ্বক ধন দাবীৰ পাচতে যোৱা দেওবাৰে এটা দিনৰ বাবে বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ।
দোকান পোহাৰ বন্ধ ৰাখি লাচিত সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথত সমদল কৰি প্ৰতিবাদ কৰিছিল ব্যৱসায়ীসকলে । ইয়াৰ পাচতে লাচিত দিৱসৰ নামত ধন দাবী কৰি নিলম্বিত হ'ল বীৰ লাচিত সেনাৰ চাৰিগৰাকী নেতা । বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি অসীম হাজৰিকা, উপ সভাপতি হোমেন অভয়পুৰীয়া, মুখ্য সচিব পংকজ গগৈ, বিত্ত সচিব প্ৰবাল কেওঁটক নিলম্বন কৰিলে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ।
উল্লেখ্য যে, লাচিত দিৱসৰ নামত বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে বলপূৰ্বক ধন দাবী আৰু ব্যৱসায়ীসকলক ভয়-ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল । লাচিত দিৱসৰ নামত ধন দাবী কৰি ব্যৱসায়িক ভয়-ভাবুকি দিয়া ঘটনাক লৈ বাতৰি প্ৰকাশ পোৱাৰ পিচতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ পাচতে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকসহ চাৰিজন বিষয়ববীয়াক নিলম্বন কৰে ।