নলবাৰী, 11 জুলাই:ৰাজ্যৰ ৰাজনীতিত শীঘ্ৰে হ’ব আন এক পট পৰিৱৰ্তন ৷ এই ইংগিত আহিছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পৰা ৷ প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে সম্প্ৰতি দলৰ পৰা এলাগী ৷ সেই কথা আমি নক’লেও হ’ব ৷
দলত্যাগ কৰিবলৈ সাজু প্ৰাক্তন বিধায়ক অশোক শৰ্মা (ETV Bharat Assam) বিগত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন ধৰিয়েই বিধায়কগৰাকীয়ে কেইবাটাও দলবিৰোধী মন্তব্যৰে সংবাদ শীৰ্ষ দখল কৰি অহা সকলোৱে প্ৰত্যক্ষ কৰিছিল ৷ বিধায়কগৰাকীৰ এনেবোৰ মন্তব্যত জাঙুৰ খাই উঠিছিল নিজ দলৰে কেইবাগৰাকীও সাংসদ, বিধায়ক ৷
লগতে পঢ়ক:ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024
অৱশেষত ৰাজ্যিক দলীয় কাৰ্যালয়ৰ পৰা প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ জাৰি কৰা হৈছিল কাৰণ দৰ্শোৱাৰ জাননী বা শ্ব’কজ ৷
লগতে পঢ়ক:বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি বিদ্ৰোহী অশোক শৰ্মা ? জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী - Show cause notice Ashok Sarma
পিছে এই সকলোবোৰত বিৰক্ত হৈ নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে ঠিকনা সলনিৰ ইংগিত প্ৰদান কৰিছে ৷ বৃহস্পতিবাৰে প্ৰাক্তন বিধায়ক শৰ্মাই এক অনুষ্ঠানত ব্যক্ত কৰে এই কথা ৷ দীৰ্ঘদিনৰে পৰা ৰাজ্যিক বিজেপিত দেখা দিয়া আভ্যন্তৰীণ কন্দল, মনোমালিন্যৰ পৰিণতিতে বহু পুৰণি আৰু বৰ্তমানৰ এলাগী বিজেপি নেতাই দলত্যাগ কৰি আন দলত যোগ দিয়াৰ মন মেলিছে ৷
লগতে পঢ়ক:দলৰ হৈ কাম কৰাৰ ইচ্ছা নোহোৱা হৈছে অশোক শৰ্মাৰ - Ashok Sarma Controversy
সমান্তৰালকৈ কংগ্ৰেছ দলটোৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰখাৰো ইংগিত প্ৰদান কৰে প্ৰাক্তন বিজেপি বিধায়কগৰাকীয়ে ৷ 20 জুলাইৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে কোনো কথা ৰাজহুৱা নকৰে বুলিও সাংবাদিকৰ আগত কয় ৷ অৰ্থাৎ 20 জুলাইৰ দিনা নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে দলত্যাগৰ কথা ঘোষণা কৰাৰ সম্ভাৱনাই দেখা দিছে ৷
লগতে পঢ়ক:কাৰোবাৰ উচটনিত কথা কৈছে নেকি অশোক শৰ্মাই ? - Ashok Sarma Controversy
উল্লেখযোগ্য যে, দলীয় কাম-কাজত অসন্তুষ্ট হোৱাৰ লগতে চৰকাৰৰ বিভিন্ন কাম-কাজতো অসন্তুষ্টি প্ৰকাশ কৰে অশোক শৰ্মাই ৷ দলত্যাগৰ সমানে সমানে পৰৱৰ্তী সময়ত বৃক্ষৰোপণ আৰু শস্য বিকাশ নিগমৰ অধ্যক্ষৰ দায়িত্বৰ লগতে অশোক শৰ্মাই দলীয় বিভিন্ন দায়িত্ব আৰু প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰো সম্ভাৱনা আছে ৷
তাৎপৰ্যপূৰ্ণভাৱে, বিগত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছৰ পৰা সাংসদ পদত জয় লাভ কৰা গৌৰৱ গগৈক খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অভিনন্দন জনোৱাক কেন্দ্ৰ কৰি বিজেপিত সৃষ্টি হৈছিল মনোমালিন্য ৷ পিছে সেই সময়তে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে বিধায়ক মৃণাল শইকীয়াৰ পক্ষত থাকি এই কাৰ্যক সমৰ্থন জনাইছিল ৷ সেই দিশৰ পৰা চাবলৈ গ’লে অশোক শৰ্মাৰ নতুন ঠিকনা যে কংগ্ৰেছেই হ’ব তাক নুই কৰিব নোৱাৰি ৷
লগতে পঢ়ক:নাৰাজ অশোক শৰ্মাৰ সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য