ডিফু, ১ মার্চ:অসম চৰকাৰৰ বিকাশ যাত্রাৰ অংশ ৰূপে আজি ডিফুত কার্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ১৫শ ৪০ কোটি ১২ লাখ টকাৰ বিভিন্ন আঁচনি উদ্বোধন কৰাৰ লগতে আন বহুতো অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় । এই উপলক্ষে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং । এই সভাত ৬১টা প্রকল্পৰ ভিতৰত ১৪টা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ইয়াৰ লগতে ৪৭টা নতুন প্রকল্পৰ বাবে ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হয় ।
আজি ঘোষিত এই প্রকল্পসমূহৰ ভিতৰত গড়কাপ্তানি (বিল্ডিং) বিভাগৰ অধীনত ১৯টা, গড়কাপ্তানি (পথ) বিভাগৰ অধীনত ২৭টা, চাহ জনগোষ্ঠী আৰু উন্নয়ন বিভাগৰ অধীনত ২টা, জনজাতীয় পৰিক্ৰমা বিভাগৰ অধীনত এখন, গৃহবিভাগৰ অধীনত ২খন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৯টা আৰু সংখ্যালঘু বিভাগৰ অধীনত এখন প্রকল্প উদ্বোধন কৰা হয় । গড়কাপ্তানি বিভাগৰ (বিল্ডিং) অধীনত গ্রহণ কৰা মুঠ ১৯টা আঁচনিৰ ভিতৰত সাধাৰণ এলেকাত ৯খন বিদ্যালয় তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন নির্মাণ, এখন চাহ বাগিচাত থকা বিদ্যালয় ভৱন নির্মাণ, ৯খন চাহ বাগিচাত জগন্নাথ কমিউনিটি এণ্ড স্কীল ডেভেল'পমেন্ট চেন্টাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ।
ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু কল্যাণ বিভাগৰ অধীনত দুখনকৈ চাহ বাগিচাৰ চিকিৎসালয়ত ৰোগী অনা-নিয়াৰ বাবে দুখন এম্বুলেন্স সেৱাৰ উদ্বোধন কৰা হয় । কেন্দ্রীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত ডিফুত ইতিমধ্যে নির্মাণকার্য সম্পূর্ণ হৈ উঠা একলব্য মডেল ৰেচিডেঞ্চিয়েল বিদ্যালয় উদ্বোধন কৰা হয় । ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধীনত ডিফু আৰক্ষী চকীৰ উন্নীতকৰণ তথা নতুন ভৱন নির্মাণ, হাওৰাঘাট আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰো আজি উদ্বোধন কৰা হয় । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত নির্মাণ সম্পূর্ণ হৈ উঠা ৯খনকৈ পানী যোগান আঁচনিৰো আজি উদ্বোধন কৰা হয় ।