অসম

assam

ধিংকাণ্ডৰ দোষীক ফাঁচি দিয়াৰ দাবী বদৰুদ্দিন আজমলৰ - Dhing Rape Case

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:45 PM IST

Updated : Aug 23, 2024, 11:00 PM IST

Dhing Rape Case: ধিঙৰ ধৰ্ষণকাণ্ডক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যত । সকলোৱে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে দোষীক ৰাজহুৱা ফাঁচিৰ পোষকতা কৰে । এনকাউণ্টাৰৰ বিৰোধী মন্তব্য আজমলৰ ।

Former MP Badruddin Ajmal react on Dhing incident
ধিং কাণ্ডৰ দোষীক ফাঁচি দিয়াৰ দাবী বদৰুদ্দিন আজমলৰ (ETV Bharat Assam)

গুৱাহাটী,২৩ আগষ্ট:নগাঁৱৰ ধিঙৰ জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । সকলোৱে এই ঘটনাক একমুখে ধিক্কাৰ দিয়াৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে । টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী নাবালিকা । নিশা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল নাবালিকাগৰাকী । বিভিন্ন দল-সংগঠনে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে ।

ধিং কাণ্ডৰ দোষীক ফাঁচী দিয়াৰ দাবী বদৰুদ্দিন আজমলৰ (ETV Bharat Assam)

ধিঙৰ বৰ্বৰ ঘটনা সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ধিঙত সংঘটিত হোৱা ধৰ্ষণকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কয়,"ধিঙত সংঘটিত হোৱা ধৰ্ষণৰ ঘটনা অত্যন্ত নিন্দনীয় আৰু সমাজৰ বাবে লজ্জাজনক । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পাছত ২৩ টা এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি কৈছে । কিন্তু আজিলৈকে এনে ঘটনাৰ অপৰাধীক এটাও দৃষ্টান্তমূলক শাস্তি দিয়া দেখা নগ'ল । সংসদত মই যেতিয়া নিৰ্ভয়াকাণ্ডৰ দোষীক ফাঁচি দিয়াৰ কথা কৈছিলো তেতিয়া মোক বিভিন্নজনে সমালোচনা কৰিছিল । ধৰ্ষণকাৰী ধৰ্ষণকাৰীয়েই, ইয়াৰ কোনো জাতি-ধৰ্ম নাই । ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অপৰাধীক শীঘ্ৰে শাস্তি দিব লাগে । কলকতা, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আদিত এনে ঘটনা সংঘটিত হৈ আছে আৰু বিজেপি চৰকাৰৰ দিনত ই বেছিকৈ হ'ব ধৰিছে । ই অতি লজ্জাজনক । এই ঘটনাৰ অপৰাধীক চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিলে এনে ঘটনা ৰোধ কৰিব পৰা যাব ।"

আজমলে লগতে কয়,"এনকাউণ্টাৰৰ কথা কোৱা হৈছে । এনকাউণ্টাৰ হ'লে আচল মৰিল নে নকল মৰিল সেইটোৰ কোনো হিচাপ নহয় । শত্ৰুতা হিচাপে বাচি বাচি এনকাউণ্টাৰ কৰা হয় । ফাঁচি দিলে লাখ লাখ লোকে শিক্ষা ল'ব, ভয় খাব । তেনে কাম কৰিবলৈ নালাগে । ধৰ্ষণকাৰী ধৰ্ষণকাৰীয়েই । চিনাক্ত হ'লে ফাষ্ট ট্ৰেক লগাই ফাঁচি দিব লাগে । এটাই ৰাস্তা আছে যে লাখ লাখ মানুহৰ মাজত প্ৰচাৰ কৰি হাজাৰ হাজাৰ মানুহৰ মাজত এইসকলক ফাঁচী দিব লাগে । এনেকুৱা কৰিলে সকলো বন্ধ হৈ যাব ।"

লগতে পঢ়ক:কলকাতাকাণ্ডৰ বিৰুদ্ধে মৌন সমদল সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ - Kolkata Doctor Rape murder

ধিংকাণ্ডৰ বিৰুদ্ধে ৩০ টা সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ, মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কংগ্ৰেছৰ - Dhing Rape Case

Last Updated : Aug 23, 2024, 11:00 PM IST

ABOUT THE AUTHOR

...view details