অসম

assam

সপৰিয়ালে মুখ্যমন্ত্ৰীৰ আতিথ্য ল'লে চম্পাই ছোৰেনে - Champai Soren visits Assam

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 1:58 PM IST

Champai Soren visits Kamakhya Temple: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত সপৰিয়ালে আলহী হ'ল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ন-বিজেপি নেতা চম্পাই ছোৰেন । পুৱাই মা কামাখ্যাৰ আশীষ ল'লে চম্পাই ছোৰেনৰ পৰিয়ালে ।

Champai Soren visits Kamakhya Temple
সপৰিয়ালে মুখ্যমন্ত্ৰীৰ আতিথ্য ল'লে চম্পাই ছোৰেনে (Facebook@himantabiswasarma)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ : ঝাৰখণ্ডৰ ৰাজনীতিত তোলপাৰ লগাই বিজেপিত যোগদান কৰা চম্পাই ছোৰেন সপৰিয়ালে অসমত উপস্থিত হয় ৷ দেশৰ ৰাজনীতিত সকলোকে আশ্বৰ্যচকিত কৰি ঝাৰখণ্ড মুক্তি মৰ্চা এৰি এসপ্তাহ পূৰ্বে বিজেপিত যোগদান কৰা চম্পাই ছোৰেন আহি শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় ৷ শক্তিপীঠ মা কামাখ্যা মন্দিৰ দৰ্শনৰ লগতে চম্পাই ছোৰেন সপৰিয়ালে আতিথ্য গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ ৷

  • কামাখ্য মন্দিৰ দৰ্শন চম্পাই ছোৰেনৰ

শনিবাৰে পুৱা চম্পাই ছোৰেনে সপৰিয়ালে শক্তিপীঠ কামাখ্যা দৰ্শন কৰে ৷ তাৰ পূৰ্বে শুকুৰবাৰে নিশা ঝাৰখণ্ডৰ ৰাজনীতিত বিশেষ প্ৰভাৱ থকা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ মৰ্মে আহি অসমত উপস্থিত হয় । তেওঁৰ সৈতে পৰিয়ালৰ কেইগৰাকী সদস্যও অসমত উপস্থিত হয় ৷

সপৰিয়ালে মুখ্যমন্ত্ৰীৰ আতিথ্য ল'লে চম্পাই ছোৰেনে (Facebook@himantabiswasarma)
  • মুখ্যমন্ত্ৰীৰ ঘৰত আলহী হ'ল চম্পাই ছোৰেন

ইফালে বাসগৃহত অসমীয়া খাদ্য সম্ভাৰেৰে তেওঁৰ লগতে পৰিয়ালবৰ্গক অভ্যৰ্থনা জনোৱাৰ কথা সদৰী কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে ঝাৰখণ্ডৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ শাসনাধিষ্ঠিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে বিজেপিত যোগদান কৰাটো প্ৰায় সৰ্বজনবিদিত ৷

সপৰিয়ালে মুখ্যমন্ত্ৰীৰ আতিথ্য ল'লে চম্পাই ছোৰেনে (Facebook@himantabiswasarma)

শনিবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰি চম্পাই ছোৰেনে নিজৰ এক্স হেণ্ডেলত কয়, "আজি গুৱাহাটীত সপৰিয়ালে মা কামাখ্যা মন্দিৰ দৰ্শন কৰি ঝাৰখণ্ডবাসীৰ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰো ৷"

আনহাতে চম্পাই ছোৰেনক সপৰিয়ালে নিজৰ ঘৰত আতিথ্য দিয়া প্ৰসংগত সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, "অলপতে যেতিয়া মই ঝাৰখণ্ডলৈ গৈছিলো, তেতিয়া ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এগৰাকী বলিষ্ঠ নেতা চম্পাই ছোৰেন ডাঙৰীয়াক লগ পাইছিলো ৷ আমাৰ দলত তেখেতে যোগদান কৰাৰ পাচতে মই কামাখ্যা দেৱীৰ দৰ্শনৰ বাবে আমন্ত্ৰণ জনাইছিলো ৷"

লগতে মুখ্যমন্ত্ৰীয়ে কয়, "আৰু কালি সপৰিয়ালে তেখেত আহি অসমত পদাৰ্পণ কৰাৰ পাছত আমাৰ পৰিয়ালৰ আতিথ্য গ্ৰহণ কৰি সহধৰ্মিণী ৰিণিকি আৰু মোক আনন্দিত কৰে ৷ তেখেতে আমাৰ অসমীয়া খাদ্যৰ লগত পৰিচিত হোৱাৰ সুযোগ লভি আনন্দিত হয় । কালিৰ সেই সময়খিনি সঁচাকৈয়ে বৰ ভাল লগা আছিল ৷"

লগতে পঢ়ক :সিদ্ধি বিনায়কৰ বন্দনাৰে গুঞ্জৰিত গুৱাহাটী - GANESH CHATURTHI 2024

ABOUT THE AUTHOR

...view details